অসমৰ ৰাজনীতিক
১১৭ প্ৰবন্ধ
-
জয়শ্ৰী গোস্বামী মহন্ত
জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী। তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শিক্ষাবিদ হিচাপে জনাজাত।
-
দিগন্ত বৰ্মন
দিগন্ত বৰ্মন (Diganta Barman, জন্ম:২৬ নবেম্বৰ,১৯৬৪) এগৰাকী ৰাজনৈতিক তথা অসম বিধানসভাৰ সদস্য। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বৰক্ষেত্ৰীৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়।
-
দীপ গগৈ
দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
-
নোমল মমিন
নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ভুৱনেশ্বৰ বৰুৱা
ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬) অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷
-
মণি কুমাৰ চুব্বা
মণি কুমাৰ চুব্বা (জন্ম:১৬ মাৰ্চ ১৯৫৮- মৃত্যু:২৭ মে',২০১৯) ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ ক্ৰমে দ্বাদশ, ত্ৰয়োদশ আৰু চতুৰ্দশ লোকসভাত তিনিবাৰৰ বাবে লোকসভাৰ সাংসদ আছিল। তেওঁ অসমৰ তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ আগেয়ে তেওঁ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক আছিল।
-
মফিদা আহমেদ
মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত দ্বিতীয় মহিলা সাংসদ আৰু প্ৰথম মহিলা মুছলমান সাংসদ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰোহিনী কুমাৰ চৌধুৰী
ৰোহিনী কুমাৰ চৌধুৰী (Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।
-
অজয় কুমাৰ দত্ত
অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।
-
গৌৰীশংকৰ ভট্টাচাৰ্য
গৌৰীশংকৰ ভট্টাচাৰ্য (ইংৰাজী: Gaurishankar Bhattacharya) অসমৰ এগৰাকী ৰাজনীতিবিদ, সাহিত্যিক।
-
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ বড়োলেণ্ড পিপুলছ ফ্ৰন্ট দলৰ সদস্য।
-
থানেশ্বৰ বড়ো
থানেশ্বৰ বড়ো (Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অসম গণ পৰিষদৰ এজন সদস্য আছিল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ৮ম, ৯ম আৰু ১০ম অসম বিধানসভালৈ ক্ৰমাগতভাবে তিনিবাৰ বিধায়ক ৰূপে জয়ী হৈ আহিছিল।
-
নাৰায়ণ চন্দ্ৰ বৰকটকী
নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
প্ৰদান বৰুৱা
প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ…
-
প্ৰদ্যুৎ বৰদলৈ
প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰমোদ গগৈ
প্ৰমোদ গগৈ (Pramod Gogoi) (২৯ ছেপ্তেম্বৰ, ১৯৩০ - ৬ এপ্ৰিল ২০১২) আছিল অসমৰ এজন জ্যেষ্ঠ চি পি আই নেতা, প্ৰাক্তন মন্ত্ৰী তথা কমিউনিষ্ট আন্দোলনৰ অন্যতম কাণ্ডাৰী৷ চিৰজীৱন অবিবাহিত হৈ থাকি ৰাজ্যৰ সেৱাত নিজকে উচৰ্গা কৰা প্ৰমোদ গগৈৰ জন্ম হয় ২৯ ছেপ্তেম্বৰ, ১৯৩০ চনত শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱত৷…
-
ভবেশ কলিতা
ভবেশ কলিতা (জন্ম ১ মাৰ্চ ১৯৭২) ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী পৰ্য্যন্ত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হয়।
-
মনোৰঞ্জন গোস্বামী
কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷
-
মনোৰঞ্জন তালুকদাৰ
মনোৰঞ্জন তালুকদাৰ (Manoranjan Talukdar) ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পৰা অসম বিধানসভালৈ ২০২১ চনত মনোনীত হোৱা এগৰাকী বিধায়ক। তেওঁ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে।
-
ৰঞ্জিত দত্ত
ৰঞ্জিত দত্ত (জন্ম ২৪ জানুৱাৰী ১৯৫৭) এজন ৰাজনৈতিক তথা লোকসভাৰ এগৰাকী সাংসদ। তেওঁ ২০০১ চনৰ পৰা ২০১১ চনলৈকে বিহালী সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ চনৰ পৰা ২০২১ চনলৈ দত্ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল।
-
ৰঞ্জিৎ শেখৰ মুছাহাৰী
ৰঞ্জিৎ শেখৰ মুছাহাৰী (Ranjit Shekhar Mooshahary; জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত আছিল (১ জুলাই ২০০৮ ৰ পৰা ৭ জুলাই ২০১৩ লৈকে)।
-
ৰূপজ্যোতি কুৰ্মী
ৰূপজ্যোতি কুৰ্মী (জন্ম 24 জুলাই 1977) হৈছে ভাৰতীয় জনতা পাৰ্টি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেও প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
অলক কুমাৰ ঘোষ
অলোক কুমাৰ ঘোষ অসমৰ এজন ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মৰিয়নী পৰা অসম বিধান সভাৰ ২০০৪ চনৰ উপ-নিৰ্বাচনত নিৰ্বাচিত হৈ বিধায়ক হৈছিল।
-
কিৰণ কুমাৰ গগৈ
কিৰণ কুমাৰ গগৈ অসমৰ এজন ৰাজনীতিবিদ আৰু মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। তেখেতৰ জন্ম হৈছিল ১৯৫৬ চনত অসমৰ ডিব্ৰুগড় জিলাৰ লেজাইত। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে।
-
জয়ন্ত মল্ল বৰুৱা
জয়ন্ত মল্ল বৰুৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসম বিধানসভাৰ দুটা কাৰ্যকালৰ সদস্য। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে।
-
তৰংগ গগৈ
তৰংগ গগৈ এগৰাকী অসমীয়া ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে তেওঁ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷
-
দিলীপ শইকীয়া
দিলীপ শইকীয়া (Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি। ২০১৯ চনত ভাৰতৰ সাধাৰণ নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হয়।
-
দীপক ভট্টাচাৰ্য
দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।
-
পদ্ম হাজৰিকা
পদ্ম হাজৰিকা (Padma Hazarika)অসমৰ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনৈতিক নেতা আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক। তেওঁ ১৯৯৬, ২০০৬, ২০১১, আৰু ২০১৬ চনত অসম বিধান সভাৰ নিৰ্বাচনত শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।