জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।১২৩ তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শিক্ষাবিদ হিচাপে জনাজাত। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪৫ ২০১৯ চনত তেখেতে 'চাণক্য' নামৰ উপন্যাসখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।৬
গ্ৰন্থৰাজি
- বহুবিষয় চমকপ্ৰদ তথ্য
- চাণক্য
- অকথিত শালগ্ৰাম
- গান্ধাৰী
- মহাকবি(ভাৰতীয় সাহিত্যত প্ৰথম বাৰৰ বাবে মহাকবি কালিদাসৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস)
- দ্ৰোণাচাৰ্য
- শ্ৰেষ্ঠ বিদেশী গল্প
- অসম আন্দোলন:যুগমীয়া চিন্তাৰ এক প্ৰতিফলন
- একুকি ধেমেলীয়া সাধু
- আৰ্থাৰ কোনন ডয়েলৰ কালজয়ী গ্ৰন্থ ‘ৰিং অব থোথ’ৰ অনুবাদ ‘থোথৰ আঙুঠি’৭
- চেমনীয়াৰ বিশ্ব সাহিত্য
- নতুন সাধু মজাৰ সাধু
- মেটমৰা সাধুৰ বোজা শুনো আহা কেনে মজা
- পৰীয়ে গোৱা গীত নুশুনিবা
- সাধু শুনো সাধু খাই কঠালৰ বাদু
- পৰীৰ সাধু শুনিবা?
- উৱঁলি যোৱা চাদৰ
- ডাবল চাফল
- অন্য এক ৰত্নাকৰ
- দ্য এডভেঞ্চাৰ অব দ্য স্পেকলড ব্যাণ্ড
- ৰিপ ভাল ৱিংকল
- মোৰ ডায়েৰীখন
- সাত বাওনাৰ সাধু
- চেমনীয়াৰ বিশ্ব সাহিত্য -১
- ডন কুইকজোট
- নীলা চৰাই
- বিশ্বৰ শ্ৰেষ্ঠ সাধু-২
- মৰণ- ফাণ্ড
- পেৰা ভৰাই সাধু আনিছো শুনা মনে মনে
- नारी तुम अनन्या हो
- The Poet Immortal: A Novel on the Life of Mahakavi Kalidas
তথ্যসূত্ৰ
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
- ↑ Women Members of Rajya Sabha. ৰাজ্যসভা
- ↑ (2000). Parliamentary Debates: Official Report. পৃ. 325
- ↑ (25 January 2018). Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list. India TV
- ↑ (28 January 2018). Padma Shri honour for nine achievers from northeast. Gaurav Das. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ শইকীয়া, কল্পজ্যোতি. (১৮ ডিচেম্বৰ ২০১৯). জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা. নৰ্থ-ইষ্ট নাও
- ↑ (December 24, 2016). জয়শ্ৰী গোস্বামীৰ পাঁচখন গ্ৰন্থ উন্মোচন. জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়শ্ৰী গোস্বামী মহন্ত” প্ৰবন্ধৰ সংশোধন ৩৮৯৬২৫ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।