অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ কুমাৰ গগৈ

কিৰণ কুমাৰ গগৈ অসমৰ এজন ৰাজনীতিবিদ আৰু মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। তেখেতৰ জন্ম হৈছিল ১৯৫৬ চনত অসমৰ ডিব্ৰুগড় জিলাৰ লেজাইত। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কিৰণ কুমাৰ গগৈ অসমৰ এজন ৰাজনীতিবিদ আৰু মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। তেখেতৰ জন্ম হৈছিল ১৯৫৬ চনত অসমৰ ডিব্ৰুগড় জিলাৰ লেজাইত। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল১ আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে। ২০১৯ চনৰ ৮ জুন তাৰিখে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।২

জন্ম আৰু মৃত্যু

ডিব্ৰুগড় জিলাৰ লেজাই অঞ্চলৰ ভিতৰুৱা বৰদৈবাম গাৱঁত ১৯৫৬ চনৰ ভাদ মাহৰ কৃষ্ণ অষ্টমীত কিৰণ কুমাৰ গগৈৰ জন্ম হৈছিল৷ বহু দিনৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত হৈ আছিল৩, শেষত ২০১৯ চনৰ ৮ জুন তাৰিখে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।২ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰক এৰি থৈ যায়।৩

ৰাজনৈতিক জীৱন

ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেখেত লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল।৩ ১৯৮৫ চনত অসমৰ ডিব্ৰুগড় জিলাৰ মৰান বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল আৰু পিছত অসম গণ পৰিষদত যোগদান কৰে। ইয়াৰ পিছত তেওঁ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে ১৯৯১ আৰু ১৯৯৬ চনতো মৰান বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

তেখেত অসম পেট্ৰ'কেমিকল লিমিটেডৰ অধ্যক্ষ আছিল।৩ তেখেত অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি আছিল আৰু মৃত্যুৰ সময়লৈকে কেন্দ্ৰিয় সমিতিৰ সদস্য আছিল।৩ তেখেত অসম অন্যান্য পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষও আছিল।৩

তথ্যসূত্ৰ

  1. ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA) 1985 (PDF)
  2. ↑ (8 June 2019). Former MLA passes away. Assam Tribune
  3. ↑ (8 June 2019). Assam: Former AGP MLA Kiron Kumar Gogoi passes away. North East News

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ কুমাৰ গগৈ” প্ৰবন্ধৰ সংশোধন ৩৮৯৬০২ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।