অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিগন্ত বৰ্মন

দিগন্ত বৰ্মন (Diganta Barman, জন্ম:২৬ নবেম্বৰ,১৯৬৪) এগৰাকী ৰাজনৈতিক তথা অসম বিধানসভাৰ সদস্য। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বৰক্ষেত্ৰীৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ১০ জুলাই ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দিগন্ত বৰ্মন (Diganta Barman, জন্ম:২৬ নবেম্বৰ,১৯৬৪) এগৰাকী ৰাজনৈতিক তথা অসম বিধানসভাৰ সদস্য। ১২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বৰক্ষেত্ৰীৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৪ চনৰ ২৬ নৱেম্বৰত বিধায়ক তথা প্ৰাক্তন এচিএছ বিষয়া দিগন্ত বৰ্মনৰ জন্ম হৈছিল। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু মালতী বৰ্মনৰ সন্তান।৩ ভূমিধৰ বৰ্মন বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। দিগন্ত বৰ্মনৰ ৩ গৰাকী ভনীয়েক আছে। ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক (ৰাজনীতি বিজ্ঞান) ডিগ্ৰী সম্পূৰ্ণ কৰি এ চি এছ বিষয়া কস্তুৰী ভৰালীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান ভৰালী অসমৰ নিয়োগ আৰু কাৰুকৰ্য বিভাগৰ সঞ্চালক। তেওঁলোকৰ ৩ গৰাকী কন্যা ক্ৰমে কামাক্ষী বৰ্মন, ভাৰ্গবী বৰ্মন আৰু ৰিজোতা বৰ্মন আছে।

ৰাজনৈতিক জীৱন

বৰ্মনে ২০১৬ চনত বৰক্ষেত্ৰীৰ পৰা অসম বিধানসভাৰ সদস্য পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অবতীৰ্ণ হয়। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত বৰ্মনে বৰক্ষেত্ৰীৰ পৰা ৬০,৬১০টা লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ নাৰায়ণ ডেকাই ৬৯,২২৩টা ভোট লাভ কৰি জয়ী হৈছিল। ২০২১ বৰ্ষত বৰক্ষেত্ৰীৰ বাবে বৰ্মনে ৮৫,৮২৬টা ভোট লাভ কৰাৰ বিপৰীতে নাৰায়ণ ডেকাই ৮১,৭৭২টা ভোট লাভ কৰে আৰু অসম বিধানসভালৈ মনোনীত হয়।৪

তথ্যসূত্ৰ

  1. ↑ Diganta Barman Election Affidavit. ভাৰতৰ নিৰ্বাচন আয়োগ
  2. ↑ Election results 2021
  3. ↑ Who's Who. assamassembly.gov.in
  4. ↑ TimesNow. Barkhetry Assembly Election Results 2021 LIVE - Barkhetry Vidhan Sabha Election Results. TimesNow

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিগন্ত বৰ্মন” প্ৰবন্ধৰ সংশোধন ৬১৬৫৩৪ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।