গুৱলা সাপ (milk snake, বৈজ্ঞানিক নাম-Lampropeltis triangulum) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ ইয়াৰ কমেও ২৪ বিধমান উপ-প্ৰজাতি আছে বুলি জনা যায়৷১ ২৩
বিৱৰণ
গুৱালা সাপ সাধাৰণতে ২০-৬০ ইঞ্চি (৫১-১৫০ ছে:মি:) পৰ্যন্ত দীঘল হ'ব পাৰে৷ ১ ইয়াৰ গাৰ বাকলি (scale) মিহি আৰু উজ্জল ( shiny) হয়৷ ইয়াৰ দেহৰ বৰণ ঘুৰণীয়াকৈ চপৰা-চপৰে থকা (alternating bands) ৰঙা-ক'লা-হালধীয়া বা বগা-ক'লা -ৰঙা হোৱা দেখা যায়৷ ১

বিতৰণ
গুৱালা সাপ প্ৰধানকৈ এছিয়া, দক্ষিণ-পূব কানাডা, ভেনিজুৱেলা, দক্ষিণ আমেৰিকা আদিত দেখিবলৈ পোৱা যায়৷ ১৪
বাসস্থান
ইয়াৰ বাসস্থান ঠাইবিশেষে বেলেগ বেলেগ হয়৷ সাধাৰণতে ই বনাঞ্চলত থাকে৷ ই ঘাইকৈ শিলাময় ঠাইত বাস কৰিবলৈ পছন্দ কৰে৷ ১
আচৰণ
গুৱালা সাপ ঘাইকৈ নিশাচৰ৷ ই মাটিত বাস কৰে (terrestrial) আৰু মাটিৰ সৰাপাতৰ সৈতে মিলি থাকিবলৈ চেষ্টা কৰে৷
খাদ্য
পোৱালি গুৱালা সাপে পোক-পতংগ, ফৰিং আৰু কেঁচু আদি খাই জীয়াই থাকে৷ ৫ পূৰ্ণবয়স্ক গুৱালা সাপে জেঠীকে আদি কৰি সৰু আকাৰৰ স্তন্যপায়ী প্ৰাণী খায়৷ ১ তাৰোপৰি ই চৰাই, কণী, ভেকুলী, মাছ আৰু অন্য সাপ খাই বুলিও জনা যায়৷ ৫
প্ৰজনন
গুৱালা সাপ অণ্ডপ্ৰসৱী (oviparous)৷ ই এবাৰত গড়ে ১০ টাকৈ কণী পাৰে৷ অৱশ্যে ঠাইবিশেষে এই সংখ্যাৰ পৰিৱৰ্তন হয়৷১ ই বছৰৰ মে মাহৰ প্ৰথম ভাগৰ পৰা জুন মাহলৈকে প্ৰজনন কৰে৷৫ জুন-জুলাইত মাইকী গুৱালা সাপে সৰা গছৰ ডালৰ তলত, বা শিলৰ আঁৰত বা গেলা-পচা উদ্ভিদৰ মাজত কণী পাৰে৷ ৫ প্ৰায় দুমাহ উমনি দিয়াৰ পিছত আগষ্ট বা ছেপ্টেম্বৰ মাহত কণী ফুটি পোৱালি জগে৷ ৫ গুৱালা সাপ সাধাৰণতে ১২ বছৰ পৰ্যন্ত জীয়াই থাকে৷ ৫
স্থিতি
আই ইউ চি এন ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও চোৰাং চিকাৰ আৰু বন্য জীৱৰ অনৈতিক বেহাৰ বাবে বহুতো অঞ্চলত এই সাপবিধ ভাবুকিৰ সন্মুখীন হৈছে৷ ১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Savitzky, Alan H. (2004). Grzimek's Animal Life Encyclopedia. Gale. পৃ. 477
- ↑ BioKIDS - Kids' Inquiry of Diverse Species, Critter Catalog, Lampropeltis triangulum, milk snake
- ↑ Snakes of New York
- ↑ Armstrong, Michael P.; Frymire, David; Zimmerer, Edmund J. (December 2001). Analysis of sympatric populations of Lampropeltis triangulum syspila and Lampropeltis triangulum elapsoides, in western Kentucky and adjacent Tennessee with relation to the taxonomic status of the scarlet kingsnake. Journal of Herpetology. পৃ. 688–93
- ↑ Encyclopedia of Animals (Milk snake entry). EBSCO Animals. EBSCO Publishing
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱলা সাপ” প্ৰবন্ধৰ সংশোধন ৬১৬৪৯০ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।