লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০)১২৩ তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।৪বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।৫৬ ৭ ৮৯১০
জন্ম
তেওঁৰ জন্ম হয় ১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ লাইপুলি গাঁও পঞ্চায়তৰ মৰাণকাৰী গাঁৱত। পিতৃৰ নাম প্ৰবীন গগৈ আৰু মাতৃ প্ৰয়াত দুলু গগৈ। তেওঁ ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান।১১১২
শিক্ষা
১ নং লাইপুলি প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰে। পৰবৰ্তী সময়ত লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু তিনিচুকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (শ্ৰীপুৰীয়া), তিনিচুকীয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ পৰা গগৈয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ (২০০৪), বি.এড আৰু এম.এড ডিগ্ৰীও সম্পন্ন কৰে।১১১৩
ৰাজনৈতিক জীৱন
তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থাকোঁতে লুৰীণজ্যোতি গগৈয়ে আছু (সদৌ অসম ছাত্ৰ সন্থা)ত জড়িত হৈছিল। পিছত তেওঁ দীপাংক নাথৰ সভাপতিত্বত ২০১৫ চনত আছুৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ২০২০ চনৰ নৱেম্বৰ মাহত লুৰীণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে।১৪ পিছলৈ তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি থয় আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।১৫ দুয়োটা সমষ্টিতে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭ মাৰ্চ ২০২১ তাৰিখে ভোট গ্ৰহণ হয়।১৬ লুৰীণজ্যোতি গগৈয়ে দুলিয়াজান সমষ্টিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ তেৰশ গোৱালা আৰু নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰঙ্গ গগৈৰ হাতত পৰাস্ত হয়।১৭১৮
২০২৪ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতা সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হয়৷১৯২০
তথ্যসূত্ৰ
- ↑ (2021-03-23). Assam Assembly Election 2021: Lurinjyoti Gogoi profile — AJP chief started political career with AASU, has strong regional roots. Firstpost
- ↑ (2021-03-26). The journey of Lurinjyoti Gogoi: From a students’ leader to AJP president. The Indian Express
- ↑ (2020-11-22). Lurin Jyoti Gogoi resigns as AASU General Secretary, likely to join active politics soon. India Today NE
- ↑ CAA vs No CAA: Sarbananda Sonowal, Lurinjyoti Gogoi set to lock horns in Assam's Dibrugarh. Deccan Herald
- ↑ (2020-12-17). Former AASU General Secretary Lurinjyoti Gogoi Elected President of Newly Formed Assam Jatiya Parishad. News18
- ↑ (2021-03-03). Assam Assembly elections: AJP chief Lurinjyoti Gogoi to contest from Duliajan. The Hindu
- ↑ (2020-12-17). Former AASU leader Lurinjyoti Gogoi appointed AJP President. Northeast Live
- ↑ (2020-12-17). Lurin Jyoti Gogoi appointed Asom Jatiya Parishad President, to contest Assam Polls 2021. India Today NE
- ↑ The journey of Lurinjyoti Gogoi: From a students’ leader to AJP president. THE INDIAN EXPRESS
- ↑ CAA unacceptable to Assam's indigenous population: AJP chief Lurinjyoti Gogoi. The Hindu
- ↑ (2021-03-18). Assam Assembly Election 2021: Lurinjyoti Gogoi profile — AJP chief started political career with AASU, has strong regional roots. Firstpost
- ↑ Lurinjyoti gogoi biography
- ↑ Educational era
- ↑ Assam Assembly elections. Firstpost
- ↑ Assam Assembly elections. The Hindu
- ↑ Gogoi casting vote
- ↑ Political career of lurinjyoti gogoi
- ↑ election result of lurinjyoti gogoi. NEWS18
- ↑ BJP targets to win 14 seats in Assam in 2024 Lok Sabha elections
- ↑ Assam Congress initiates grand alliance move against BJP for 2024 Lok Sabha polls
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুৰীণজ্যোতি গগৈ” প্ৰবন্ধৰ সংশোধন ৬০১৬৪৩ (২০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।