অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোবিন্দা

গোবিন্দ অৰুণ আহুজা (জন্ম ২১ ডিচেম্বৰ ১৯৬৩) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ, যিয়ে ১৬৫ টাতকৈও অধিক হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ আগশাৰীৰ অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২ মে’ ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

গোবিন্দ অৰুণ আহুজা (জন্ম ২১ ডিচেম্বৰ ১৯৬৩) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ, যিয়ে ১৬৫ টাতকৈও অধিক হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ আগশাৰীৰ অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১২টা ফিল্মফেয়াৰ বঁটা মনোনয়ন, ২টা ফিল্মফেয়াৰ বিশেষ বঁটা আৰু শ্ৰেষ্ঠ কমেডিয়ানৰ বাবে ফিল্মফেয়াৰ পুৰস্কাৰ লাভ কৰিছিল।

১৯৮০ দশকত তেখেতে একচন আৰু নৃত্য নায়ক হিচাপে বলিউডত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম ছবি আছিল ১৯৮৬ চনৰ লাভ ৮৬, যিটো ছুপাৰহিট হৈছিল। তাৰ পিছত তেওঁ ইলজাম (১৯৮৬), সদা সুহাগন (১৯৮৬), দাদাগিৰি (১৯৮৭), মাৰতে দাম তাক (১৯৮৭), খুদগাৰ্জ (১৯৮৭), সেন্দুৰ (১৯৮৭), হত্যা (১৯৮৮), দাৰিয়া দিল (১৯৮৮), জিতে হে চান চে (১৯৮৮), ঘৰ ঘৰ কি কাহানি (১৯৮৮), গেৰ কানুনী (১৯৮৯), দ কেদি (১৯৮৯), জাইচি কাৰ্নি ৱেইচি ভাৰ্ণী (১৯৮৯), স্বৰ্গ (১৯৯০) আৰু হাম (১৯৯১) আদি হিট ছবিত অভিনয় কৰিছিল।

১৯৯২ চনৰ ৰোমান্টিক ছবি শোলা ঔৰ শবনম আৰু ১৯৯৩ চনৰ একশ্যন কমেডি আখে ত দ্বৈত চৰিত্ৰত অভিনয় কৰি, ১৯৯০ দশকত গোবিন্দাই নিজকে কমেডি নায়ক হিচাপে পুনৰ উদ্ভাৱন কৰিছিল। এই ছবিসমূহৰ সফলতাৰ পিছত গোবিন্দাই কেইবাখনো বাণিজ্যিকভাৱে সফল কমেডি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যেনে ৰাজা বাবু (১৯৯৪), কুলি নং ১ (১৯৯৫), সাজন চলে সছুৰাল (১৯৯৬), হিৰো নং ১ (১৯৯৭), দেৱানা মস্তানা (১৯৯৭), দুলহে ৰাজা (১৯৯৮), বড়ে মিয়াঁ ছোটে মিয়াঁ (১৯৯৮), আনাৰী নং ১ (১৯৯৯), হাসিনা মান জায়েগী (১৯৯৯) আৰু জোডি নং ১ (২০০১)। ১৯৯০ দশকত তেওঁ কেইখনমান হিট একশ্যন ছবিোত অভিনয় কৰিছিল, যেনে খোদ্দাৰ (১৯৯৪), দোলাৰা (১৯৯৪) আৰু আন্দোলন (১৯৯৫)। তেওঁ সাজন চলে সছুৰাল ছবিৰ বাবে ফিল্মফেয়াৰ বিশেষ বঁটা আৰু হাসিনা মান জায়েগীৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

২০০০ দশকত কেইবাখনো অসফল ছবিৰ পিছত তেওঁৰ পিছৰ বাণিজ্যিক হিটছবিসমূহৰ ভিতৰত আছে ভাগম ভাগ (২০০৬), পাৰ্টনাৰ (২০০৭) আৰু হলিডে (২০১৪)।

গোবিন্দা ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে ভাৰতৰ সংসদ সদস্য আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য হিচাপে তেওঁ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।১ ২০২৪ চনত লোকসভা নিৰ্বাচনৰ আগতে তেওঁ শিৱসেনা দলত যোগদান কৰিছিল।২

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Govinda the MP seen seldom in House, constituency
  2. ↑ (২৮ মাৰ্চ ২০২৪). Actor Govinda joins Eknath Shinde Sena, may contest Mumbai North-West seat

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবিন্দা” প্ৰবন্ধৰ সংশোধন ৬০৩৮৯৩ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।