মনোৰঞ্জন তালুকদাৰ (Manoranjan Talukdar) ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পৰা অসম বিধানসভালৈ ২০২১ চনত মনোনীত হোৱা এগৰাকী বিধায়ক। তেওঁ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে।১
জন্ম আৰু শিক্ষা
মনোৰঞ্জন তালুকদাৰৰ জন্ম হয় ১৯৫৪ চনত। তেওঁৰ পিতৃৰ নাম যাদৱ চন্দ্ৰ তালুকদাৰ। তেওঁ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
ৰাজনৈতিক জীৱন
তেওঁ ২০১১ আৰু ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ক্ৰমাগতভাৱে অৱত্তীৰ্ণ হৈছিল যদিও দুয়োবাৰেই পৰাস্ত হয়। ২০২১ চনৰ নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰে। সৰভোগ সমষ্টিত ৬ এপ্ৰিল,২০২১ ত ভোট গ্ৰহণ হয় আৰু ২ মে' তাৰিখে ভোট গণনা হয়। মুঠ ভোটৰ ৫০%(৯৬,১৩৪ টা) ভোট লাভ কৰি তেওঁ নিকটতম পাৰ্থী শংকৰ চন্দ্ৰ দাসক পৰাস্ত কৰে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোৰঞ্জন তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৪২৮৭৫০ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।