অসমৰ ৰাজনীতিক
১১৭ প্ৰবন্ধ
-
প্ৰদ্যুত বৰা
প্ৰদ্যুত বৰা ( Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।
-
প্ৰমিলা ৰাণী ব্ৰহ্ম
প্ৰমীলা ৰাণী ব্ৰহ্ম (प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত…
-
প্ৰেমধৰ বৰা
প্ৰেমধৰ বৰা (Premadhar Bora) অসমৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক। তেওঁ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল। তদুপৰি ২০০১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ'-টেম অধ্যক্ষ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বিহপুৰীয়া বিধান সমষ্টিৰ পৰা অসম বিধানসভালৈ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
ভূপেন বৰা
ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।
-
মুহিৰাম শইকীয়া
মুহিৰাম শইকীয়া (জন্ম ১৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ নগাওঁ লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ সদস্য হিচাপে ভাৰতৰ সংসদ নিম্ন সদন লোকসভালৈ ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
-
সিদ্ধাৰ্থ ভট্টাচাৰ্য
সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। ভট্টাচাৰ্য্য অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
-
হীৰা শৰণীয়া
নব কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ওৰফে হীৰা ডেকা (জন্ম ১ মে ১৯৬৯) এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চন লৈকে এজন স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৯ চনৰ পৰা ২০২৪ চন লৈকে গণ সুৰক্ষা পাৰ্টীৰ সদস্য হিচাপে অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰমেন ডেকা
ৰমেন ডেকা (জন্ম ১ মাৰ্চ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ডেকা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ। তেওঁ অসমৰ মঙলদৈ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। ডেকা ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰমেন্দ্ৰ নাৰায়ণ কলিতা
ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসমৰ অসম গণ পৰিষদৰ এজন ৰাজনীতিবিদ তথা এজন বিধায়ক। পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা তেওঁ ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০৬, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছে।
-
ৰাজেন গোহাঁই (ৰাজনীতিক)
ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
-
অনন্ত কলিতা
অনন্ত কলিতা (Ananta Kalita) হৈছে অসম, ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, স্তম্ভ লেখক, নিবন্ধকাৰ, বাঁওপন্থী নেতা, আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ভূতপূৰ্ব সঞ্চালক ৷ ডাক আৰু তাঁৰ সেৱাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ষ্টেট বেংক অৱ ইণ্ডিয়াত যোগদান কৰা অনন্ত কলিতাই অৰ্থনীতি আৰু সামাজিক বিষয়ত একাধিক…
-
কাম্পা বৰগয়াৰী
কাম্পা বৰগয়াৰী (कम्प बोर्गोयारि) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰাপ্তন উপ-মুখ্য কাৰ্যবাহী সদস্য। তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
কুইন ওজা
কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
কুতুব আহমেদ মজুমদাৰ
কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
দিপ্লু ৰঞ্জন শৰ্মা
দিপ্লু ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়
-
দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া (Debabrata Saikia; জন্ম: ১৪ ডিচেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলপতি। ২০১৬ চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।
-
দেৱানন্দ হাজৰিকা
দেবানন্দ হাজৰিকা অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
নাজনীন ফাৰুক
নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
-
নৃপেন গোস্বামী
নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
-
পবিত্ৰ ৰাভা (ৰাজনীতিক)
পবিত্ৰ ৰাভা (PABITRA RABHA) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
-
পোনাকণ বৰুৱা
পোনকান বৰুৱা অসম গণ পৰিষদৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।
-
ভবেন্দ্ৰ নাথ ভৰালী
ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল।
-
মামুন ইমদাদুল হক চৌধুৰী
মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত…
-
মোহন দাস
মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
লীলাধৰ কটকী
লীলাধৰ কটকী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কটকী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
-
শৰৎ বৰকটকী
শৰৎ বৰকটকী (Sarat Barkotoky; ১ মাৰ্চ ১৯৩৫- ৩০ অক্টোবৰ ২০২৩) অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ। যোৰহাট জিলাৰ সোণাৰি অসম বিধানসভা সমষ্টিৰ তেওঁ প্ৰাক্তন বিধায়ক তথা অসমৰ এগৰাকী শিক্ষামন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
ৰাধেশ্যাম বিশ্বাস
ৰাধেশ্যাম বিশ্বাস ভাৰতীয় ৰাজনীতিবিদ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।