অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰা সিং

মাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাকী ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা৷ তেখেতৰ পৃষ্ঠপোষকতাত শিৰোমণি গুৰুদ্বাৰা প্ৰভণ্ডক সমিতি গঠিত হৈছিল৷ ভাৰত-বিভাজনৰ সময়ত শিখসকলক পৰিচালিত কৰাতো তেখেতৰ ভূমিকা আছিল মন কৰিবলগীয়া৷ তেখেতে এই বিভাজনৰ বিৰোধ…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ
Tara Singh 1985 stamp of India.jpg
ছবি: India Post, Government of India · GODL-India

মাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাকী ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা৷ তেখেতৰ পৃষ্ঠপোষকতাত শিৰোমণি গুৰুদ্বাৰা প্ৰভণ্ডক সমিতি গঠিত হৈছিল৷ ভাৰত-বিভাজনৰ সময়ত শিখসকলক পৰিচালিত কৰাতো তেখেতৰ ভূমিকা আছিল মন কৰিবলগীয়া৷ তেখেতে এই বিভাজনৰ বিৰোধ কৰিছিল৷১ পৰৱৰ্তী সময়ত তেখেতে পঞ্জাবত এখন শিখপ্ৰধান ৰাজ্য গঠন কৰাৰ পোষকতা কৰিছিল৷ তেখেতৰ জীয়ৰী, ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদ ৰাজিন্দৰ কৌৰ বাথিন্দাত শিখ সশস্ত্ৰবাদীৰ হাতত নিহত হয়৷ ২৩

প্ৰাৰম্ভিক জীৱন

বৰ্তমান পাকিস্তানৰ অন্তৰ্গত আৰু তেতিয়াৰ ব্ৰিটিছ ভাৰতত অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ এটি খত্ৰী পৰিয়ালত ১৮৮৫ চনৰ ২৪ জুনত তাৰা সিঙৰ জন্ম হৈছিল৷ ৪ ১৯০৭ চনত অমৃতসৰৰ খালছা কলেজৰ পৰা স্নাতক ডিগ্ৰী দখল কৰি তাৰা সিঙে উচ্চ বিদ্যালয় এখনৰ শিক্ষক হৈছিলগৈ৷ তেখেতৰ শৈক্ষিক কৰ্মজীৱনটো শিখ স্কুলীয়া ব্যৱস্থাৰ অন্তৰ্ভুক্ত আৰু তেখেতৰ নামৰ আগত ব্যৱহাৰ হোৱা মাষ্টাৰ শব্দটোৱে সেইছোৱা কালক প্ৰতিনিধিত্ব কৰে৷

ৰাজনৈতিক জীৱন

শিখবাদৰ প্ৰচাৰ আৰু সংৰক্ষণত তাৰা সিং সদায়েই উৎসাহী আছিল৷ ইয়াৰ বাবে তেখেত আইনী কৰ্তৃত্বৰ কঠোৰ চকুত পৰিছিল আৰু ১৯৩০ চনৰ পৰা ১৯৬৬ চনলৈকে বিভিন্ন উপলক্ষ্যত আইন অমান্য কৰি তেখেত কাৰাগাৰলৈ গৈছিল৷ তেখেত মহাত্মা গান্ধীৰ আন্দোলনৰ ঘনিষ্ঠ আছিল৷ পৰৱৰ্তী সময়ত তেখেত শিৰোমণি আকালী দলৰ এজন নেতাৰ আসনত বহে৷ ইয়াৰ লগতে তেখেত শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ লগতো জড়িত হৈছিল৷ এইটো আছিল গুৰুদ্বাৰা ব্যৱস্থাপনাৰ সৰ্বোচ্চ সমিতি৷

ভাৰতৰ বিভাজন

বাকীসকল শিখ সংগঠনৰ লগত তাৰা সিঙ আৰু শিৰোমণি আকালী দলে লাহোৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল৷ স্বাভাৱিকতে তেওঁ ভাৰতৰ বিভাজনকামী নীতিৰো সমৰ্থন কৰা নাছিল৷ তেখেতে কৈছিল যে তেখেতৰ দলটোৱে পাকিস্তানৰ ধাৰণাটোৰ বিৰুদ্ধে প্ৰাণপণে যুঁজ দিব৷ ১

স্বৰাজোত্তৰ ভাৰতত

তাৰা সিঙৰ সবাতোকৈ বিশিষ্ট লক্ষ্যটো আছিল এখন পঞ্জাবীভাষী ৰাজ্য গঠন কৰা৷ তেওঁ বিশ্বাস কৰিছিল যে ইয়াৰ জৰিয়তে শিখসকলৰ ধৰ্মীয় আৰু ৰাজনৈতিক সংহতি অক্ষুণ্ণ থাকিব৷ ১৯৬১ চনত অমৃতসৰৰ গোল্ডেন টেম্পলত তেখেতে ভোক হৰতাল আৰম্ভ কৰিছিল আৰু জৱাহৰলাল নেহৰুৱে তেখেতৰ দাবী মানী নোলোৱালৈকে এই প্ৰতিবাদ জাৰী থাকিব বুলি সংকল্প লৈছিল৷ নেহৰুৱে কৈছিল যে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্মীয় বিবিধতাৰ ভিত্তিত ৰাজ্য এখন গঠন হোৱাটো অসংগত কথা৷ যি কি নহওক, নেহৰুৱে বিষয়টো চিন্তা কৰি চোৱাৰ আশ্বাস দিছিল৷ ৪৮ চনৰ পিছত তাৰা সিঙে নিজৰ অনশন ভাঙিছিল৷ সিঙৰ অনুগামীসকল তেতিয়া এই কাৰ্যত ক্ষুব্ধ হ'ল৷ তাৰা সিঙে আত্মসমৰ্পণ কৰিলে বুলি তেওঁলোকৰ ধাৰণা হৈছিল আৰু সেইবাবে তেওঁলোকে তাৰা সিঙক পিজাৰাৰ আদালতত বিচাৰাধীন কৰিছিল৷ সিঙে নিজৰ দোষ স্বীকাৰ কৰিছিল আৰু নিজৰ সুনামো এইদৰে তেখেতে হেৰুৱাইছিল৷ শিখসম্প্ৰদায়ে তাৰা সিঙক শিৰোমণি আকালী দলৰ পদৰ পৰা অপসাৰণ কৰিলে৷

১৯৬৬ চনত ভাৰতৰ পঞ্জাব ৰাজ্যৰ ভাষাগত বিভাজন হয়৷ হিন্দীভাষী লোকসকলক হাৰিয়ানা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়৷ ১৯৬৭ চনৰ ২২ নৱেম্বৰত তাৰা সিঙৰ চণ্ডীগড়ত দেহাৱসান ঘটে৷ S

তথ্যসূত্ৰ

  1. ↑ Kudaisya, Gyanesh; Yong, Tan Tai. (2004). The Aftermath of Partition in South Asia. Routledge. পৃ. 100. ISBN 978-1-134-44048-1
  2. ↑ Rajinder Kaur, Dr. (Shrimati). Rajya Sabha Council of States
  3. ↑ Dr Rajinder Kaur (1931–1989). Sikh history
  4. ↑ (21 August 2003). Ranjit Singh's statue unveiled in Parliament House. The Tribune (Chandigarh)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা সিং” প্ৰবন্ধৰ সংশোধন ৩৮১২৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।