ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
কৰ্পূৰী ঠাকুৰ
কৰ্পূৰী ঠাকুৰ (Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল…
-
নাজমা হেপতুল্লা
নাজমা আকবৰ আলি হেপতুল্লা (નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল। ইয়াৰ লগতে তেওঁ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত অধিষ্ঠিত হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপাধ্যক্ষ।
-
নিৰ্মলা সীতাৰমন
নিৰ্মলা সীতাৰমন (Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী।
-
নীতিন গাডকাৰী
নীতিন জয়ৰাম গাডকাৰী (; জন্ম ২৭ মে' ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল।
-
পায়েল সৰকাৰ
পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
-
পি এ চাংমা
পুৰ্ণ অগিটোক চাংমা এজন ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ মেঘালয়ৰ চতুৰ্থ মুখ্যমন্ত্ৰী আৰু ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ লোকসভাৰ একাদশ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লক্ষ্মণ আচাৰ্য
লক্ষ্মণ প্ৰসাদ আচাৰ্য (Lakshman Prasad Acharya) (জন্ম: ৩ অক্টোবৰ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰ ৩০ জুলাইৰ পৰা অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২৩ চনৰ পৰা ২০২৪ চনলৈকে তেওঁ ছিকিমৰ ১৭তম ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ আছিল।
-
শ্ৰাবন্তী চট্টোপাধ্যায়
শ্ৰাবন্তী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এবিপি নিউজৰ প্ৰাক্তন সাংবাদিকা তথা বাতৰি পৰিৱেশিকা আছিল। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।
-
সাৰদা (অভিনেত্ৰী)
সাৰদা বা সৰস্বতী দেৱী ( Sharada; জন্ম: ২৫ জুন ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক নেতা। তেওঁ তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তেওঁ মালয়ালম আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি আৰ্জিছে।
-
সুমিত্ৰা মহাজন
সুমিত্ৰা মহাজন (Sumitra Mahajan, জন্ম: ১২ এপ্ৰিল ১৯৪৩) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু লোকসভাৰ ১৬তম অধ্যক্ষ। তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
আছাদুদ্দিন ওৱাইছি
আছাদুদ্দিন ওৱাইছি এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ সভাপতি। হায়দৰাবাদৰ পৰা লোকসভাৰ সদস্য হিচাপে ৫ বাৰকৈ নিৰ্বাচিত হৈছে।
-
ঔম বিৰলা
ঔম বিৰলা (Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
কনৰাড চাংমা
কনৰাড কংকল চাংমা (Conrad Kongkal Sangma; জন্ম: ২৭ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মেঘালয়ৰ দ্বাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০১৮ চনৰ পৰা তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। তেওঁ নেছনেল পিপলছ পাৰ্টিৰ সদস্য। তেওঁৰ পিতৃ পি. এ.
-
জয়া প্ৰদা
জয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ জয়া প্ৰদা আছিল সত্তৰ, আশী আৰু নবৈৰ দশকত তেলেগু আৰু হিন্দী ভাষাৰ ছবিজগতৰ এগৰাকী প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী৷ তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ বিজয়ী জয়া প্ৰদাই একাধিক তামিল,…
-
তাৰা (কন্নড় অভিনেত্ৰী)
অনুৰাধা (Anuradha; জন্ম ৪ মাৰ্চ ১৯৭১) যাৰ মঞ্চ-নাম তাৰা, তেওঁ এগৰাকী কন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। ২০০৯ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰে আৰু ২০১২ চনত এগৰাকী মনোনীত সদস্যৰূপে কৰ্ণাটক বিধানসভাত প্ৰবেশ কৰে।
-
দাদাভাই নৌৰজী
দাদাভাই নৌৰজী আছিল এজন ভাৰতৰ প্ৰথম শ্ৰেণীৰ ৰাজনীতিবিদ। তেওঁ ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় আছিল। নৌৰজী ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বিখ্যাত, যাৰ ভিতৰত তেওঁ প্ৰতিষ্ঠাপক সদস্য আৰু তিনিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল।
-
দীনেশ গোস্বামী
দীনেশ গোস্বামী (Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত আইন আৰু ন্যায় মন্ত্ৰী আছিল। ১৯৮৫ চনত গুৱাহাটী সমষ্টিৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্যও আছিল।
-
প্ৰিয়ংকা গান্ধী
প্ৰিয়ংকা গান্ধী (Priyanka Gandhi; জন্ম ১২ জানুৱাৰী ১৯৭২), অথবা বিবাহিত নাম প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূব উত্তৰ প্ৰদেশৰ দায়িত্বত থকা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহাসচিব।
-
ববিতা কুমাৰী
ববিতা কুমাৰী ফোগাট (Babita Kumari Phogat; জন্ম ২০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা, যি ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক জিকিছিল। তেওঁ ২০১৮ কমনৱেলথ গেমছ আৰু ২০১০ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু ২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
-
বুটা সিং
বুটা সিং (Buta Singh, ২১ মাৰ্চ ১৯৩৪ - ২ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা…
-
মনোহৰ পাৰিকৰ
মনোহৰ পাৰিকৰ (১৩ ডিচেম্বৰ ১৯৫৫ - ১৭ মাৰ্চ ২০১৯) এজন ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। ২০১৭ চনৰ ১৭ মাৰ্চৰ পৰা মৃত্যু পৰ্যন্ত তেখেত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ আগতেও ২০০০ চনৰ পৰা ২০০৫ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ তেখেত গোৱাৰ মুখ্যমন্ত্ৰী আছিল।
-
শবনম মৌচি
শবনম বানু জনপ্ৰিয় ভাবে শবনম মৌচি (Shabnam Mausi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এলজিবিটি সমাজকৰ্মী। তেওঁ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ বিধানসভাৰ সদস্য। হিজিৰা সম্প্ৰদায়ৰ অন্তৰ্গত শবনম মৌচি ভাৰতৰ প্ৰথম কিন্নৰ বিধায়ক। হিজিৰা সমাজক ১৯৯৪ চনত ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছিল।
-
হংসা জীৱৰাজ মেহতা
হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।
-
আগথা চাংমা
আগথা কঙ্গকাল চাংমা (জন্ম ২৪ জুলাই ১৯৮০) ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য (এম.পি) আৰু ১৫ তম লোকসভাৰ সদস্য আছিল। ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এন.চি.পি) প্ৰাৰ্থী হিচাপে তেওঁ মেঘালয়ৰ তুৰা নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিছিল।
-
আতিশী
আতিশী মাৰ্লেনা সিং (Atishi, জন্ম: ৮ জুন ১৯৮১) এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক তথা দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ আতিশী মাৰ্লেনা নামেৰে পৰিচিত। তেওঁ আম আদমি পাৰ্টীৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্য।
-
আনন্দীবেন পেটেল
আনন্দীবেন মফটভাই পেটেল ( Anandiben Patel; জন্ম: ২১ নৱেম্বৰ ১৯৪১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ২০১৯ চনৰ পৰা উত্তৰ প্ৰদেশৰ ২০তম আৰু বৰ্তমানৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আহমেদ পেটেল
আহমেদভাই মহম্মদভাই পেটেল জনপ্ৰিয়ভাৱে আহমেদ পেটেল (Ahmed Patel, ২১ আগষ্ট ১৯৪৯ – ২৫ নৱেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীৰ লগতে সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। তেওঁ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আছিল।
-
এন চন্দ্ৰবাবু নাইডু
নৰ চন্দ্ৰবাবু নাইডু (Nara Chandrababu Naidu; জন্ম: ২০ এপ্ৰিল ১৯৫০) সাধাৰণতে চিবিএন নামেৰে জনাজাত এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেলেগুভাষী ৰাজ্যসমূহৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক দিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ তেওঁৰ দখলত আছে।
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।