ৰঞ্জিত দত্ত (জন্ম ২৪ জানুৱাৰী ১৯৫৭) এজন ৰাজনৈতিক তথা লোকসভাৰ এগৰাকী সাংসদ। তেওঁ ২০০১ চনৰ পৰা ২০১১ চনলৈকে বিহালী সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ চনৰ পৰা ২০২১ চনলৈ দত্ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল।১২ ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৭ চনৰ ২৪ জানুৱাৰীত বিশ্বনাথৰ হাতিবন্ধাত ৰঞ্জিত দত্তৰ জন্ম হয়। তেওঁৰ পিতৃ কুলধৰ দত্ত আৰু মাতৃ লাবণ্য দত্ত। তেওঁ ১৯৭৪ চনত তেজপুৰৰ দৰং কলেজৰ পৰা উচ্চ মাধ্যমিক সম্পূৰ্ণ কৰে।৪
ৰাজনৈতিক জীৱন
ৰঞ্জিত দত্তই বিজেপিৰ প্ৰাৰ্থী হিচাপে বিহালী সমষ্টিৰ পৰা ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। তেওঁ নিৰ্বাচনত মুঠ ভোটৰ ৫০.৬৫% ভোট (৩৩৩৪৮টা)লাভ কৰি বিজয় সাব্যস্ত কৰে। ৫
২০০৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দত্ত পুনৰ বিহালী সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লয়। ২৮৬৩৩ ভোট লাভ কৰি তেওঁ নিকটতম প্ৰাৰ্থী, ৮৯৭৯ ভোটত পৰাস্ত কৰে।৫
২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত দত্তই পুনৰ বিহালী সমষ্টিৰ পৰা প্ৰাৰ্থিতা আগবঢ়ায় যদিও তেওঁ ২২৬৬২ ভোট লাভ কৰি সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ বিৰুদ্ধে ১৮১৩৬ ভোটত পৰাস্ত হয়।
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দত্তই ৫২১৫২ ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বীক ২৩৬০১ ভোটত পৰাস্ত কৰিছিল।৫ দত্ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কেবিনেটত ৰেচম, সংখ্যালঘু কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হৈছিল। তেওঁ ২৪ মে' ২০১৬ ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।৬৭৮
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ ৫৩৫৮৩ ভোট লাভ কৰি পঞ্চম বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়।
ব্যক্তিগত জীৱন
ৰঞ্জিত দত্ত গীতা দত্তৰ সৈতে ১ মে' ১৯৯১ চনত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।২
তথ্যসূত্ৰ
- ↑ ১৪তম অসম বিধানসভাৰ সদস্য
- ↑ (2021-06-27). অসম বিধানসভা - সদস্য
- ↑ (2024-07-13). Sonitpur Election Results 2024: Assam Sonitpur Lok Sabha Elections Poll Result Updates. The Times of India
- ↑ (2021-03-18). বেহালীৰ পৰা ৰঞ্জিত দত্ত: প্ৰাৰম্ভিক জীৱন, বিতৰ্ক আৰু ৰাজনৈতিক জীৱন - চেণ্টিনেল অসম. www.sentinelassam.com
- ↑ বেহালী বিধানসভা সমষ্টি নিৰ্বাচনৰ ফলাফল - বিধানসভা সমষ্টি. resultuniversity.com
- ↑ (2016-05-24). সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে - ফ'ট'সমূহৰ বাতৰি, ফাৰ্ষ্টপ'ষ্ট. Firstpost
- ↑ (May 24, 2016). সৰ্বানন্দ সোণোৱালে প্ৰথম বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে. India Today
- ↑ (2016-05-24). সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে - হিন্দুস্তান টাইমছ. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিত দত্ত” প্ৰবন্ধৰ সংশোধন ৪৫৯৫১০ (২৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।