অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মফিদা আহমেদ

মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত দ্বিতীয় মহিলা সাংসদ আৰু প্ৰথম মহিলা মুছলমান সাংসদ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ‌ অন্যতম আছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত দ্বিতীয় মহিলা সাংসদ আৰু প্ৰথম মহিলা মুছলমান সাংসদ১ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ‌ অন্যতম আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ২

জীৱনী

মফিদা আহমেদৰ ১৯২১ চনৰ নৱেম্বৰ মাহত অসমৰ যোৰহাট নগৰত জন্ম হৈছিল। ২ তেওঁৰ পিতৃ আছিল মহম্মদ বৰুৱা আলি। তেওঁ শিক্ষানুষ্ঠানত নামভৰ্তি নকৰাকৈ ব্যক্তিগত শিক্ষকৰ সহায়তাত শিক্ষাৰ পাতনি মেলিছিল।

কৰ্মজীৱন

মফিদা আহমেদ ৰাষ্ট্ৰীয় সঞ্চয় আচঁনিত ১৪-৭-১৯৫৫ ৰ পৰা ১৯-১-১৯৫৭ চনলৈ অবৈতনিক হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৪৯ চনলৈ ৰেডক্ৰছ চ'ছাইটিৰ যোৰহাট শাখাৰ যুটীয়া সম্পাদক ৰূপেও দায়িত্ব চম্ভালিছিল। ২ ১৯৫৩ চনত স্থাপন হোৱাৰে পৰা ১৯৫৬ চনলৈকে তেওঁ গোলাঘাটত কংগ্ৰেছৰ মহিলা বিভাগৰ আহ্বায়কৰ দায়িত্বত আছিল। তদুপৰি, ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫৩ চনৰ জানুৱাৰী মাহলৈ তেজপুৰ মহিলা সমিতিৰ সহকাৰী সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি পতিতাসকলৰ উদ্ধাৰ আৰু পুনঃসস্থাপন, আৰু প্ৰসুতি কল্যাণৰ কৰ্মসূচী চোৱাচিতা কৰিছিল। ২

ৰাজনৈতিক জীৱন

স্বাধীন ভাৰতৰ ইতিহাসৰ দ্বিতীয়টো সাধাৰণ নিৰ্বাচন হিচাপে চিহ্নিত ১৯৫৭ চনৰ সংসদীয় নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিৰ পৰা মফিদা আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ মুঠ ৩,৭৩,৬৬৬ ভোটৰ ভিতৰত ৮০,০২৩ টা ভোট লাভ কৰি নিম্নসদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে, উক্ত নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চি পি আই)-ৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা প্ৰখ্যাত অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিক। ২ অৱশ্যে ইয়াৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন, ১৯৬২ চনৰ সংসদীয় নিৰ্বাচনত মফিদা আহমেদ প্ৰজা চ'ছিয়েলিষ্ট পাৰ্টীৰ ৰাজেন্দ্ৰ নাথ বৰুৱাৰ ওচৰত পৰাভূত হয়। ৩

সাহিত্য ক্ষেত্ৰলৈ অৱদান

ৰাজনীতি আৰু সমাজসেৱাৰ সমান্তৰালভাৱে মফিদা আহমেদ সাহিত্যৰো অনুৰাগী আছিল। তেওঁ আঠখনকৈ পুথি অসমীয়া ভাষাত ৰচনা কৰিছিল। ২ ইয়াৰ ভিতৰত বিশ্বদীপ-বাপুজী আৰু ভাৰতৰ-নেহৰু নামৰ পুথি দুখন উল্লেখনীয়। ৪ মেহতাবে ইছলাম, নুৰে হাছানা, গুলবাগ তেখেতে লিখা আন তিনিখন পুথি৷১

ব্যক্তিগত জীৱন

মফিদা আহমেদৰ হবি আছিল পঢ়া, চিলাই, গুঁঠা আৰু ফুলনি সজোৱা। ২ ১৯৪০ চনত তেওঁ‌ আছানুদ্দিন আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বেগম মফিদা আহমেদ হিচাপেও খ্যাত মফিদা আহমেদৰ কন্যা চৈয়দা আনোৱাৰা টাইমূৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। আনোৱাৰা টাইমূৰ অসম বিধানসভাৰ দ্বিতীয়গৰাকী মুছলমান মহিলা বিধায়িকা আছিল। ৫

মৃত্যু

২০০৮ চনৰ১ ১৭ জানুৱাৰী তাৰিখে মফিদা আহমেদৰ বাৰ্ধক্যজনিত কাৰণত ৮৮ বছৰ বয়সত মৃত্যু হয়। ৬

তথ্যসূত্ৰ

  1. ↑ ৰহমান, আবদুৰ. (২০১৩). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃ. ১৮১. ISBN 978-93-244-0318-6
  2. ↑ Members Bioprofile. 164.100.47.194
  3. ↑ স্বাধীনতাৰ পৰৱৰ্তী কালত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল
  4. ↑ Begum Mofida Ahmed, Assam's first woman MP, dies. Outlook
  5. ↑ (December 12, 2018). Muslim women in Assam politics
  6. ↑ Begum Mofida Ahmed, Assam's first woman MP, dies. Outlook

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মফিদা আহমেদ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৩৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।