জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
বগাপতীয়া খুকুৰী সাপ
বগাপতীয়া খুকুৰী সাপ (light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল এছিয়াতহে দেখা পোৱা যায় (endemic)৷
-
বাধ্যতামূলক পৰজীৱী
বাধ্যতামূলক পৰজীৱী (Obligate parasite) বা হ’ল’পৰজীৱী হৈছে এনে এটা পৰজীৱী, যিয়ে আশ্ৰয় লোৱা উদ্ভিদক শোষণ নকৰাকৈ নিজৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰিব নোৱাৰে। যদি কোনো বাধ্যতামূলক পৰজীৱীয়ে আশ্ৰয়-বৃক্ষ লাভ কৰিব নোৱাৰে তেন্তে ই বংশবৃদ্ধি কৰিব নোৱাৰিব।
-
বামুণ ভেকুলা
বামুণ ভেকুলা (Indian bullfrog,, বৈজ্ঞানিক নাম-Hoplobatrachus tigerinus) এটা ডাঙৰ আকাৰৰ ভেকুলীৰ প্ৰজাতি৷
-
বৈকল্পিক পৰজীৱী
বৈকল্পিক পৰজীৱী হ’ল এনে এক জীৱ, যিয়ে পৰজীৱীৰ দৰে কাৰ্যকলাপৰ আশ্ৰয় ল’ব পাৰে, কিন্তু ইয়াৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰাৰ বাবে কোনো গৃহস্থৰ ওপৰত একেবাৰে নিৰ্ভৰ নকৰে। এনে পৰজীৱীৰ উদাহৰণ বহু প্ৰজাতিৰ ভেঁকুৰৰ মাজত দেখা যায়, যেনে আৰ্মিলাৰিয়া প্ৰজাতিৰ পৰিয়ালৰ সদস্য।
-
বৰখন্তি সাপ
বৰখন্তি সাপ (Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।
-
মালীবৰ সাপ
মালীবৰ সাপ বা মাৰলি সাপ (Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি।
-
লৰীয়তী
লৰীয়তী (Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।
-
শামুক খোৱা সাপ
শামুক খোৱা সাপ (common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷
-
শালিকা ঠুঁটীয়া সাপ
শালিকা ঠুঁটীয়া সাপ (oriental whipsnake,বৈজ্ঞানিক নাম-Ahaetulla prasina) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা গছ-সাপ (tree snake)ৰ প্ৰজাতি৷
-
সেউজীয়া পাত বেং
সেউজীয়া পাত বেং (Twin-spotted Tree Frog, বৈজ্ঞানিক নাম-Rhacophorus bipunctatus) 'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভেকুলীৰ প্ৰজাতি৷ এই ভেকুলীবিধ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷
-
ৰঙামূৰীয়া শেন
ৰঙামূৰীয়া শেন(Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷
-
অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকা
http://www.worldagroforestrycentre.org/resources/databases/agroforestree http://www.flowersofindia.in http://www.kew.org/plants-fungi/Aesculus-indica.htm
-
অসমত দেখা পোৱা সাপবোৰ
-
ইটা-গুড়িয়া নাচনী চৰাই
ইটা-গুড়িয়া নাচনী চৰাই (Ferruginous Flycatcher, বৈজ্ঞানিক নাম-Muscicapa ferruginea) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷
-
উদ্ভিদ ৰোগবিজ্ঞান
উদ্ভিদ ৰোগবিজ্ঞান (Plant pathology) বা ফাইটʼপেথ’লজী হৈছে ৰোগজনক (সংক্ৰামক জীৱ) আৰু পৰিৱেশীয় অৱস্থা (শাৰীৰিক কাৰক)ৰ দ্বাৰা সৃষ্ট, উদ্ভিদৰ ৰোগসমূহৰ বৈজ্ঞানিক অধ্যয়ন।
-
গাণিতিক জীৱবিজ্ঞান
সাম্প্ৰতিক কালত জীৱবিজ্ঞানৰ গৱেষণা আৰু আৱিষ্কাৰৰ দিশত অতি ক্ষিপ্ৰ বিকাশ পৰিলক্ষিত হৈছে। বোধহয় ‘মানৱ বংশগতি-সূত্ৰ আঁচনি’ (Human Genome Project)-ৰ সফল পৰিসমাপ্তি একবিংশ শতিকাত বিজ্ঞানৰ এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সাফল্য।
-
জীৱমণ্ডল
জীৱমণ্ডল বা জৈৱ-মণ্ডল(প্ৰাচীন গ্ৰীক βίος (bíos) 'জীৱন' আৰু σφαῖρα (sphaîra) 'গোলক’ৰ পৰা), ইক'স্ফিয়াৰ বুলিও কোৱা হয় (প্ৰাচীন গ্ৰীক οἶκος (oîkos) 'বসতি, ঘৰ' আৰু σφαῖρα (sphaîra) 'গোলক'ৰ পৰা), হৈছে সকলো পৰিৱেশ তন্ত্ৰৰ বিশ্বব্যাপী যোগফল। ইয়াক পৃথিৱীৰ জীৱৰ জ’ন বুলিও ক’ব পাৰি।
-
জৈৱবিদ্যুৎ
জীৱবিজ্ঞানত বিকাশমূলক জৈৱবিদ্যুতিয়ে অন্তৰ্জাতীয় বৈদ্যুতিকভাৱে মধ্যস্থতা কৰা সংকেতৰ ফলত কোষ, কলা আৰু অংগ-স্তৰৰ আৰ্হি আৰু আচৰণৰ নিয়ন্ত্ৰণক বুজায়। সকলো ধৰণৰ কোষ আৰু কলাবোৰে বৈদ্যুতিকভাৱে যোগাযোগ কৰিবলৈ আয়ন প্ৰবাহ ব্যৱহাৰ কৰে।
-
ডবাশেন
ডবাশেন(Western Marsh-harrier, বৈজ্ঞানিক নাম-Circus aeruginosus) এটা ডাঙৰ আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা যায়।
-
তেলীয়া সাৰেং
তেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)।
-
ধোঁৱাবৰণীয়া নলচুপি চৰাই
ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।
-
নীলা নাচনী
নীলা নাচনী চৰাই (Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
-
পানী বগলী
পানী বগলী (Intermediate Egret বা Median Egret, বা Smaller Egretবা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷
-
পেৰামেচিয়াম
পেৰামেচিয়াম (Paramecium) এবিধ এককোষী প্ৰাণী। সাধাৰণতে পানীত বাস কৰা পেৰামেচিয়াম নিচেই ক্ষুদ্ৰ প্ৰাণী। ইহঁতক খালী চকুৰে মণিব নোৱাৰি। ধাৰণা কৰা মতে এইবিধ প্ৰাণী পৃথিৱীৰ আদিম জীৱবোৰৰ মাজৰে এবিধ। পেৰামেচিয়ামৰ শৰীৰটো অসংখ্য নোমৰ দৰে বস্তুৰে আবৃত। এইবোৰক চিলিয়া বুলি কোৱা হয়।
-
ফুটুকী জেঠী
ফুটুকী জেঠী বা হালধীয়া ফুটুকী জেঠী (Spotted Salamander বা Yellow-spotted Salamander) (বৈজ্ঞানিক নাম: Ambystoma maculatum) সাধাৰণতে আমেৰিকা বা কানাডাত পোৱা এবিধ সৰীসৃপ।
-
ফুলটোকা চৰাই
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
-
বিয়োজক
পচনকাৰী জীৱ বা বিয়োজকৰ অৰ্থ হ’ল, যিয়ে জীৱৰ মৃত শৰীৰক ভাঙি মৃত শৰীৰৰ পৰা পুষ্টিকৰ পদাৰ্থবোৰ চাৰিওফালৰ পৰিৱেশলৈ বিয়পাই দিয়ে। পচন জীৱ-জন্তুৰ হজমৰ দৰে ৰাসায়নিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল; আচলতে বহুতো উৎসত পাচন আৰু পচন শব্দ দুটা সণ্ঢালনিকৈ ব্যৱহাৰ কৰা হৈছে।
-
বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল
বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল (evolutionarily stable strategy) বা ESS হৈছে এক বিশেষ ধৰণৰ কৌশল অথবা কিছুমান কৌশলৰ সমষ্টি৷ যদি কোনো এটা পৰিৱেশত কোনো এটা জনসমষ্টিয়ে এই কৌশল অৱলম্বন কৰে, তেন্তে সেই জনসমষ্টিটো অভেদ্য হৈ পৰে৷ অৰ্থাৎ, আন বিকল্প কৌশলে (যি প্ৰথমাৱস্থাত বিৰল) এই জনসমষ্টিটোৰ ওপৰত আগ্ৰাসন চলাব…
-
বৃহৎ মালয় কেৰ্কেটুৱা
বৃহৎ মালয় কেৰ্কেটুৱা (Malayan giant squirrel,'Ratufa bicolor)) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷
-
বৰাশগুণ
বৰাশগুণ (Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায়।