মাণিক চৰকাৰ (Manik Sarkar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ১৯৯৮ৰ মাৰ্চৰ পৰা ২০১৮ৰ মাৰ্চলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আছিল। তেওঁ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰ' সদস্য।১২ মাৰ্চ ২০০৮ত তেওঁ ত্ৰিপুৰাৰ বাঁও মৰ্চা চৰকাৰৰ নেতা ঘোষিত হয়৩ আৰু ২০১৩ত তেওঁ ৪ৰ্থবাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।৪ বৰ্তমানে তেওঁ ত্ৰিপুৰা বিধানসভাৰ বিৰোধী দলপতি। ২০১৮ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা শপতনামা অনুযায়ী তেওঁঁ ভাৰতৰ দৰিদ্ৰতম মুখ্যমন্ত্ৰী আছিল।৫৬৭
ৰাজনৈতিক জীৱন
চিপিআই(এম)ৰ ৰাজ্যিক কমিটিত ৬ বছৰ থকাৰ পাছত তেওঁক ১৯৭৮ত পাৰ্টি সচিবালয়ত দাখিল কৰা হ'ল। সেই বছৰেই বাওঁ মৰ্চাই ত্ৰিপুৰাৰ শাসনভাৰ দখল কৰিছিলে।
৩১ বছৰ বয়সত, ১৯৮০ চনত তেওঁ ত্ৰিপুৰা বিধান সভাৰ সদস্য নিৰ্বাচিত হ'ল আগৰতলা সমষ্টিৰ পৰা। ই আছিল তেওঁৰ ৰাজ্যিক নেতৃত্বগ্ৰহণৰ আৰম্ভণি।৮ একে সময়তে তেওঁক চিপিআই(এম)ৰ চিফ হুইপ পতা হ'ল। ১৯৮৩ত তেওঁ কৃষ্ণনগৰ, আগৰতলাৰপৰা বিধান সভাৰ সদস্য হিচাপে জয়ী হ'বলৈ সক্ষম হ'ল। ১৯৯৩ত বাওঁ মৰ্চাই ক্ষমতা লাভ কৰাত তেওঁক চিপিআই(এম)ৰ ৰাজ্য সচিবৰ পদত অধিষ্ঠিত কৰোৱা হ'ল।
১৯৯৮ চনত, ৪৯ বছৰ বয়সত তেওঁ চিপিআই(এম)ৰ পলিটব্যুৰ'ৰ সদস্য হ'ল- যি এই দলৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰক আৰু কাৰ্যকৰী সমিতি।৯ সেই বছৰেই তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। তেওঁ চাৰিবাৰ জয়ী হৈ ২০ বছৰৰ বাবে সেই আসন লাভ কৰিলে। তেওঁ ভাৰতৰ খুব কম সংখ্যক মুখ্যমন্ত্ৰীৰ ভিতৰত যিয়ে ইমান দীৰ্ঘ সময়ৰ বাবে শাসনভাৰ চম্ভালিবলৈ সক্ষম হৈছে। ২০১৮ চনৰ নিৰ্বাচনত তেওঁৰ দলে সংখ্যাগড়িষ্ঠতা লাভ নকৰা আৰু চৰকাৰ গঠন কৰিবলৈ অসনৰ্থ হোৱাত তেওঁৰ মুখ্যমন্ত্ৰী ৰূপে ধাৰাবাহিক কাৰ্যকাল সমাপ্ত হ'ল।
ব্যক্তিগত জীৱন
চৰকাৰৰ পত্নী পাঞ্চালী ভট্টাচাৰ্য। চৰকাৰ আৰু চৰকাৰৰ পত্নী উভয়ে এক সাধাৰণ জীৱন যাপন কৰে। তেওঁ নিজৰ সনসাময়িক মুখ্যমন্ত্ৰীসকলৰ মাজত একমাত্ৰজন যাৰ নিজৰ ঘৰ বা গাড়ী নাই।১০ তেওঁ নিজৰ ককাকৰ এক পুৰণি আৰু সৰু ঘৰত থাকিছিল। নিজৰ দৰমহা তেওঁ পাৰ্টিক দান কৰিছিল। মাহে দহ হাজাৰ টকা তেওঁক পাৰ্টিয়ে জীৱন যাপন কৰিবলৈ প্ৰদান কৰিছিল।১১১২১৩
তথ্যসূত্ৰ
- ↑ List of Politburo Members
- ↑ Central Committee Elected at the 19th Congress
- ↑ 6th Left Front Govt Assumes Office
- ↑ (25 January 2013). ?Manik Sarkar, the Corrupted CM. The Hindu
- ↑ www.indiatoday.in/amp/india/story/with-just-rs-2
- ↑ (26 January 2013). Manik Sarkar 'cleanest and poorest' CM. Deccan Herald
- ↑ (26 January 2013). Manik Sarkar: Poorest CM in the country. Times of India
- ↑ A Profile of Shri Manik Sarkar, Chief Minister, Tripura. Tripura Info
- ↑ Politburo. Merriam Webster
- ↑ Chief Minister Sarkar: India's Icon of Honesty. Silicon India
- ↑ (2018-01-31). India’s poorest CM is poorer than his wife. The Hindu
- ↑ Tripura CM Manik Sarkar is one of India's poorest CMs, has only Rs 2,410 in bank account - Firstpost. www.firstpost.com
- ↑ Chandrababu Naidu is richest CM, Manik Sarkar poorest: Report - Times of India ►. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাণিক চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪২৩৬৭৭ (২০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।