ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
লক্ষ্মী এন মেনন
লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
লীলা দামোদৰ মেনন
লীলা দামোদৰ মেনন ( Leela Damodara Menon; ৪ জানুৱাৰী ১৯২৩ – ১০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল; ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত কেৰালাক প্ৰতিনিধিত্ব কৰিছিল।
-
লীলাৱতী মুঞ্চি
লীলাৱতী মুঞ্চি (Lilavati Munshi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটী নিবন্ধকাৰ আছিল। ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ বম্বে বিধানসভা আৰু ১৯৫২ চনৰ পৰা ১৯৫৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শশীকলা পুষ্পা
শশীকলা পুষ্পা ( Sasikala Pushpa; জন্ম: ২৭ মে’ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ থুথুকুড়ি পৌৰ নিগমৰ মেয়ৰ আছিল।
-
শীলা কৌল
শীলা কৌল ( Sheila Kaul) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সামাজিক গণতান্ত্ৰিক নেত্ৰী, ৰাজনীতিবিদ, কেবিনেট মন্ত্ৰী আৰু গৱৰ্ণৰ আৰু মৃত্যুৰ সময়ত ভাৰতৰ আটাইতকৈ বয়সিয়াল জীৱিত প্ৰাক্তন সংসদ সদস্য আছিল।
-
শ্বৰীফা হামিদ আলী
শ্বৰীফা হামিদ আলী (Shareefa Hamid Ali, প্ৰায় ১৮৮৩ – ১৯৭১), বেগম হামিদ আলী নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় নাৰীবাদী, জাতীয়তাবাদী, অধিবক্তা আৰু ৰাজনৈতিক ব্যক্তি আছিল। ১৯৩৫ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ
-
শ্যাম কুমাৰী খান
শ্যাম কুমাৰী খান জন্ম: নেহৰু ( Shyam Kumari Khan; ২০ অক্টোবৰ ১৯০৪ – ৯ জুন ১৯৮০) এগৰাকী ভাৰতীয় অধিবক্তা, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।
-
সীতা সোৰেন
সীতা মুৰ্মু ওৰফে সীতা সোৰেন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জামাৰ পৰা ঝাৰখণ্ড বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেত্ৰী ৷ তেওঁ জেএমএমৰ মুৰব্বী শিবু সোৰেনৰ বোৱাৰী আৰু প্ৰয়াত দুৰ্গা সোৰেনৰ পত্নী ৷ তেওঁ ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানত ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰি…
-
সুনেত্ৰা অজিত পাৱাৰ
সুনেত্ৰা অজিত পাৱাৰ ( Sunetra Ajit Pawar; জন্ম: ১৮ অক্টোবৰ ১৯৬৩) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। সম্প্ৰতি তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ পৰা মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ মহাৰাষ্ট্ৰৰ দুগৰাকী উপ-মুখ্যমন্ত্ৰীৰ ভিতৰৰ অন্যতম অজিত পাৱাৰৰ পত্নী।
-
সৰোজ খাপাৰ্ডে
সৰোজ খাপাৰ্ডে ( Saroj Khaparde ) মহাৰাষ্ট্ৰৰ এগৰাকী ৰাজনীতিবিদ। খাপাৰ্ডে ৰাজ্যসভাত পাঁচটাকৈ কাৰ্যকাল নিৰ্বাহ কৰা দ্বিতীয় সৰ্বাধিক দীৰ্ঘদিনীয়া সংসদৰ সদস্য; ছটা কাৰ্যকাল নিৰ্বাহ কৰা নাজমা হেপতুল্লাৰ প্ৰথম স্থানত আছিল। তেওঁ ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ সহযোগী আছিল, আৰু গান্ধীৰ সকলো ভ্ৰমণতে তেওঁ সংগ দিছিল।
-
সৰোজিনী বাবৰ
সৰোজিনী বাবৰ ( Sarojiny Babar; ৭ জানুৱাৰী, ১৯২০ – ২০ এপ্ৰিল, ২০০৮) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী সাহিত্যিক আৰু ৰাজনীতিবিদ। ড° বাবৰৰ ১৯২০ চনৰ ৭ জানুৱাৰীত মহাৰাষ্ট্ৰৰ সাংগালী জিলাৰ বাগানী চহৰত জন্ম হৈছিল।
-
সৰোজিনী হেমব্ৰাম
সৰোজিনী হেমব্ৰাম (ইংৰাজী: Sarojini Hembram; ১ অক্টোবৰ ১৯৫৯) ওড়িশা ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বিজু জনতা দলৰ (BJD) এগৰাকী সক্ৰিয় কৰ্মকৰ্তা। ২০০৯ চনত বাংৰিপোছি (ওড়িশা বিধান সভা সমষ্টি)ৰ পৰা ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈ ওড়িশা চৰকাৰৰ বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্পৰ মন্ত্ৰী হয়।
-
হামিদা হবিবুল্লা
বেগম হামিদা হবিবুল্লা (Hamida Habibullah; ২০ নৱেম্বৰ ১৯১৬ -১৩ মাৰ্চ ২০১৮) হ'ল এগৰাকী ভাৰতীয় সাংসদ, শিক্ষাবিদ আৰু সমাজকৰ্মী। তেওঁক স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ভাৰতত ভাৰতীয় নাৰীৰ প্ৰতিষ্ঠিত মুখ বুলি কোৱা হয়।
-
হৰচিমৰত কৌৰ বাদল
হৰচিমৰত কৌৰ বাদল (জন্ম: ২৫ জুলাই ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য।
-
ৰজনী অশোকৰাও পাটিল
ৰজনী অশোকৰাও পাটিল ( Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য। তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক। তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।
-
ৰত্না দেৱনাথ
ৰত্না দেৱনাথ (Ratna Debnath)পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ২০২৬ চনৰ পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পশ্চিমবংগ পানীহাটী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰাখী বিৰলা
ৰাখী বিৰলা (জন্ম ১৯৮৭) এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমী পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়।
-
ৰাম প্ৰবেশ মণ্ডল
ৰাম প্ৰবেশ মণ্ডল পশ্চিমবঙ্গৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।
-
ৰূপালী গাঙ্গুলী
ৰূপালী গাঙ্গুলী (জন্ম ৫ এপ্ৰিল ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন জগতত কাম কৰে। হিন্দী টেলিভিছনত নাৰীৰ চৰিত্ৰ উপস্থাপনৰ ধাৰণাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগভাগ লোৱা অভিনেত্ৰী হিচাপে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰেখা গুপ্তা
ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম।
-
ৰোডা হোমী মিস্ত্ৰী
ৰোডা হোমী মিস্ত্ৰী ( Roda Homi Mistry; ১৬ অক্টোবৰ ১৯২৮- ৮ জুন ২০০৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু হায়দৰাবাদৰ গাচীবৌউলিত অৱস্থিত ৰোডা মিস্ত্ৰী কলেজ অফ ছোচিয়েল ৱৰ্ক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিষ্ঠাপক।