কৈলাঙী১(Indian Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax fuscicollis) পানীকাউৰীৰ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাই৷ ই প্ৰধানতঃ ভাৰতীয় উপমহাদেশ, থাইলেণ্ড তথা কম্বোডিয়া আদিত বিস্তৃত হৈ আছে৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷ ইয়াক দেখাত একেধৰণৰ অন্য এবিধ প্ৰজাতি, পানীকাউৰীৰ পৰা চকুৰ নীলাবৰণ, সৰু মূৰ তথা দীঘল ঠেক ঠোঁটৰ মোকোটা খোৱা আগটো (hooked tip)ৰে পৃথক কৰিব পৰা যায়৷
বিৱৰণ
ত এটা কৈলাঙী চৰাই]]
কৈলাঙী দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ মূৰত মুকুট নাথাকে আৰু মূৰ তুলনামূলকভাৱে সৰু হয়৷ ঠোঁট ঠেক দীঘলীয়া আৰু আগটো মোকোট খোৱা (hooked) হোৱা দেখা যায়৷ ইয়াৰ চকু নীল বৰণীয়া, মুখত প্ৰজনন নোহোৱা কালত হালধীয়া দাগ থাকে৷ কিছুমানৰ ডিঙিত বগা দাগ থকা দেখা যায় ৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন একে হয়৷ অৱশ্যে প্ৰজনন নকৰা পূৰ্ণবয়স্ক কৈলাঙী আৰু পোৱালিবোৰ দেখাত মটীয়া হোৱা দেখা যায়৷ ২
বিতৰণ
কৈলাঙী প্ৰধানতঃ ভাৰত তথা শ্ৰীলংকাৰ বৃহৎ জলাশয়সমূহত দেখা পোৱা যায়৷ তাৰোপৰি ই সাগৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহতো জাকপাতি চৰে৷২ ই অসম, থাইলেণ্ড, ম্যানমাৰ তথা কম্বোডিয়াতো বিস্তৃত হৈ আছে৷ ৩৪৫৬
আচৰণ
খাদ্য
কৈলাঙীয়ে সাধাৰণতে পানীৰ পৰা মাছ চিকাৰ কৰি খায়৷ ই প্ৰায়ে জাকপাতি মাছৰ চিকাৰ কৰা দেখা যায়৷৩
প্ৰজনন
কৈলাঙীৰ প্ৰজনন কাল সাধাৰণতে জুলাইৰ পৰা ফেব্ৰুৱাৰীলৈ৷ অৱশ্যে বৰষুণৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ই ঠাইভেদে বেলেগ বেলেগ হোৱাও দেখা যায়৷ উত্তৰ ভাৰতত ই জুলাইৰ পৰা ফেব্ৰুৱাৰীলৈ আৰু শ্ৰীলংকাত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ বাহটো পানীৰ আশেপাশে থকা গছত ডাল-পাতেৰে সাজে৷ এবাৰত প্ৰায় ৩-৫ টালৈ কণী পাৰে৷ কণীবোৰৰ ৰং নীল-সেউজীয়া হয়৷৩
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 52
- ↑ Ali S & SD Ripley. (1978). Handbook of the birds of India and Pakistan. Volume 1. Oxford University Press. পৃ. 39–41
- ↑ Thomas WW & CM Poole. (2003). An annotated list of the birds of Cambodia from 1859 to 1970. Forktail. পৃ. 103–127
- ↑ Sashikumar, C. (1991). Occurrence of the Indian Shag Phalacrocorax fuscicollis Stephens in Kerala. J. Bombay Nat. Hist. Soc.. পৃ. 442
- ↑ Kannan, V; R Manakadan; P Rao; KK Mohapatra; S Sivakumar and V Santharam. (2008). The waterbirds of Pulicat lake, Andhra PRadesh-Tamil Nadu, India, including those of the adjoining wetlands and heronries. Journal of the Bombay Natural History Society. পৃ. 162–180
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈলাঙী” প্ৰবন্ধৰ সংশোধন ৫৪০৫৯৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।