ভবেশ কলিতা (জন্ম ১ মাৰ্চ ১৯৭২) ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী পৰ্য্যন্ত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।১২ ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হয়।৩৪ ৫ ৬ ১৯৯১ চনত বিজেপিত যোগদান কৰি ২০০৬ চনৰ পৰা ২০১১ চনলৈ বিজেপিত,অসম ৰাজ্যিক প্ৰদেশৰ সম্পাদক আৰু ২০১১ চনৰ পৰা সাধাৰণ সম্পাদক আছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে তেওঁ জলসিঞ্চনৰ ৰাজ্যিক মন্ত্ৰী(স্বাধীন দায়িত্ব) আৰু সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰে।৭ ৮
তথ্যসূত্ৰ
- ↑ (26 June 2021). Bhabesh Kalita appointed Assam BJP President. The Assam Tribune
- ↑ (17 January 2025). Assam: Dilip Saikia takes charge as BJP’s new State President, replaces Bhabesh Kalita. The Sentinel Assam. The Sentinel
- ↑ (2 May 2021). Rangia Election Result 2021 Live Updates: Bhabesh Kalita of BJP Wins. News18. Network18
- ↑ Wait for AGP Anchalik, Trinamool BJP: rebels
- ↑ Government to implement DDU-GKY for uplift of weaker sections: CM
- ↑ BJP's State executive meet on Oct 5
- ↑ MLA Bhabesh Kalita Appointed as New Assam BJP President
- ↑ BJP appoints MLA Bhabesh Kalita in-charge of Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভবেশ কলিতা” প্ৰবন্ধৰ সংশোধন ৫০৩৪৯০ (১৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।