অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ক’লা টুনি

ক’লা টুনি (Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) হৈছে এষ্ট্ৰিল্ডিড ফিঞ্চ পৰিয়ালৰ এটা সৰু চৰাই, যি মূলতঃ বাংলাদেশ, ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু দক্ষিণ চীনত পোৱা যায়। এই প্ৰজাতিটো ত্ৰিনিদাদ, জামাইকা, হিছ্পানিঅলা, পুৱাৰ্টো ৰিকো, কিউবা আৰু ভেনেজুৱেলাত পৰিচয় কৰোৱা হৈছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৫৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ক’লা টুনি (Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) হৈছে এষ্ট্ৰিল্ডিড ফিঞ্চ পৰিয়ালৰ এটা সৰু চৰাই, যি মূলতঃ বাংলাদেশ, ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু দক্ষিণ চীনত পোৱা যায়। এই প্ৰজাতিটো ত্ৰিনিদাদ, জামাইকা, হিছ্পানিঅলা, পুৱাৰ্টো ৰিকো, কিউবা আৰু ভেনেজুৱেলাত পৰিচয় কৰোৱা হৈছে। এই প্ৰজাতিটো, চেষ্টনাট মুনিয়াৰ দৰে, "ক'লা-মূৰীয়া মুনিয়া" নামেৰে জনা যায়।

অপ্ৰাপ্তবয়স্ক চৰাইবোৰৰ ওপৰভাগত ফিকা বাদামী ৰঙ থাকে, পূৰ্ণবয়স্কৰ দৰে ক'লা মূৰ নাথাকে, আৰু সেউজীয়া পেট থাকে, যি অন্য মুনিয়া, যেনে স্কেলি-ব্ৰেষ্টেড মুনিয়াৰ অপ্ৰাপ্তবয়স্কৰ সৈতে বিভ্ৰান্ত কৰিব পাৰে।

এই প্ৰজাতিটো সাধাৰণতে সৰু গোটত থাকে আৰু মূলতঃ শস্য আৰু অন্যান্য বীজ খায়। এইবোৰ ভিজা ঘাঁহনি এলেকাত বাস কৰে আৰু কেতিয়াবা উষ্ণমণ্ডলীয় নিম্নভূমিৰ আৰ্দ্ৰ বনাঞ্চলতো দেখা যায়।

শ্ৰেণীবদ্ধকৰণ

ক’লা টুনিক প্ৰথমবাৰ ১৭৬৬ চনত ছুইডিছ প্ৰাকৃতিক বিজ্ঞানী কাৰ্ল লিনিয়াছে Loxia malacca নামেৰে বৰ্ণনা কৰিছিল। তেওঁ এই নামটো জোহান ৰায়ৰ ১৭৫০ চনৰ আগৰ বৰ্ণনাৰ আধাৰত প্ৰদান কৰিছিল। লিনিয়াছে মূল স্থান (type locality) ভুলবশতঃ চীন, জাভা আৰু মালাক্কা বুলি উল্লেখ কৰিছিল, যাক ১৯২৬ চনত ব্ৰিটিছ অৰ্ণিথ’লজিষ্ট এডগাৰ চাৰ্লছ ষ্টুৱাৰ্ট বেকাৰে ভাৰতৰ কৰ্ণাটকৰ বেলগাঁৱ হিচাপে সংশোধন কৰে। এই প্ৰজাতিটো মালয় উপদ্বীপত পোৱা নাযায়, সেয়া malacca নামটো বিভ্ৰান্তিকৰ।

বৰ্তমান এই প্ৰজাতিটো ইংলিছ অৰ্ণিথ’লজিষ্ট উইলিয়াম হেন্ৰি সাইকছে ১৮৩২ চনত প্ৰতিষ্ঠা কৰা Lonchura গণৰ অন্তৰ্গত। ক’লা টুনিক পূৰ্বত Lonchura atricapilla (চেষ্টনাট টুনি)ৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল, কিন্তু এতিয়া পৃথক প্ৰজাতি হিচাপে স্বীকৃত। এই প্ৰজাতিটো মনোটিপিক, অৰ্থাৎ ইয়াৰ কোনো স্বীকৃত উপপ্ৰজাতি নাই।১২

বৰ্ণনা

ক’লা টুনি এক সৰু আকাৰৰ চৰাই যাৰ দৈৰ্ঘ্য প্ৰায় ১১–১২ চেণ্টিমিটাৰ।

এই প্ৰজাতিটো সচৰাচৰ দলবদ্ধভাৱে দেখা যায় আৰু গছ বা খেতি-বাৰী অঞ্চলত ঘূৰি ফুৰে। এই চৰাইক সাধাৰণতে ধানৰ খেতিত বা তলত পৰি থকা ধানৰ শস্য খাই থকা অৱস্থাত দেখা যায়।

প্ৰজননৰ সময়ত, ক’লা টুনিয়ে গছত বাহ সাজে আৰু প্ৰায় ৪ৰ পৰা ৬টা কণী পাৰে।৩

জোখ-মাখ

এই চৰাইবোৰক মজলীয়া আকাৰৰ, ১১৫ মিলিমিটাৰ ওখ আৰু ৫৫-৫৭ মিলিমিটাৰ বিস্তৃত ডেউকাযুক্ত বুলি বৰ্ণনা কৰা হৈছে। ইহঁতৰ কালমেনৰ জোখ ১২-১৩ মিলিমিটাৰ, মতাবোৰৰ শিখৰ অধিক উচ্চাৰিত হোৱাৰ প্ৰৱণতা থাকে আৰু ইহঁতৰ টাৰ্ছাছ ১২-১৩ মিলিমিটাৰ।৪

প্ৰেমৰ সম্পৰ্ক

বহু চৰাইৰ দৰে ক’লা টুনিৰো (Lonchura malacca) মতা আৰু মাইকী চৰাইৰ মাজত এক বিশেষ সংগম আচৰণ দেখা যায়। সাধাৰণতে সংগম আচৰণৰ আৰম্ভণি মতা চৰাইটোৱে ঠোঁটত দীঘল ঘাঁহ লৈ উৰি ফুৰাৰ পৰা কৰে। তাৰ পিছত, মাইকী চৰাইৰ ওচৰলৈ গৈ মতা চৰাইটোৱে ঘাঁহৰ ব্লেডখন পেলাই দিয়ে আৰু সংগম নৃত্য আৰম্ভ কৰে।

নৃত্য চলাকালত মতা চৰাইয়ে মূৰ ওপৰ-তল কৰি দোলা দিয়ে, পাৰ্চৰ ওপৰত জঁপিয়াই থাকে, আৰু কেতিয়াবা থিয় হৈ মুখ মেলি, পেটৰ পাখি থিয় কৰি ভংগিমা প্ৰদৰ্শন কৰে। সংগমৰ এই নৃত্যৰ পিছত, মতা চৰাইয়ে এক অতি কোমল আৰু মনোমোহা গীত গায়, যি মানুহৰ কাণত নিতান্ত নিস্তব্ধ বুলি অনুভৱ হয়।

যদি মাইকী চৰাইয়ে প্ৰেমৰ এই আহ্বান গ্ৰহণ কৰে, তেন্তে তাই নিজৰ শৰীৰ অনুভূমিকভাৱে নমাই দিয়ে আৰু ঠেং আৰু মূৰ মতা চৰাইৰ দিশত ঘূৰাই দি যৌন সম্পৰ্কৰ সন্মতি প্ৰদান কৰে।৫

প্ৰজনন

মাইকী আৰু মতা উভয়েই বাহ নিৰ্মাণত অংশ লয়। বাহটো সামগ্ৰিকভাৱে ঢিলাকৈ নিৰ্মিত আৰু এটা প্ৰৱেশদ্বাৰৰ সৈতে অণ্ডাকাৰ আকৃতিৰ। আন মুনিয়া প্ৰজাতিৰ তুলনাত মাইকী আৰু মতা প্ৰজাতিৰ আকাৰৰ বাবেও বাহটো ডাঙৰ। ঘাঁহৰ কিছুমান ব্লেড আৰু ঠাৰি প্ৰৱেশদ্বাৰৰ পৰা ওলাই আহি এক প্ৰকাৰৰ বাৰাণ্ডা সৃষ্টি কৰে। বেছিভাগ বাহ মানুহৰ বাসস্থানৰ পৰা আঁতৰত নল আৰু বা ঘাঁহৰ জলাশয়ত পানীৰ ওপৰত প্ৰায় তিনি ফুট ওপৰত নিৰ্মাণ কৰা হয়।৪

৪ৰ পৰা ৬/৭টালৈ কণী পাৰে। কণী বগা ৰঙৰ হয় আৰু কণীৰ গড় আকাৰ ১৬.৩ x ১১.৫ মিলিমিটাৰ হয়। কণীৰ পৰা পোৱালি জাগোতে সময় লাগে প্ৰায় ১২ৰ পৰা ১৩ দিন। মতা আৰু মাইকী দুয়োবিধ চৰাইয়ে উমনিত অংশগ্ৰহণ কৰে আৰু পাল পাতি উমনি দিয়ে আৰু ৰাতি দুয়োটা চৰাই বাহত থাকে। প্ৰায় ৮ৰ পৰা ১০ দিনলৈকে সন্তান জন্ম দিয়ে আৰু প্ৰায় তিনি সপ্তাহত ইহঁতৰ পাখি গঢ় লৈ উঠে।৪

বাসস্থান

ক'লা টুনি এবিধ সৰু গোট খোৱা চৰাই যিয়ে প্ৰধানকৈ শস্য আৰু অন্যান্য বীজ খায়। ই ভিজা ঘাঁহনিৰ বাসস্থানত বাস কৰে। গ্ৰীষ্মমণ্ডলীয় নিম্নভূমিৰ আৰ্দ্ৰ অৰণ্যৰ বাসস্থানতো ইয়াক পোৱা যাব পাৰে।

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ (January 2023). Waxbills, parrotfinches, munias, whydahs, Olive Warbler, accentors, pipits. IOC World Bird List Version 13.1
  2. ↑ Allen, J. A. (1926). Type localities of birds described from the Philippine Islands and the Dutch East Indies. Bulletin of the AMNH. পৃ. 123–183
  3. ↑ Ali, Salim. (2002). The Book of Indian Birds. Bombay Natural History Society. ISBN 9780195665239
  4. ↑ Goodwin, Derek. (1982). Estrildid Finches of the World. Oxford University Press. পৃ. 112–114. ISBN 9780198584070
  5. ↑ Goodwin, Derek. (1982). Estrildid Finches of the World. Oxford University Press. ISBN 9780198584070

সম্পৰ্কিত শ্ৰেণী

শালিকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’লা টুনি” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।