ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
ভাগৱত পেটেল
ভাগৱত পেটেল ( – ৮ ফেব্ৰুৱাৰী ২০১৯) মধ্যপ্ৰদেশৰ এজন ৰাজনীতিবিদ আছিল। তেঁও বেতুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
মণিকুন্তলা সেন
মণিকুন্তলা সেন (ইংৰাজী: Manikuntala Sen; প্ৰায় ১৯১১–১৯৮৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁৰ বাংলা ভাষাত লিখিত ভাৰতৰ ইতিহাসৰ কিছুমান অতি অশান্ত সময়ত এগৰাকী মহিলা কৰ্মী হিচাপে তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা স্মৃতিগ্ৰন্থ সেইদিনৰ কথাৰ (ইংৰাজীত…
-
মানবেন্দ্ৰ নাথ ৰয়
মানবেন্দ্ৰ নাথ ৰয় (Manabendra Nath Roy) আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল। বিংশ শতাব্দীৰ কুৰি দশকত সুদূৰ লেটিন আমেৰিকা আৰু চীন আদি দেশত গৈ মানবেন্দ্ৰ নাথ ৰয়ে কমিউনিষ্ট আন্দোলনৰ বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ বাবে আজিও বিশ্বৰ…
-
মালতী চৌধুৰী
মালতী দেৱী চৌধুৰী (ইংৰাজী: Malati Devi Choudhury; জন্ম: ২৬ জুলাই ১৯০৪– ১৫ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় নাগৰিক অধিকাৰ কৰ্মী, স্বাধীনতা কৰ্মী আৰু গান্ধীবাদী আছিল। ১৯০৪ চনত উচ্চ মধ্যবিত্তীয় ব্ৰাহ্মণ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল।
-
যমুনা (অভিনেত্ৰী)
যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল। ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে।
-
লীলা ৰায়
লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল। অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ।
-
সত্য দেও সিং
সত্য দেও সিং (২৭ ফেব্ৰুৱাৰী ১৯৪৫ – ১৭ ডিচেম্বৰ ২০২০) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীক প্ৰতিনিধিত্ব কৰি বিভিন্ন দায়িত্বত আছিল।
-
সাৱিত্ৰী জিন্দাল
সাৱিত্ৰী দেৱী জিন্দাল এগৰাকী ভাৰতীয় মহিলা ব্যৱসায়ী। অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দালে উদ্যোগপতি জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক ওম্ প্ৰকাশ জিন্দালৰ লগত ১৯৭০ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০০৫ চনত ওম্ প্ৰকাশ জিন্দালৰ মৃত্যুৰ পাছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষপদত অধিষ্ঠিত হয়।
-
সীতাৰাম য়েচুৰী
সীতাৰাম য়েচুৰী (Sitaram Yechury; ১২ আগষ্ট ১৯৫২ – ১২ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক আছিল। তেওঁ ১৯৯২ চনৰ পৰা চিপিআই(এম)ৰ পলিট ব্যুৰোৰ সদস্য আছিল।
-
ৰজিন্দৰ কৌৰ ভট্টাল
ৰজিন্দৰ কৌৰ ভট্টাল Rajinder Kaur Bhattal (জন্ম ৩০ ছেপ্টেম্বৰ ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য তেওঁ ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে পঞ্জাৱৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী আৰু ২০০৪ চনৰ পৰা ২০০৭ চনলৈকে পঞ্জাৱৰ দ্বিতীয় উপ-মুখ্যমন্ত্ৰী আছিল।.সামগ্ৰিকভাৱে তেওঁ ভাৰতৰ অষ্টম মহিলা…
-
ৰবীন বণীক্য
ৰবীন বণীক্য (ইংৰাজী: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।
-
ৰাজেশ খৈতান
ৰাজেশ খৈতান ( – ১৫ ডিচেম্বৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
ৰূপম কুৰ্মী
ৰূপম কুৰ্মী ( ইংৰাজী: Rupam Kurmi; মৃত্যু ৪ ফেব্ৰুৱাৰী ২০০৪) অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ ৷ তৰুণ গগৈৰ মন্ত্ৰীসভাৰ প্ৰাক্তন নিয়োগ আৰু কাৰুকাৰ্য্য বিভাগৰ মন্ত্ৰী, আৰু মৰিয়নীৰ অসম বিধানসভাৰ সদস্য আছিল ৷তেওৰ পুত্ৰ ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়ক আছিল আৰু এতিয়া ভাৰতীয় জনতা…
-
ৰোজা চেলভামণি
আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনিল অধিকাৰী
অনিল অধিকাৰী ( – ৩১ অক্টোবৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
অপৰাজিতা গোপ্পী
অপৰাজিতা গোপ্পী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৩ চনত অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ২০০৯ চনলৈকে পশ্চিম বংগত দলটোৰ সচিবালয়ৰ সদস্য আছিল। ২০০০ চনলৈকে তেওঁ আছিল ৰাজ্যিক দলৰ সৰ্বোচ্চ পদবীৰ মহিলা। তেওঁ দলটোৰ মহিলা শাখা অল ইণ্ডিয়া প্ৰগ্ৰেছিভ উইমেনছ এছ’চিয়েশ্যনৰ সভানেত্ৰী।
-
অভিজিত মুখাৰ্জী
অভিজিত মুখাৰ্জী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ পশ্চিমবংগৰ জাংগীপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷
-
অৰ্চনা গৌতম
অৰ্চনা গৌতম (ইংৰাজী: Archana Gautam; জন্ম: ১৯৯৪ বা ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গৌতমক ২০১৪ চনত মিছ উত্তৰ প্ৰদেশ হিচাপে মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ ২০১৮ চনত মিছ কচম’ছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আতিক আহমেদ
আতিক আহমেদ হৈছে এজন ভাৰতীয় গেংষ্টাৰ, যি পৰবৰ্তী সময়ত ৰাজনীতিবিদলৈ পৰিণত হৈছিল। তেওঁ সমাজবাদী পাৰ্টিৰ পৰা ভাৰতীয় সংসদ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আহমেদৰ বিৰুদ্ধে ১৬০টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছিল আৰু তেওঁ জেলৰ পৰাই কেইবাটাও নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল।
-
আৰ্শী খান
আৰ্শী খান (ইংৰাজী: Arshi Khan) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, ইন্টাৰনেট চেলিব্ৰিটি, ৰিয়েলিটী টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ বিশেষকৈ বিগ বছ ১১ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।
-
ই এম এছ নামবুদিৰিপাদ
ই এম এছ নামবুদিৰিপাদ ৰ জন্ম হৈছিল ১৯০৯ চনৰ ১৩ জুন আৰু মৃত্যু হৈছিল ১৯৯৮ চনৰ ১৯ মাৰ্চত। নামবুদিৰিপাদক তেওঁৰ নামৰ আৰম্ভণিৰ আখৰ ই.এম.এছ. নামবুৰিদিপাদ হিচাপে বিখ্যাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁ ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। নামবুৰিদিপাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য নাছিল।
-
ঈশ্বৰী বাই
জেট্টি ঈশ্বৰী বাই (১ ডিচেম্বৰ ১৯১৮ – ২৫ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বিধানসভাৰ সদস্য আৰু ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ সভাপতি আছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি উচ্চজাতিৰ হাতত দাসত্ব আৰু জাতিগত বৈষম্যৰ বলি হোৱা পিছপৰা শ্ৰেণীৰ উত্থানৰ বাবে তাই কাম কৰিছিল।
-
এ. নাফিসাথ বিবি
এ. নাফিসাথ বিবি (১৯২৪–২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ ১৫ মাৰ্চ ১৯৬০ৰ পৰা ১০ ছেপ্টেম্বৰ ১৯৬৪লৈকে কেৰালা বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নাফিসাথ বিবিৰ জন্ম হৈছিল ২২ মাৰ্চ ১৯২৪ তাৰিখে, তেওঁৰ পিতৃ আছিল আব্দুল কৰিম আৰু মাতৃ হাৱা উম্মা।
-
এছ জেনিফাৰ চন্দ্ৰন
এছ জেনিফাৰ চন্দ্ৰন (মৃত্যু ৬ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বিধানসভাৰ সদস্য আছিল। তেওঁ ১৯৯৬ চনৰ নিৰ্বাচনত তিৰুচেন্দূৰ বিধানসভা সমষ্টিৰপৰা দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডিএমকে) প্ৰাৰ্থী হিচাপে তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২০০১ চনলৈকে এই আসনৰ বিধায়ক আছিল।
-
এঞ্জেলিকা আৰিবাম
এঞ্জেলিকা আৰিবাম (Angellica Aribam; জন্ম: ২২ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় ৰাজনৈতিক কৰ্মী। লিংগ, জাতি আৰু ৰাজনীতিৰ গণতন্ত্ৰকৰণৰ বিষয়ত তেওঁ কাম কৰি আছে।ভাৰতত মহিলাৰ ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ফেম ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক।
-
কবিতা কৃষ্ণণ
কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।
-
কল্পনা ছাইনী
কল্পনা ছাইনী (Kalpana Saini; জন্ম: ১ অক্টোবৰ ১৯৫৯) ভাৰতীয় জনতা পাৰ্টিৰ (BJP) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰাখণ্ড চৰকাৰৰ পিছপৰা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কাম্যা পাঞ্জাবী
কাম্যা পাঞ্জাবী, লগতে কাম্যা শলভ ডাং (জন্ম: ১৩ আগষ্ট ১৯৭৯) হিচাপেও পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ কেইবাখনো হিন্দী টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত কালাৰ্ছ টিভিৰ ৰিয়েলিটী শ্ব' বিগ বছ ৭ত অংশগ্ৰহণৰ বাবেও তেওঁ জনপ্ৰিয়।
-
কৃষ্ণ কৃপালানী
কৃষ্ণ কৃপালানী (২৯ ছেপ্টেম্বৰ ১৯০৭ – ২৭ এপ্ৰিল ১৯৯২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাহিত্যিক আৰু সাংসদ আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী আৰু ভাৰতীয় সাহিত্যৰ ওপৰত একাধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
কে. বি. সুন্দৰাম্বল
কোডুমুদি বালাম্বল সুন্দৰাম্বল (Kodumudi Balambal Sundarambal; ১৯০৮–১৯৮০) তামিলনাডুৰ ইৰোড জিলাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তামিল চলচ্চিত্ৰত অভিনয় কৰা সুন্দৰাম্বল ভাৰতীয় মঞ্চৰ ৰাণী অভিধাৰে অভিহিত কৰা হয়। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰো এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল।