অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

একনলদেহী প্ৰাণী

একনলদেহী প্ৰাণী বা চিলেনটেৰেটা হৈছে প্ৰাণীজগতৰ পৰ্ব ক্নিডেৰিয়া (প্ৰৱাল, জেলী, ছী এনামন, ছী পেন্স, ইত্যাদি) আৰু টেন'ফৰাৰ (কম্ব জেলী) অন্তৰ্গত জীৱবোৰ। চিলেনটেৰেটা নামটো κοῖλος আৰু ἔντερον, এণ্টেৰণ, 'খাদ্যনলী', শব্দৰ পৰা আহৰণ কৰা হৈছে, যিয়ে এই দুটা পৰ্বৰ জীৱবোৰৰ ফোঁপোলা দেহ গহ্বৰক বুজায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৫৯ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

একনলদেহী প্ৰাণী বা চিলেনটেৰেটা হৈছে প্ৰাণীজগতৰ পৰ্ব ক্নিডেৰিয়া (প্ৰৱাল, জেলী, ছী এনামন, ছী পেন্স, ইত্যাদি) আৰু টেন'ফৰাৰ (কম্ব জেলী) অন্তৰ্গত জীৱবোৰ। চিলেনটেৰেটা নামটো κοῖλος আৰু ἔντερον, এণ্টেৰণ, 'খাদ্যনলী', শব্দৰ পৰা আহৰণ কৰা হৈছে, যিয়ে এই দুটা পৰ্বৰ জীৱবোৰৰ ফোঁপোলা দেহ গহ্বৰক বুজায়।১২ ইহঁত হৈছে অতি সাধাৰণ কলা সংঘ, কেৱল দুটা স্তৰযুক্ত (অভ্যন্তৰীণ আৰু বাহ্যিক) দেহ আৰু পাৰ্শ্বীয়ভাৱে প্ৰতিসম জীৱ। প্ৰৱাল উপনিৱেশ, হাইড্ৰা, জেলী ফিছ আৰু ছী এনামন হৈছে এনে জীৱৰ উদাহৰণ। একনলদেহী জীৱৰ এটা সুনিৰ্দিষ্ট সংবহন তন্ত্ৰ নাথাকে, কলা তৰপৰ মাজেদিয়েই পৰিবহণ সংঘটিত হয়।

বৈশিষ্ট

  • সকলো একনলদেহী জলজ, বেছিভাগেই সামুদ্ৰীক।
  • দেহ পাৰ্শ্বীয়ভাৱে প্ৰতিসম, দ্বিস্তৰীয় আৰু দেহ গহ্বৰ নাথাকে।
  • দেহত কেৱল এটা ছিদ্ৰ থাকে, ইয়াক হাইপ'ষ্টম বোলে, ইয়াৰ চাৰিওফালে চিকাৰ বিশেষকৈ সামুদ্ৰিক প্লাংটন ধৰিবলৈ সংবেদী টেণ্টাকল থাকে। এই টেণ্টাকলবোৱে গেষ্ট'ভাছকুলাৰ কেভিটি বা চিলেনটেৰণ নামৰ এটা গহ্বৰক আগুৰি থাকে।
  • আন্তঃকোষীয় বা বহিকোষীয় পাচন সংঘটিত হয়।
  • সাধাৰণ নিষ্কাষণৰ জৰিয়তে শ্বসন আৰু ৰেচন ক্ৰিয়া হয়।
  • দেহত স্নায়ুৰ এক জালিকা বিস্তাৰিত হৈ থাকে।
  • বহুতো উপনিৱেশীয় প্ৰজাতিৰ বিভিন্ন সদস্য সকলে ভিন্ন কাৰ্যৰ বাবে ভিন্ন ৰূপ লব পাৰে। ইহঁতক জইডছ বুলি কোৱা হয়।
  • এই প্ৰাণীয়ে সাধাৰণতে মুকুল সৃষ্টিৰ জৰিয়তে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে যদিও কিছুমান গোটত যৌন প্ৰজননো দেখা পোৱা যায়।

শ্ৰেণীবিভাজনৰ ইতিহাস

বৰ্তমান চিলেনটেৰেটা শব্দৰ বৈজ্ঞানিক বৈধতা এটা বিবদমান বিষয়, বহুক্ষেত্ৰত ক্নিডেৰিয়া (Cnidaria) আৰু টেন'ফৰা (Ctenophora) পৰ্ব দুটাক খুব কমেহে ব্যৱহাৰ কৰা হয়।৩ যদিহে প্লেক'জৱা আৰু বাইলেটেৰিয়া দুয়োটাকে বিবেচনা কৰিলে চিলেনটেৰেটাৰ এটা মনফাইলেটিক গোট বুলি কব পৰা যায়।৪ বিশেষকৈ, টেন'ফৰাৰ ফাইল'জেনেটিক স্থান এতিয়াও বিবাদৰ বিষয়; প্ৰথমতে ইয়াক চিলেনটেৰেটাৰ এটা উপ−গোট হিচাপে বিবেচনা কৰা হৈছিল কিন্তু হেইমেনে (Hyman) ইয়াক এটা পৃথক পৰ্ব বুলি মত আগবঢ়াই।৪৫

পলিপ আৰু মেডুছা

চিলেনটেৰেটাৰ অধিকাংশ সদস্য পলিপ অথবা মেডুছা ৰূপত পোৱা যায়।

পলিপ ৰূপ

ছী এনামন (বাঁও) আৰু প্ৰৱাল (সোঁ)
ছী এনামন (বাঁও) আৰু প্ৰৱাল (সোঁ)ছবি: Public domain

পলিপ ৰূপ হাইড্ৰ'জৱা আৰু এণ্ঠ'জৱা বৰ্গত পোৱা যায়। সৰল ৰূপৰ পলিপ গিলাছ অথবা বেলনাকাৰৰ হয়। ইয়াৰ মুখ ওপৰৰ ফালে আৰু বিপৰীত দিশ পৃথিৱীৰ ফালে থাকে। উপনিৱেশ পাতি বাস কৰা জাতিবোৰৰ মুখৰ বিপৰীত দিশত উপনিৱেশৰ প্ৰাণীবোৰ লগ লাগি থাকে। এনে জাতিবোৰৰ বিভিন্ন পলিপৰ ভিতৰৰ সুৰংগবোৰ এটা আনটোৰ সৈতে শাখাৰ দ্বাৰা সংযুক্ত হৈ থাকে। এনে জাতিবোৰৰ অধিকাংশৰে সকলো পলিপ একে ধৰণৰ নহয়। উদাহৰণ স্বৰূপে কিছুমানৰ মুখ থাকে আৰু আহাৰ গ্ৰহণ কৰে আনহাতে কিছুমানৰ মুখ নাথাকে, কিছুমানৰ আন্তঃগহ্বৰ সৰল থলীৰ দৰে আনহাতে কিছুমানৰ আন্তঃগহ্বৰ অপূৰ্ণ ৰূপত বহু ভাগত বিভক্ত হৈ থাকে।

ছী এনিমেন সাগৰৰ তলিত লাগি থাকে, ই দেখিবলৈ ফুলৰ দৰে কিন্তু ই এবিধ প্ৰাণীহে আৰু ইহঁতে স্পৰ্শিকাৰ দ্বাকা সৰু সৰু জীৱ আবদ্ধ কৰি পাচন কৰে। ই দেখিবলৈ ফুলৰ দৰে হোৱা বাবে ইয়াক সমুদ্ৰপুষ্প বুলি কোৱা হয়। ইয়াৰ সংৰচনাও অন্য পলিপৰ দৰেই। ফোঁপোলা বেলনাকাৰ স্তম্ভৰ শীৰ্ষ ভাগত মুখছিদ্ৰ থাকে, ইয়াত স্পৰ্শিকাৰ এটা বা দুটা তৰপ থাকে। এই স্পৰ্শিকাবোৰ ফুলৰ পাহিৰ দৰে দেখা যায়। স্তম্ভৰ তলফালে চেপেটা। ইয়াৰ সহায়ত ই বিভিন্ন বস্তুত খামুচি ধৰিব পাৰে, কিন্তু ই একে ঠাইতে স্থায়ী ৰূপত খামুচি ধৰি নাথাকে, ই অত্যন্ত ধীৰে ধীৰে চলাচল কৰিব পাৰে। ইয়াক কেইবাদিনলৈকে একে ঠাইতে থকা দেখা যায়। সমুদ্ৰ তীৰৰ কাষত ইয়াক পোৱা যায়। প্ৰায় সকলো সাগৰতে ইয়াক পোৱা যায়, যদিও উষ্ম দেশীয় সমুদ্ৰত ইয়াৰ আকাৰ ডাঙৰ হোৱা দেখা যায়। ই বিভিন্ন ৰঙৰ হয় আৰু বহুক্ষেত্ৰত ইহঁতৰ দেহত সুন্দৰ আঁক আৰু জ্যামিতিক চিত্ৰ দেখা পোৱা যায়। ইহঁত মাংসভোজী, স্পৰ্শিকাৰ সহায়ত ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ ধৰি আহাৰ হিচাপে গ্ৰহণ কৰে।

মেডুছা

মেডুছা
মেডুছাছবি: mama hiro from shiga, japan · CC BY 2.0

ইংৰাজীত জেলী ফিছ বুলি কোৱা প্ৰাণীবোৰক বৈজ্ঞানিক ভাষাত মেডুছা বুলি কয়। পাশ্ছাত্য পৰম্পৰামতে মেডুছা এজনী ৰাক্ষসী আছিল যাৰ চুলি নাছিল; চুলিৰ সলনি মূৰত অসংখ্য সৰ্প আছিল। এই ৰাক্ষসীৰ নামেৰেই মেডুছা নামটো ৰখা হৈছে। মেডুছাৰ আকাৰ ছাতিৰ দৰে আৰু ইয়াৰ মাজত য'ত ছাতিৰ দণ্ডডাল থাকে তাতে ইহঁতৰ মুখখন থাকে। ছাতিৰ দৰে হোৱা বাবে ইহঁতক হিন্দীত ছত্ৰিক বুলিও কয়। ইহঁতৰ দেহটো অত্যন্ত কোমল।

জেলী ফিছ দেখিবলৈ বৰ ধুনীয়া। ইহঁতৰ বাহিৰ বা ভিতৰত কোনো হাড় নাথাকে। শৰীৰত বহুত পানী থাকে। সমুদ্ৰতীৰৰ পৰা কেতিয়াবা এই প্ৰাণীক পানীত ভাঁহি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ স্পৰ্শিকাবোৰ তললৈ উলমি থাকে আৰু দেহৰ ওপৰভাগ ছাতিৰ দৰে ফুলি থাকে। ই নিৰ্জীৱ বস্তুৰ দৰে পৰি থাকে আৰু পানীৰ সোতে ইহঁতক যেনি তেনি উটুৱাই নিয়ে যদিও ই নিজ ইচ্ছামতে অতি ধীৰে ধীৰে সাতুৰিবও পাৰে। সাতুৰিবৰ বাবে ই বাৰে বাৰে নিজৰ দেহটো সংকোচন − প্ৰসাৰণ কৰে। বিভিন্ন জাতিৰ জেলী ফিছ পোৱা যায়। কিছুমানৰ আকাৰ সৰু আৰু কিছুমান বহুত ডাঙৰ হয়। ইহঁত বিভিন্ন আকৰ্ষণীয় বৰণৰ যদিও কিছুমান বিষাক্ত। ইয়াৰ স্পৰ্শিকা বহুত দীঘল হোৱা দেখা যায়। ইয়াৰ দংশনৰ ফলত মৃত্যু পৰ্যন্ত হব পাৰে।

তথ্যসূত্ৰ

  1. ↑ coelenterate - definition of coelenterate in English · Oxford Dictionaries. Oxford Dictionaries · English
  2. ↑ Definition of COELENTERATE. www.merriam-webster.com. Merriam-Webster
  3. ↑ Dunn, Casey W.; Leys, Sally P.; Haddock, Steven H.D. (May 2015). The hidden biology of sponges and ctenophores. Trends in Ecology & Evolution. পৃ. 282–291
  4. ↑ Pisani, Davide; Pett, Walker; Dohrmann, Martin. (2015-12-15). Genomic data do not support comb jellies as the sister group to all other animals. Proceedings of the National Academy of Sciences. পৃ. 15402–15407
  5. ↑ Whelan, Nathan V.; Kocot, Kevin M.; Moroz, Leonid L. (2015-05-05). Error, signal, and the placement of Ctenophora sister to all other animals. Proceedings of the National Academy of Sciences. পৃ. 5773–5778

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একনলদেহী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৩৮০২৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।