বাটৰাজ সাপ (Red-necked keelback, বৈজ্ঞানিক নাম-Rhabdophis subminiatus)'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ ঠাইভেদে ইয়াক বাকৰাজ, বাটচুপা, ৰঙা মূৰীয়া সাপ, ৰঙা ডিঙিৰ গোম, ৰঙামূৰীয়া ফেটী, ৰঙা গোম, নিগনিখোৱা, শালিকাজঁপিয়া আদি নামেৰেও জনা যায়।
বিৱৰণ
এই সাপবিধৰ দেহৰ বৰণ সেউজীয়া আৰু মূৰৰ অংশত ৰঙা আৰু হালধীয়া দাগ থাকে৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৯০ ছে:মি: হয়৷
বিতৰণ
ইণ্ডোনেছিয়া, ভাৰত, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভূটান, বাংলাদেশ, নেপাল, চীন, মালয়েছিয়া আদিদেশত এই সাপবিধ বিস্তৃত হৈ আছে৷
বাসস্থান
এই সাপবিধ সাধাৰণতে পুখুৰীত থাকে৷১
আচৰণ
বাটৰাজ সাপক পূৰ্বতে বিষহীণ গণ্য কৰা হৈছিল, পিচে, সম্প্ৰতি কিছুমান ঘটনাৰ পৰা দেখা গৈছে এইবিধ সাপে সাধাৰণতে দংশনৰ সময়ত বিষ এৰি নিদিয়াকৈও থাকিব পাৰে। মুখৰ পাছফালে বিষদাঁত থকা (Rear Fanged) বাবে এই সাপে একেৰাহে বহুসময় ধৰি কামোৰ মাৰি ধৰি থকাৰ পাচতহে পৰ্যাপ্ত পৰিমাণৰ বিষ নিৰ্গত কৰিব পাৰে।
খাদ্য
বাটৰাজ সাপে পানীৰ ভেকুলী আৰু মাছ আদি খাই জীয়াই থাকে৷২
তথ্যসূত্ৰ
- Boulenger, G.A. 1893 Catalogue of the snakes in the British Museum (Nat. Hist.) I. London (Taylor & Francis), 448 pp.
- Bulian,J. 1999 Über die Schlangenfauna eines Gartens in Südthailand. Elaphe 7 (4): 61-67
- Schlegel, H. 1837 Essai sur la physionomie des serpens. Partie Généralxxviii +251 S. + Partie Descriptiv606 S. + xvi. La Haye (J. Kips, J. HZ. et W. P. van Stockum)
বাহ্যিক সংযোগ
- itgmv1.fzk.de/www/itg/uetz/herp/photos/Rhabdophi link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- www.thailandsnakes.com/tag/rhabdophis-subminiatu
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাটৰাজ সাপ” প্ৰবন্ধৰ সংশোধন ৬২৪০৬৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।