অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বামুণী সাপ

বামুণী সাপ (buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৬৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বামুণী সাপ (buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।

বিৱৰণ

Keeled scales
Keeled scalesছবি: No machine-readable author provided. AshLin assumed (based on copyright claims). · CC BY-SA 2.5

বামুণী সাপ সাধাৰণতে ৪০-৫০ ছে:মি: দীঘল হয়। এইবিধৰ সাপৰ মাইকীজনী মতা সাপটোতকৈ বেছি দীঘল হয়। ইয়াৰ দেহৰ বৰণ সাধাৰণতে সেউজীয়া-মটীয়া বা মুগা হয়। বামুণী সাপৰ মূৰ আৰু দেহৰ বৰণ প্ৰায় একে।

ইয়াৰ দেহত দীঘলে দীঘলে এডাল হালধীয়া আঁচ থাকে। মূৰৰ কাষত এই আঁচডাল কিছূ অস্পষ্ট হৈ পৰে। ইয়াৰ জীভা খাঁজকটা আৰু ক'লা হয়। এই সাপবিধৰ দেহত পথালিকৈও কিছুমান ক'লাবৰণীয়া আঁচ থকা দেখা যায়। ইয়াৰ দেহৰ তলৰ অংশ পাতল ক্ৰীমবৰণীয়া আৰু দুয়োকাষে কিছুমান সৰু ক'লা ফোঁট থাকে।

''Amphiesma stolatum'', ''erythrostictus'' form, Ezhimala, Kerala, India. Note the beautiful vermillion interstices and the yellow underbelly
Amphiesma stolatum, erythrostictus form, Ezhimala, Kerala, India. Note the beautiful vermillion interstices and the yellow underbellyছবি: Jayendra Chiplunkar · CC BY-SA 3.0

বিতৰণ

এই সাপবিধ দক্ষিণ, দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে। ইয়াক প্ৰধানকৈ পাকিস্তান, স্ৰীলংকা, ফিলিপাইনছ, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়। ভাৰতত এই সাপবিধ সাগৰৰ পৰা ২০০০ ফুট উচ্চতালৈকে দেখিবলৈ পোৱা যায়।

বাসস্থান

বামুণী সাপে সাধাৰণতে নৈৰ পাৰ,জলাহ ভূমি, খেতি-পথাৰ, মুকলি ঘাঁহ অঞ্চল আদিত বাস কৰে। বিশেষকৈ বাৰিষা কালত ইয়াক সততে দেখা পোৱা যায়।

আচৰণ

এই সাপবিধ দিনৰ ভাগত আটাইতকৈ সক্ৰিয়।

খাদ্য

বামুণী সাপৰ প্ৰধান খাদ্য সৰু আকাৰৰ উভচৰ প্ৰাণী যেনে ভেকুলী আদি। অৱস্যে ইহঁতে মাছ, সৰু জেঠী আৰু নিগনি আদিও খোৱা দেখা যায়।

প্ৰজনন

Rescued egg clutch
Rescued egg clutchছবি: Capt Suresh Sharma/ Green Dot Expeditions · CC BY-SA 3.0

বামুণী সাপে এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত কণী পাৰে। এবাৰত ই ৫-১০ টাকৈ বগা বৰণৰ কণী পাৰে।

তথ্যসূত্ৰ

  • Boulenger, George A.1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Secretary of State for India in Council. (Taylor and Francis, Printers). London. xviii + 541 pp. (Tropidonotus stolatus, pp. 348-349.)
  • Boulenger, G.A.1893. Catalogue of the Snakes in the British Museum (Natural History). Volume I., Containing the Families...Colubridæ Aglyphæ, Part. Trustees of the British Museum (Natural History). (Taylor and Francis, Printers). London. xiii + 448 pp. + Plates I.-XXVIII. (Tropidonotus stolatus, pp. 253-254.)
  • Cox, Merel J.; Van Dijk, Peter Paul; Jarujin Nabhitabhata & Thirakhupt,Kumthorn. 1998. A Photographic Guide to Snakes and Other Reptiles of Peninsular Malaysia, Singapore and Thailand. Ralph Curtis Publishing. Sanibel Island, Florida. 144 pp.
  • Daniels, J.C. 2002. Book of Indian Reptiles and Amphibians. BNHS. Oxford University Press. Mumbai.
  • Das, I. 1999. Biogeography of the amphibians and reptiles of the Andaman and Nicobar Islands, India. In: Ota,H. (ed) Tropical Island herpetofauna. Elsevier, pp. 43-77.
  • Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India. Ralph Curtis Books. Sanibel Island, Florida. 144 pp. ISBN 0-88359-056-5. (Amphiesma stolatum, p. 19.)
  • Linnaeus, C. 1758. Systema Naturae. 10th Edition: 204 pp.
  • Wall, Frank. 1921. Ophidia Taprobanica or the Snakes of Ceylon. Colombo Museum. (H.R. Cottle, government printer). Colombo. xxii + 581 pp.
  • Whitaker, Romulus. 2006. Common Indian Snakes - A Field Guide. Revised edition. MacMillan India Ltd. New Delhi.

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

সাপজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বামুণী সাপ” প্ৰবন্ধৰ সংশোধন ৩৮২০৩৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।