জয়ন্ত মল্ল বৰুৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসম বিধানসভাৰ দুটা কাৰ্যকালৰ সদস্য।১ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান জয়ন্ত মল্ল বৰুৱাৰ হাতত জনস্বাস্থ্য,অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনৰ দপ্তৰ আছে।২ ইয়াৰ পূৰ্বে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সম্পাদক আছিল।৩ ২০১৭ চনত তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। এ টি ডি চিৰ অধ্যক্ষ হিচাপে থকা সময়ছোৱাত তেওঁ অসমত ফিল্মফেয়াৰ এৱাৰ্ড শ্ব’ অনুষ্ঠিত কৰি দৃষ্টি আকৰ্ষণ কৰিছিল, যিটো শ্ব’ ৬৫ বছৰীয়া ইতিহাসত মুম্বাইৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।
তথ্যসূত্ৰ
- ↑ Jayanta Malla Baruah · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18
- ↑ Time, Pratidin. (2022-06-10). Assam: Jayanta Malla Baruah Assumes Charge as New Cabinet Minister. Pratidin Time
- ↑ Desk, Sentinel Digital. (2021-05-11). Jayanta Malla Baruah Appointed as Political Secretary to the Chief Minister Assam - Sentinelassam. www.sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত মল্ল বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৯৬২৪ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।