জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
ক'ৰডাটা
ক'ৰডাটা (Chordates, ) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, Pharyngeal slit, এডাল Endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে।
-
ডাঁহী সাপ
ডাঁহী সাপ বা ৰাজফেঁটী বা ৰজা ফেঁটী (King Cobra, বৈজ্ঞানিক নাম:Ophiophagus hannah) পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷ এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ডাঁহী সাপক বিভিন্ন কাৰণত জনমানসত…
-
নেউল
নেউল (Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী। Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে।
-
পাকৈঢোৰা
পাকৈঢোৰা বা কাও ধনেশ বা ঢেকঢেকী বা টেকটেকী(Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷
-
পুষ্টিকাৰক
পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য (ইংৰাজী: Nutrient) হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্টিদ্ৰব্য পৰিৱেশৰ পৰাই আহৰণ কৰা হয়।
-
প্ৰতিদেহ
প্ৰতিদেহ, প্ৰতিৰক্ষী বা এণ্টিবডি হ'ল দেহে বহিৰাগত পদাৰ্থৰ বা প্ৰতিৰক্ষা-উদ্দীপকৰ (প্ৰতিজন) উপস্থিতিৰ প্ৰত্যুত্তৰ হিচাপে দেহৰ প্ৰতিৰক্ষা তন্ত্ৰৰ দ্বাৰা উৎপন্ন এক প্ৰকাৰৰৰ প্ৰতিৰক্ষামূলক প্ৰ'টিন জাতীয় পদাৰ্থ।
-
বহুকোষী জীৱ
বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে। কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ।
-
মাছৰোকা
মাছৰোকা (Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা…
-
অংগ তন্ত্ৰ
অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।
-
আৰ্কিয়া
আৰ্কিয়া (Archaea) হল অণুজীৱ নামৰ কিছুমান এককোষী জীৱৰ এখন সাম্ৰাজ্য। ইহঁত প্ৰকোষকেন্দ্ৰীয় জীৱ, অৰ্থাৎ ইহঁতৰ কোষ কেন্দ্ৰ নাই বা কোষৰ ভিতৰত কোনো ধৰণৰ আৱৰণ যুক্ত অংগাণু নাই।
-
পানী কাউৰী
পানীকাউৰী (Little Cormorant, বৈজ্ঞানিক নাম-Microcarbo niger) এটা জলচৰ চৰাইৰ প্ৰজাতি৷ দৈকলা (Indian Cormorant) তকৈ ইয়াৰ আকাৰ সৰু আৰু ঠোঁট চুটি৷ ই ভাৰত উপ-মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ই সাধাৰণতে অকলশৰে বা সৰু গোটত জলাশয়সমূহত চৰে৷
-
বুলবুলি
বুলবুলি (Red-whiskered Bulbul, Pycnonotus jocosus) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ফল-মূল আদি খাই জীয়াই থাকে। ইয়াৰ মূৰত থকা মুকুট (crest) আৰু ৰঙা কটি (vent) তথা চকুৰ ৰঙা অংশৰ বাবেই সহজেই চিনাক্ত কৰিব পৰা যায়।
-
কাকলি হাঁহ
কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
চেপেটা কৃমি
চেপেটা কৃমি শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।
-
জৈৱ প্ৰযুক্তি
একবিংশ শতিকাত মানৱ প্ৰজাতিৰ লগত অন্য জীৱৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তি বিদ্যাৰ অৰিহণা এইক্ষেত্ৰত অপৰিসীম। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিভিন্ন বেমাৰ ৰোধ কৰিব পৰা যায়। জৈৱ প্ৰযুক্তি হ’ল বৰ্তমান যুগৰ আটাইতকৈ আশাপ্ৰদ, সুবিধাজনক তথা কাৰ্যকৰী ব্যৱস্থা।
-
নল গাহৰি
নল গাহৰি (Pygmy hog বৈ়জ্ঞানিক নাম: Porculasalvania) পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই নল গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত পোৱা গৈছিল।
-
প্ৰটিষ্টা
কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি প্ৰটিষ্টবোৰ হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ জগতৰ অন্তৰ্গত। আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে।আধুনিক বৰ্গীকৰণত ভিন্ন আৰু দুৰ সমন্ধীয় পৰ্ব হিচাপে এই গোটটো পুনঃ…
-
বাঢ়ৈটোকা
বাঢ়ৈটোকা বা কাঠৰোকা (ইংৰাজী: "Woodpecker" আৰু বৈজ্ঞানিক নাম: "picidae") ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা টান ঠোঁটৰ এবিধ মজলীয়া আকৃতিৰ চৰাই। পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন প্ৰজাতিৰ বাঢ়ৈটোকা পোৱা যায়। বাঢ়ৈটোকাৰ পাখিবিলাক বৰ ৰংচঙীয়া। পেটৰ ৰং বগা। মাজে মাজে ক'লা পাখি থাকে। পিঠিৰ ৰং সোণবৰণীয়া।
-
তিল কপৌ
তিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
-
বৰ বগ
বৰ বগ (Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
-
সংকোষকেন্দ্ৰীয় জীৱ
সংকোষকেন্দ্ৰীয় বা ইউকেৰিয়ট (eukaryote; ( বা বা বা ) বুলিলে সেইবোৰ জীৱক বুজায়, যিবোৰৰ কোষৰ কোষকেন্দ্ৰত কোষ কেন্দ্ৰ আৱৰণ আৰু প্ৰায়ভাগ কোষৰ অংগত কোষাংগবৰণ দ্বাৰা আবৃত থাকে। ইয়াৰ উপৰি এনেধৰণৰ কোষৰ ডি.এন.এত হিষ্ট'ন প্ৰ'টিন নামৰ প্ৰ'টিন বিধ পোৱা যায়।
-
আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰ'লীয়া…
-
কণামুছৰি
কণামুছৰি (Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক…
-
কুটুম চৰাই
কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
-
কোমলদেহী প্ৰাণী
কোমলদেহী প্ৰাণী হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।
-
প্ৰতিজন
প্ৰতিজন (Ag) হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহৰ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে।
-
বৰমূগী হাঁহ
বৰমূগী হাঁহ বা খদাহাঁহ(Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
-
ভাৰতীয় ফেঁটী সাপ
ভাৰতীয় ফেঁটী সাপ (Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়। ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে।
-
শেন
{{Taxobox | name = শেন (Shaheen Falcon) | status = Vulnerable | image = FalcoAtricepsKeulemans.jpg | image_width = 250px | regnum = Animalia | phylum = Chordata | classis = Aves | ordo = Falconiformes | familia = Falconidae | genus = Falco | species = F. peregrinus | subspecies = F. p.
-
ৰঙা কাঞ্চন
ৰঙা কাঞ্চন (camel's foot বা orchid tree, বৈজ্ঞানিক নাম-Phanera purpurea পূৰ্বতে Bauhinia purpurea ) ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।