জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
ইটাগুৰীয়া হাইঠা
ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
কনুৱা
কনুৱা (Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷
-
কাঠ শালিকা
কাঠ-শালিকা (Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica) ) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷
-
কামচৰাই
কামচৰাই (Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷
-
কৃশাঙ্গী বান্দৰ
কৃশাঙ্গী বান্দৰ (Gray Slender Loris) ভৌগোলিকভাৱে পৃথক লাজুকী বান্দৰৰ সমগোত্ৰীয় এবিধ বান্দৰ প্ৰজাতি৷
-
গো-বগ
গো-বগ বা গৰু বগলী (Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
-
গৰাল
গৰাল (Himalayan goral, বৈজ্ঞানিক নাম-Naemorhedus goral) হিমালয়ৰ থিয় পাহাৰীয়া অঞ্চলত দেখা পোৱা ছাগলীজাতীয় (bovid) প্ৰাণী৷ আই.ইউ.চি.এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটাপন্ন (Near Threatened) বুলি আখ্যা দিয়া হৈছে৷ এই প্ৰাণীবিধৰ চোৰাং চিকাৰ আৰু বনাঞ্চল ধবংসৰ প্ৰভাৱতে এই ভাবুকিৰ সন্মুখীন হৈছে বুলি…
-
ঘিলা হাঁহ
ঘিলা হাঁহ বা নাক খেচখেচী, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
-
ছন্দঃপূৰ্ণ চক্ৰ
ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া। ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।
-
পানীডাউক
পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।
-
প্ৰ'কোষকেন্দ্ৰীয় জীৱ
প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে। prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে। প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়।
-
বলয়ী প্ৰাণী
{{Taxobox | বৰ্ণ = pink | Name = বলয়ী প্ৰাণী | image = Nerr0328.jpg | image_title= জোক, বলয়ী প্ৰাণীৰ উদাহৰণ | regnum = Animalia | superphylum = Lophotrochozoa | phylum = Annelida | phylum_authority = লেমাৰ্ক, ১৮০৯ | subdivision_ranks = শ্ৰেণী আৰু উপশ্ৰেণীসমূহ | subdivision = শ্ৰেণী Polychaeta…
-
বিহুৱতী চৰাই
বিহুৱতী চৰাই (Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
-
বৰশৰালি
বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
-
ভদৰকলি
ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷
-
শঁকা সাপ
শঁকা সাপ বা শংখচূড় (Banded Krait, বৈজ্ঞানিক নাম: Bungarus fasciatus) ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ ২.১ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰে ই আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰতো অন্যতম৷
-
সখিয়তী
সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
-
সোণ বাঢ়ৈটোকা
সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু…
-
স্ত্ৰী
এটা জীৱৰ লিংগ হ’ল স্ত্ৰী (চিহ্ন: ♀) যদিহে ই ডিম্বাণু উৎপন্ন কৰে, যিটো হ’ল একপ্ৰকাৰৰ জনন কোষ, যি যৌন প্ৰজননৰ সময়ত পুৰুষ জনন কোষ (শুক্ৰাণু)ৰ সৈতে মিলিত হয়। এগৰাকী স্ত্ৰীৰ জনন কোষ পুৰুষতকৈ ডাঙৰ।
-
স্পঞ্জ
পৰিফেৰা (:Porifera) যাৰ সাধাৰণ নাম স্পঞ্জ (:Sponge) হৈছে এবিধ বহুকোষী প্ৰাণী। স্পঞ্জ বা পৰিফেৰা হৈছে প্ৰাণী ৰাজ্যৰ এটা পৰ্ব (phylum)। ইহঁত সাধাৰণতে সামুদ্ৰিক আৰু অপ্ৰতিসম (asymmetrical) প্ৰাণী। ইহঁত আদিম বহুকোষী প্ৰাণী। লেটিন শব্দ Porus অৰ্থ ছিদ্ৰ আৰু Ferre অৰ্থ বহন কৰা।
-
ৰাজ ভাটৌ
ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি।
-
ৰামপৰা
ৰামপৰা (Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
-
অসমত দেখা চৰাইবোৰ
জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়।
-
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শ্বক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
-
কমলা-বুকুৰ হাইঠা
কমলা-বুকুৰ হাইঠা, (Orange-breasted Green Pigeon, বৈজ্ঞানিক নাম-Treron bicinctus) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷
-
কাটলফিছ
কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে। দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে। কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয়।
-
কুৰুৱা
কুৰুৱা (Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে ।
-
গঙাচিলনী
গঙাচিলনী (Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। পাকিস্তানৰ পৰা পূবে ভাৰতীয় উপমহাদেশৰ মাজেৰে ম্যানমাৰ, থাইলেণ্ড আৰু কম্বোডিয়ালৈকে অন্তৰ্দেশীয় নদীৰ কাষৰ ই বাসিন্দা আৰু প্ৰজননকাৰী, য'ত ই সহজলভ্য নহয়৷ বেছিভাগ ষ্টেৰ্না টাৰ্ণৰ দৰে ইয়াক প্ৰায়…
-
ঘূৰণীয়া কৃমি
ঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্ব। গ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাট'ডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।
-
ছুইফট
ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই। ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে। উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে। ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে। এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নিৰ্দিষ্ট কোনো সময় নাই।