তনুশ্ৰী চক্ৰৱৰ্তী (Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ বঙালী ভাষাৰ চলচ্চিত্ৰত কাম কৰে।১২৩
চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ বিভিন্ন টেলিভিছন শ্ব’তো কাম কৰি আহিছে। শেহতীয়াকৈ তেওঁ জি বাংলা চেনেলত সম্পূৰ্ণা নামৰ এটা সৌন্দৰ্য্য আৰু জীৱনশৈলী সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজক হিচাপে কাম কৰিছে। তনুশ্ৰী চক্ৰৱৰ্তীয়ে ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে,৪৫ আৰু ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত শ্যামপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়।৬ কলকাতাত তেওঁৰ দুখন ৰেষ্টুৰেণ্ট আছে।৭
প্ৰাৰম্ভিক জীৱন
১৯৮৪ চনৰ ৬ আগষ্টত হায়দৰাবাদৰ বঙালী পৰিয়াল এটিত জন্মগ্ৰহণ কৰা চক্ৰৱৰ্তী কলকাতাৰ কমলা গাৰ্লছ হাইস্কুলৰ ছাত্ৰী আছিল। পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাসন্তী দেৱী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।৮
কৰ্মজীৱন
স্কুলীয়া শিক্ষা সাং কৰি চক্ৰৱৰ্তীয়ে মডেল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত মডেলিং কিহৰ দ্বাৰা গঠিত সেই বিষয়েও তেওঁৰ সম্পূৰ্ণ ধাৰণা নাছিল। স্বল্পসময়ৰ বাবে মডেল হিচাপে কাম কৰাৰ লগতে তেওঁ অনেক বিজ্ঞাপনতো অভিনয় কৰিছিল। যাৰ ভিতৰত এটি আছিল প্ৰাণ পাউডাৰ স্পাইচৰ বাংলাদেশী বিজ্ঞাপন যিটো দুয়োখন বংগতে অতি জনপ্ৰিয় আছিল। ২০১১ চনত, উড়ো চিঠি নামৰ ছবিখনত অভিনয়েৰে তেওঁ অভিনেত্ৰী ৰূপে নজৰলৈ আহে।৮ বেডৰুম (২০১২), অভিশপ্ত নাইটি (২০১৪), উইণ্ডো কানেকচনছ (২০১৪), বুনো হাঁস (২০১৪) আদি বঙালী চলচ্চিত্ৰসমূহত অভিনয়েৰে তেওঁ জনপ্ৰিয়তা লাভ কৰে।
চলচ্চিত্ৰপুঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | সহশিল্পী |
|---|---|---|---|
| ২০২৩ | মায়া | ৰাজৰ্ষি দে | ৰাফিয়াথ ৰশিদ মিথিলা, ৰিচা শৰ্মা, গৌৰৱ চক্ৰবৰ্তী, ৰাহুল বন্দ্যোপাধ্যায় |
| ২০১৫ | ক্ৰছ কানেকচন ২ | অভিজিত গুহ, সুদেষ্ণা ৰায় | শায়ান মুন্সি |
| ২০১৫ | ইচ্ছেমতিৰ গপ্প | অতনু হাজৰা | শাশ্বত চট্টোপাধ্যায় |
| ২০১৪ | খাদ | কৌশিক গঙ্গোপাধ্যায় | মিমি চক্ৰৱৰ্তী |
| ২০১৪ | বুনো হাঁস | অনিন্দ্য ৰায় চৌধুৰী | দেব, শ্ৰাবন্তী |
| ২০১৪ | উইণ্ডো কানেকচনছ'' | আৰ.কে. গুপ্ত | আৰিয়ান ভৌমিক |
| ২০১৪ | অভিশপ্ত নাইটি | বিৰছা দাশগুপ্ত | ৰাহুল বন্দ্যোপাধ্যায়, ভাস্বৰ চট্টোপাধ্যায়, পৰমব্ৰত চট্টোপাধ্যায়, লকেট চট্টোপাধ্যায় |
| ২০১৩ | বসন্ত উৎসব | ঋতুব্ৰত ভট্টাচাৰ্য | পৰমব্ৰত চট্টোপাধ্যায়, পীযূষ গঙ্গোপাধ্যায়, পাওলি দাম, স্বস্তিকা মুখোপাধ্যায় |
| ২০১২ | ছোয়ান | ||
| ২০১২ | কয়েকটি মেয়েৰ গল্প | সন্দীপন ৰায় | পাৰ্ণো মিত্ৰ, ৰাইমা সেন |
| ২০১২ | ভালবাসা অফ ৰুট | অৰুনবা খাসনবীস | ৰাহুল বন্দ্যোপাধ্যায়, ৰুদ্ৰনীল ঘোষ, শাশ্বত চট্টোপাধ্যায় |
| ২০১২ | বেডৰুম | মৈনাক ভৌমিক | ইন্দ্ৰনীল ঘোষ, আবীৰ চট্টোপাধ্যায়, পাওলী দাম |
| ২০১১ | উড়ো চিঠি | কমলেশ্বৰ মুখোপাধ্যায় | ইন্দ্ৰনীল সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ |
| ২০১০ | বন্ধু এসো তুমি | পাৰ্থসৰ্থী জয়াৰধৰ | সুজয় ঘোষ |
ৰিয়েলিটি শ্ব'
- দিদি নং ১ (২০১০) জি বাংলা
- এবাৰ জলছা ৰান্নাঘৰে (২০১৫) ষ্টাৰ জলছা
লগতে চাওক
- ঊষসী চক্ৰৱৰ্তী
তথ্যসূত্ৰ
- ↑ 2013 Times of India article—A fragrant autumn for Tanusree Chakraborty
- ↑ 2014 Times of India article—Men are moderately mad about me: Tanusree Chakraborty
- ↑ 2014 Times of India article—I was inspired by Shah Rukh Khan in Happy New Year: Tanusree Chakraborty
- ↑ Bengali actor Tanusree Chakraborty joins BJP
- ↑ (28 March 2021). TMC candidate Madan Mitra celebrates Holi with BJP nominees on Hooghly river
- ↑ (5 April 2021). https://www.news18.com/news/politics/west-bengal-elections-2021-bjp-candidate-tanushree-chakraborty-campaigns-in-shyampur-seat-3609437.html
- ↑ https://www.telegraphindia.com/west-bengal/hungry-souls-draw-a-swiggy-blank/cid/1503533
- ↑ Sanyal, Supratim. (12 August 2011). Interview: Actress Tanusree Chakraborty On Bengali Films Uro Chithi, Bhalobasha Off Route E, Bedroom & her Tollywood Experience. WBRi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনুশ্ৰী চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪৯২৯৬২ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।