অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

থানেশ্বৰ বড়ো

থানেশ্বৰ বড়ো (Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অসম গণ পৰিষদৰ এজন সদস্য আছিল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ৮ম, ৯ম আৰু ১০ম অসম বিধানসভালৈ ক্ৰমাগতভাবে তিনিবাৰ বিধায়ক ৰূপে জয়ী হৈ আহিছিল।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

থানেশ্বৰ বড়ো (Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অসম গণ পৰিষদৰ এজন সদস্য আছিল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ৮ম, ৯ম আৰু ১০ম অসম বিধানসভালৈ ক্ৰমাগতভাবে তিনিবাৰ বিধায়ক ৰূপে জয়ী হৈ আহিছিল। তেওঁ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ (১৯৮৫-১৯৯০ আৰু ১৯৯৬-২০০১) বাবে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল।১ তেওঁ চমু সময়ৰ বাবে অগপৰ সভাপতিও হৈছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩৯ চনৰ ১ নৱেম্বৰত গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুৰমৌ গাওঁত এটা কৃষক পৰিয়ালত বড়োৰ জন্ম হয়। মাক-দেউতাকৰ নাম আছিল ক্ৰমে পিঠাবালা বড়ো আৰু হৰখলা বড়ো। গুৰমৌত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম লগায় আৰু ১৯৫৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত ১৯৬২ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয়। ২

কটন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ গাছবাৰী হাইস্কুলত গৰমৰ বন্ধত শিক্ষকতা কৰিছিল। স্নাতক ডিগ্ৰী লোৱাৰ পিছত পশ্চিমবংগৰ শিলিগুৰি জংচনত ৰেলৱে বিভাগত কেৰাণীৰ কামত যোগ দিয়ে যদিও কিছুমাহ পিছত তেওঁ চাকৰি ইস্তফা দিয়ে। ইয়াৰ পাছত তেওঁ তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপকৰ পদত যোগ দিয়ে।২

সামাজিক আৰু ৰাজনৈতিক জীৱন

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে অসমত এটা শোধানাগাৰ স্থাপনৰ দাবীত শোধানাগাৰ আন্দোলন ত জড়িত হৈ পৰে।

মৃত্যু

১৭ মে’ ২০২৪ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় হাস্পাতালত তেওঁৰ মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল। জীৱনৰ শেষৰ ফালে তেওঁ এক একাকী জীৱন কটাইছিল।৩

তথ্যসূত্ৰ

  1. ↑ Wait for AGP Anchalik, Trinamool BJP: rebels
  2. ↑ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগ. অসমীয়া প্ৰতিদিন
  3. ↑ মাটিৰ মানুহ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থানেশ্বৰ বড়ো” প্ৰবন্ধৰ সংশোধন ৪৬৪৬৮৭ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।