অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কেঁচুখাটী

কেঁচুখাটী(Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কেঁচুখাটী(Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।

বিৱৰণ

at Bracebridge in Kolkata, India.
at Bracebridge in Kolkata, India.ছবি: J.M.Garg · CC BY-SA 3.0
  • আকাৰ- ঘৰচিৰিকাৰ সমান প্ৰায় ১৫ ছে:মি দৈৰ্ঘ্যৰ
  • বাহ্যিক গঠন- দেহৰ উপৰিভাগত ডাঠ-মটীয়া আৰু সেউজীয়া আঁচেৰে পূৰ্ণ। ইয়াৰ চকুত স্পষ্ট চেলাউৰি ( Supercilium) আছে। ডেউকাৰ দুডলীয়া আঁচ (double wingbar) বগা বৰণৰ। পেটৰ অংশ বগা বা ধোঁৱা বৰণীয়া হয়। মতা আৰু মাইকী দুয়ো দেখাত একেধৰণৰ।১

বিতৰণ

at Bracebridge in Kolkata, India.
at Bracebridge in Kolkata, India.ছবি: J.M.Garg · CC BY-SA 3.0
  • গ্ৰীষ্মকাল: পাকিস্তান, ভাৰত, নেপাল, চীনৰ পৰা পূবে কোৰিয়া, জাপানলৈকে ই বিস্তৃত। তদুপৰি ইউৰোপৰ কোনো কোনো অংশতো ইয়াক দেখিবলৈ পোৱা যায়।
  • শীতকাল: ইয়াক এছিয়াৰ ভাৰত, দক্ষিণ-পূব এছিয়া তথা ফিলিপাইনছলৈ দেখিবলৈ পোৱা যায়।

বাসস্থান

কেঁচুখাটীয়ে প্ৰধানকৈ মুকলি অঞ্চলত চৰি ভাল পায়। শীতকালত ইয়াক চিৰসেউজীয়া কাঠনি (evergreen woodland)ত আৰু গ্ৰীষ্মকালত বনাঞ্চলত থকা দেখা পোৱা যায়।

আচৰণ

এই চৰাইবিধক খুউব কমেইহেযোৰ পাতি থকা দেখা যায়। সাধৰণতে মাটিতে ইহঁতে খাদ্যৰ সন্ধান কৰে, কেৱল বিপদৰ আশংকা হ'লেহে ওপৰৰ গছলৈ উৰি যায়।

ইয়াৰ মাতটো 'চ্চীইইপ' বা স্পেইইক ধৰণৰ যেন শুনিবলৈ পোৱা যায়।

খাদ্য

কেচুঁখাটীয়ে সাধাৰণতে পোক-পতংগ, ঘাঁহ বা গছৰ গুটি আদি খায়।

প্ৰজনন

Breeding at Mailee Thaatch (10000 ft.) in Kullu - Manali District of Himachal Pradesh, India
Breeding at Mailee Thaatch (10000 ft.) in Kullu - Manali District of Himachal Pradesh, Indiaছবি: J.M.Garg · CC BY-SA 3.0

ই সাধাৰণতে মে' ৰ পৰা জুলাই মাহৰ ভিতৰত প্ৰজনন কৰে। ইহঁতে শেলুৱৈ আৰু ঘাঁহেৰে মাটিত বাহ সাজে। এবাৰত ৩-৫ টাকৈ ফুটুকীয়া মটীয়া কণী পাৰে।

তথ্যসূত্ৰ

  1. ↑ Ali, Salim. (1986/2001). Handbook of the Birds of India and Pakistan, 2nd ed.,10 vols. Oxford University PressBird Number 1852, vol. 9, p. 247-249

সম্পৰ্কিত শ্ৰেণী

শালিকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঁচুখাটী” প্ৰবন্ধৰ সংশোধন ৫৪০৭০১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।