গৌৰীশংকৰ ভট্টাচাৰ্য (ইংৰাজী: Gaurishankar Bhattacharya) অসমৰ এগৰাকী ৰাজনীতিবিদ, সাহিত্যিক।
জন্ম আৰু শিক্ষা
১৯১৫ চনত গৌৰীশংকৰ ভট্টাচাৰ্যই নলবাৰীত জন্ম গ্ৰহণ কৰে। ১৯৩৫ চনত গৰ্ডন হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰে। ১৯৩৯ চনত অৰ্থনীতি বিষয়ত সম্মান সহ স্নাতক ডিগ্ৰী লয়। ১৯৪১ চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পুনৰ ১৯৪৪ চনত আইনৰ স্নাতক হিচাপে শিক্ষা জীৱন শেষ কৰে। কলেজত পঢ়ি থকা সময়ত তেওঁ এজন ছাত্ৰ নেতা হিচাপেও খ্যাতি অৰ্জন কৰে।
ৰাজনৈতিক জীৱন
এজন ৰাজনীতিৰ নেতা হিচাপে চাৰি বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়। সদৌ অসম ছাত্ৰ ফেডাৰেচনৰ সভাপতিৰূপে সামাজিক নেতৃত্বৰ পাতনি মেলি তেওঁ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (এ আই এছ এফ)ৰ কাৰ্যকৰী কমিটীৰ সদস্য হ’ল আৰু পিচত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ (এ আই টি ইউ চি)ৰ ৰাষ্ট্ৰীয় পৰিষদৰ নেতৃস্থানীয় সদস্য হ’ল, এই সকলো ক্ষেত্ৰতে তেওঁ বাওঁপন্থীৰূপে সেৱা আগবঢ়াই।
অসম বিধানসভাত ২৬ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা কালছোৱাত আৰু সদনৰ বিৰোধী দলপতিৰূপে কাৰ্যনিৰ্বাহ কৰা সময়খিনিত ভট্টাচাৰ্যই গুৰুত্বহীন, দুখীয়া আৰু অৰ্থনৈতিকভাৱে উপেক্ষিত লোকসকলৰ প্ৰতি সেৱা আগবঢ়াইছিল।
অসমত প্ৰথম আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছিল। ১৯৬৯ চনত তেওঁ প্ৰতিষ্ঠা কৰিছিল পিপলছ ডেম’ক্ৰেটিক পাৰ্টি অব্ আছাম, যিটো আছিল বাওঁপন্থী মতাদৰ্শৰ ৰাজ্যৰ প্ৰথমটো আঞ্চলিক দল। ১৯৬২ চনৰ চীনা আগ্ৰাসনে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিততে সৃষ্টি হৈছিল পি ডি পি এ দলটো।
সাহিত্য জীৱন
তেখেত যদিও ৰাজনীতিৰ লগত জড়িত আছিল, তথাপিও সাহিত্যৰ প্ৰতি ৰাপ বেচি আছিল। আৱাহন আলোচনীত তেখেতে ভালেমান গল্প প্ৰকাশ কৰিছিল। তেখেতৰ নিজা প্ৰকাশিত গ্ৰন্থ সংকলনখন হৈছে 'প্ৰেমতকৈও তীব্ৰ'। এজন গল্পকাৰ হিচাপে তেখেতে ১৯৯৭ চনত ‘অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা' লাভ কৰিছিল। তেখেতৰ আন এখন গ্ৰন্থ হৈছে— 'ভূমি পুত্ৰৰ সমবেদনা'। 'সবিনয় নিবেদন' হ’ল আত্মজীৱনীমূলক গ্ৰন্থ। তেখেত এজন অনুবাদকো আছিল। স্বাধীনতাৰ ৰজা বিচাৰ নামৰ গ্ৰন্থখন অনুবাদ কৰাৰ বাবে তেখেতে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে ১৯৯৮ চনত।
বঁটা
- অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা (১৯৯৭ চন)
- সাহিত্য অকাডেমি অনুবাদ বঁটা (১৯৯৮ চন)
মৃত্যু
২০০৩ চনৰ ২৩ জুন তাৰিখে তেখেতৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
১. www.margheritaonline.tk/2015/12/My-Grandfather-G
২. অসমৰ ৫৫৫ ব্যক্তিত্বৰ সংক্ষিপ্ত জীৱনী- লক্ষিমী শইকীয়া বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰীশংকৰ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৪০৭৫৪৩ (২৪ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।