সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে।১ ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।২ পশ্চিমবংগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।৩ ২০২৪ চনত তেওঁ পশ্চিম বংগ বিধানসভাৰ বৰানগৰ বিধান সভা সমষ্টিৰ বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল।
কৰ্মজীৱন
নাচ ডুম মাচা লে নামৰ ডান্সিং ৰিয়েলিটি শ্বʼৰ জৰিয়তে বন্দ্যোপাধ্যায়ে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ টাৰ্গেট, হেংগঅভাৰ আৰু মনে পৰে আজও সেই দিন আদি ছবিত অভিনয় কৰিছিল, যিবোৰে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল। ২০১২ চনত তেওঁ অভিনেতা জিতৰ বিপৰীতে আৱাৰা নামৰ ছবিখনত অভিনয় কৰিছিল; যিখনে বক্স অফিচত ব্যৱসায়িক সফলতা লাভ কৰিছিল।১ ২০১২ চনত তেওঁ শ্বুটাৰ শীৰ্ষক আন এখন ছবিত অভিনয় কৰিছিল; ছবিখনৰ পৰ্যালোচনাত দ্য টাইমছ অৱ ইণ্ডিয়াই লিখিছে:৪
"বোলছবিখনে সম্পূৰ্ণৰূপে সেই যুগ যুগ ধৰি চলি অহা ধাৰণাটোৰ গোন্ধ লৈছে যিটোৱে নিশ্চিতভাৱে এতিয়া আৰু কাম নকৰে। তদুপৰি অভিনেতা জয়ৰ (যিজনে মুখ্য নায়ক দিব্য ওৰফে দেবাৰ চৰিত্ৰত অভিনয় কৰিছিল), দুৰ্বল সংলাপ আৰু যথেষ্ট পৰিমাণৰ অশ্লীলতা আৰু অপ্ৰয়োজনীয় হিংসাই ইয়াক আৰু অধিক বেয়া কৰি তুলিছিল। মেঘনাৰ চৰিত্ৰত সায়ন্তিকাই কিছু সম্ভাৱনা দেখুৱাইছিল।"
টেলিভিছন
| বৰ্ষ | প্ৰদৰ্শনী | চেনেল |
|---|
| ২০০৮ | নাচ ধূম মাচা লেই | ৰূপসী বাংলা |
| ২০১৫ | বিন্দাস ডান্স | ৰং বাংলা |
| ২০১৭ | বিন্দাস ডান্স মৌসুম ২ | ৰং বাংলা |
ব্ৰেণ্ড এম্বেছাদৰ
| দল | ক্ৰিকেট লীগ |
|---|
| বেংগল টাইগাৰ | চেলিব্ৰিটি ক্ৰিকেট লীগ (চিচিএল) |
| মিডনাপুৰ মাইটিছ | বংগ ক্ৰিকেট লীগ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | শিতান | চলচ্চিত্ৰ | ফলাফল |
|---|
| ২০১২ | বংগ যুৱ বঁটা | আনন্দৰ সৈতে শ্ৰেষ্ঠ ৰোমাণ্টিক জোড়ী | মনে পৰে আজও সেই দিন | |
| ২০১৩ | বংগ যুৱ বঁটা | জনপ্ৰিয় যুৱ তাৰকা (মহিলা) | আৱাৰা | |
| ২০১৮ | বংগ যুৱ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | আমি যে কে তোমাৰ | |
চলচ্চিত্ৰপুঞ্জী
| +চাবি | | এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায় |
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | সহ-শিল্পী | প্ৰযোজক | টোকা |
|---|
| ২০০৯ | ঘৰ সংসাৰ | মিলি | স্বপন সাহা | যীশু, অঞ্জনা বসু, অৰিন্দম গাঙ্গুলী, ৰমেন ৰায়চৌধুৰী, প্ৰেমজিৎ | ব্ৰেণ্ড ভেলু কমিউনিকেশ্যন | |
| ২০১০ | টাৰ্গেট: দ্য ফাইনেল মিছন | প্ৰীতি | ৰাজা চন্দ | মিথুন চক্ৰৱৰ্তী, জয়, নীল মুখাৰ্জী, সন্তু মুখাৰ্জী, সোণালী চৌধুৰী | ব্ৰেণ্ড ভেলু কমিউনিকেশ্যন | |
| হেঙ্গঅʼভাৰ | মিলি মিত্ৰ | প্ৰভাত ৰায় | প্ৰসেনজিৎ, জয়, শুভ্ৰ কুণ্ডু | ব্ৰেণ্ড ভেলু কমিউনিকেশ্যন | |
| ২০১১ | পাপী | আইপিএছ জ্যোতি | স্বপন সাহা | প্ৰসেনজিৎ, আৰ্য বব্বৰ | ব্ৰেণ্ড ভেলু কমিউনিকেশ্যন | |
| মনে পৰে আজও সেই দিন | সুনয়না | অজয় সিং আৰু সুদীপ্ত ঘটক | জয়, অভিৰাজ | পিবি ফিল্মছ | ৫ |
| ২০১২ | আৱাৰা | পৌলোমি | ৰবি কিনাগী | জিৎ, মুকুল দেৱ | শ্ৰী ভেংকটেশ ফিল্মছ্ | |
| শ্বুটাৰ | মেঘনা | প্ৰভাস আৰু অৰিজিৎ | জয় | সৃষ্টি এণ্টাৰটেইনমেণ্ট | |
| ২০১৪ | বিন্দাছ | কাজল | ৰাজীৱ কুমাৰ বিশ্বাস | দেৱ, শ্ৰাবন্তী চট্টোপাধ্যায় | শ্ৰী ভেংকটেশ ফিল্মছ্ | ৬ |
| ২০১৫ | হিৰোগিৰি | ডাঃ নন্দিনী | ৰবি কিনাগী | দেৱ, মিথুন চক্ৰৱৰ্তী, কোয়েল মল্লিক | সুৰিন্দৰ ফিল্মছ | |
| ২০১৬ | পাৱাৰ | অঞ্জলি | ৰাজীৱ কুমাৰ বিশ্বাস | জিৎ, নুছৰত জাহান | শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছ | ৭ |
| কেলোৰ কীৰ্তি | প্ৰিয়া | ৰাজা চন্দ | দেৱ, যীশু, অংকুশ, মিমি চক্ৰৱৰ্তী, কৌশানী মুখোপাধ্যায়, নুছৰত জাহান | শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছ | |
| অভিমান | সৃজনী | ৰাজ চক্ৰৱৰ্তী | জিৎ, শুভশ্ৰী গাংগুলী | ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট, গ্ৰাছৰুট এণ্টাৰটেইনমেণ্ট আৰু ৱালজেন মিডিয়া ৱৰ্কচ | ৮ |
| ব্যোমকেশ পৰ্ব | গুলাব বাই | অৰিন্দম শীল | আবিৰ চট্টোপাধ্যায়, সোহিনী সৰকাৰ | শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছ | ৯ |
| ২০১৭ | আমি যে কে তোমাৰ | প্ৰাচী | ৰবি কিনাগী | অংকুশ, নুছৰত জাহান, জয় | এছভিএফ এণ্টাৰটেইনমেণ্ট | |
| ২০১৮ | উমা | মেনকা | সৃজিত মুখোপাধ্যায় | যিশু সেনগুপ্ত, সাৰা সেনগুপ্ত | এছভিএফ এণ্টাৰটেইনমেণ্ট | |
| নাকাব | অনুৰাধা | ৰাজীৱ কুমাৰ বিশ্বাস | শাকিব খান, নুছৰত জাহান | এছভিএফ এণ্টাৰটেইনমেণ্ট | |
| বাঘ বন্দী খেলা | দেৱশ্ৰী | ৰাজা চন্দ, সুজিত মণ্ডল, হৰনাথ চক্ৰৱৰ্তী | জিৎ, প্ৰসেনজিৎ, সোহম চক্ৰৱৰ্তী, শ্ৰাবন্তী চট্টোপাধ্যায়, ঋত্বিকা সেন | সুৰিন্দৰ ফিল্মছ আৰু জলসা মুভিজ | |
| ২০১৯ | শেষ থেকে শুৰু | মধুবালা | ৰাজ চক্ৰৱৰ্তী | জিৎ, কোয়েল মল্লিক, ঋতাভৰী চক্ৰৱৰ্তী | জীতজ ফিল্মৱৰ্কছ | "মধুবালা" গীতটিত বিশেষ উপস্থিতি |
| ২০২২ | চেভিংছ একাউণ্ট | | ৰাজা চন্দ | অংকুশ হাজৰা | শ্বেডো ফিল্মছ, আৰটি নেটৱৰ্ক, সৌমি'চ্ | |