জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
জীৱবিজ্ঞানী
জীৱবিজ্ঞানী (Biologist) হ’ল এনে এজন বিজ্ঞানী যিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণা কৰে। জীৱবিজ্ঞানীসকল পৃথিৱীত বৰ্তি থকা জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেয়া এটা একক কোষেই হওক, বহুকোষী জীৱই হওক বা পাৰস্পৰিক ক্ৰিয়াশীল জনসংখ্যাৰ সম্প্ৰদায়েই হওক।
-
ডায়েটম
ডায়েটম (লেটিন tém-n-ō ৰ পৰা, “I cut” বা “দুটা ভাগত বিভক্ত“) সাগৰ, অন্য জলউৎস আৰু মাটিত পোৱা এবিধ ক্ষুদ্ৰ এককোষী শেলাই। ই ফাইট'প্লেংকটনৰ প্ৰধান প্ৰকাৰ। ডায়েটমে পৃথিৱীত প্ৰতি বছৰে প্ৰস্তুত অম্লজান]ৰ প্ৰায় ২০% উৎপন্ন কৰে। জীৱিত ডায়েটমৰ সংখ্যা এহেজাৰ কোটিৰো বেছি।
-
দীঘলনেজী
দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…
-
ধৃতিৰাজ
ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
-
পেৰেনকাইমা
পেৰেনকাইমা হৈছে মগজু বা হাওঁফাওঁৰ দৰে প্ৰাণীৰ অংগ বা টিউমাৰৰ দৰে গঠনত থকা কাৰ্যক্ষম পদাৰ্থৰ ডাঙৰ অংশ। প্ৰাণীবিজ্ঞানত চেপেটা কৃমিৰ ভিতৰৰ অংশ ভৰাই তোলা কলাটোৱেই পেৰেনকাইমা। উদ্ভিদ বিজ্ঞানত ই পাতৰ ক্ৰছ-ছেকচনত কিছুমান স্তৰ থাকে।
-
বাটৰাজ সাপ
বাটৰাজ সাপ (Red-necked keelback, বৈজ্ঞানিক নাম-Rhabdophis subminiatus)'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ ঠাইভেদে ইয়াক বাকৰাজ, বাটচুপা, ৰঙা মূৰীয়া সাপ, ৰঙা ডিঙিৰ গোম, ৰঙামূৰীয়া ফেটী, ৰঙা গোম, নিগনিখোৱা, শালিকাজঁপিয়া আদি নামেৰেও জনা যায়।
-
বামুণ বগলী
বামুণ বগলী (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷
-
বামুণী সাপ
বামুণী সাপ (buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।
-
বাৰীসুন্দৰী
বাৰীসুন্দৰী(Asian Paradise Flycatcher, বৈজ্ঞানিক নাম-Terpsiphone paradisi) এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়।
-
সাতভনী
সাতভনী বা বাৰীলোটা (Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম…
-
সুন্দৰী সাপ
সুন্দৰী সাপ (Ornate Flying Snake, বৈজ্ঞানিক নাম:Chrysopelea ornata) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি। বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে। সুন্দৰী সাপক অসমৰ ঠাইভেদে কালনাগ, মণিৰাজ, উৰণীয়া সাপ বুলিও জনা যায়।
-
সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
-
ৰঙামূৰীয়া বাঢ়ৈটোকা
ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
-
অকোষীয় জীৱন
অকোষীয় জীৱন, যাক অনা-কোষীয় জীৱন বুলিও কোৱা হয়, জীৱনচক্ৰৰ অন্ততঃ কিছু অংশ কোষীয় গঠন অবিহনে জীয়াই থকা জীৱন। ঐতিহাসিকভাৱে প্ৰাণীৰ প্ৰাণৰ বেছিভাগ সংজ্ঞাই ধাৰণা কৰিছিল যে এটা জীৱ এটা বা ততোধিক কোষেৰে গঠিত হ'ব লাগিব, কিন্তু কিছুমানৰ বাবে ইয়াক আৰু প্ৰয়োজনীয় বুলি গণ্য কৰা নহয় আৰু আধুনিক…
-
উভচৰবিদ্যা
জীৱ বিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology (বাট্ৰাকোলোজী) নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়।
-
একনলদেহী প্ৰাণী
একনলদেহী প্ৰাণী বা চিলেনটেৰেটা হৈছে প্ৰাণীজগতৰ পৰ্ব ক্নিডেৰিয়া (প্ৰৱাল, জেলী, ছী এনামন, ছী পেন্স, ইত্যাদি) আৰু টেন'ফৰাৰ (কম্ব জেলী) অন্তৰ্গত জীৱবোৰ। চিলেনটেৰেটা নামটো κοῖλος আৰু ἔντερον, এণ্টেৰণ, 'খাদ্যনলী', শব্দৰ পৰা আহৰণ কৰা হৈছে, যিয়ে এই দুটা পৰ্বৰ জীৱবোৰৰ ফোঁপোলা দেহ গহ্বৰক বুজায়।
-
কেঁচুখাটী
কেঁচুখাটী(Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।
-
কেক্টাছ
কেকটাছ উদ্ভিদজগতৰ কেৰিওফিললছ (Caryophyllales) বৰ্গৰ অন্তৰ্গত কেকটাছীআই (Cactaceae) পৰিয়ালৰ এবিধ উদ্ভিদ। কেকটাছ শব্দটি গ্ৰীক ভাষাৰ কেকটোছ (κάκτος, kaktos) শব্দটোৰ পৰা উদ্ভৱ হৈছে। গ্ৰীক দাৰ্শনিক (Theophrastus) থিওফ্ৰেছ্টাছে এবিধ কাঁইটিয়া উদ্ভিদৰ বৰ্ণনা কৰিবলৈ প্ৰথমে এই শব্দটি ব্যৱহাৰ কৰিছিল।
-
কৈলাঙী
কৈলাঙী(Indian Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax fuscicollis) পানীকাউৰীৰ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাই৷ ই প্ৰধানতঃ ভাৰতীয় উপমহাদেশ, থাইলেণ্ড তথা কম্বোডিয়া আদিত বিস্তৃত হৈ আছে৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷ ইয়াক দেখাত একেধৰণৰ অন্য এবিধ প্ৰজাতি, পানীকাউৰীৰ পৰা চকুৰ নীলাবৰণ, সৰু মূৰ তথা…
-
কোষ তত্ত্ব
জীৱবিজ্ঞানত কোষ তত্ত্ব প্ৰথমবাৰৰ বাবে ঊনবিংশ শতিকাৰ মাজভাগত প্ৰণয়ন কৰা এটা বৈজ্ঞানিক তত্ত্ব, যিয়ে কয়, জীৱিত জীৱবোৰ কোষেৰে গঠিত, ইহঁত সকলো জীৱৰ মূল গাঁথনিগত/সাংগঠনিক একক, আৰু সকলো কোষ পূৰ্বতে থকা কোষৰ পৰা আহে। কোষ সকলো জীৱৰ গঠনৰ মূল একক আৰু লগতে প্ৰজননৰ মৌলিক একক।
-
ক’লা টুনি
ক’লা টুনি (Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) হৈছে এষ্ট্ৰিল্ডিড ফিঞ্চ পৰিয়ালৰ এটা সৰু চৰাই, যি মূলতঃ বাংলাদেশ, ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু দক্ষিণ চীনত পোৱা যায়। এই প্ৰজাতিটো ত্ৰিনিদাদ, জামাইকা, হিছ্পানিঅলা, পুৱাৰ্টো ৰিকো, কিউবা আৰু ভেনেজুৱেলাত পৰিচয় কৰোৱা হৈছে।
-
গুৱলা সাপ
গুৱলা সাপ (milk snake, বৈজ্ঞানিক নাম-Lampropeltis triangulum) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ ইয়াৰ কমেও ২৪ বিধমান উপ-প্ৰজাতি আছে বুলি জনা যায়৷
-
ঘৰ বতাহী
ঘৰ বতাহী (House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
-
ডাঙৰ দলনি বেং
ডাঙৰ দলনি বেং (Bhamo Frog বৈজ্ঞানিক নাম-Humerana humeralis) 'Ranidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
-
তাল বতাহী
তাল বতাহী (Asian Palm Swift, বৈজ্ঞানিক নাম -Cypsiurus balasiensis) এটা সৰু আকাৰৰ ছুইফ্ট গোটৰ চৰাইৰ প্ৰজাতি।
-
নাচনী চৰাই
নাচনী চৰাই (White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
-
পটিয়া পাত বেং
পটিয়া পাত বেং (Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷
-
পৰঘুমা
পৰঘুমা (Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।
-
ফুটুকী টুনি
ফুটুকী টুনি, ( Scaly-breasted Munia বা Spotted Munia, বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।
-
ফেচুলুকা
ফেচুলুকা (Red-vented Bulbul, বৈজ্ঞানিক নাম-Pycnonotus cafer) এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ইয়াক ভাৰত উপমহাদেশৰ শ্ৰীলংকাৰ পৰা তিব্বতলৈকে স্থানীয়ভাৱে দেখা পোৱা যায়।