কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷১২
চমূ জীৱনী
ভাৰতীয় সেনা বাহিনীত মনোৰঞ্জন গোস্বামীয়ে কৰ্নেল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
মনোৰঞ্জন গোস্বামী অসমত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ অন্যতম আছিল৷ ১৯৫৮ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ হাতত পৰাস্ত হৈছিল।৩
পৰৱৰ্ত্তী সময়ত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ পৰে৷ ৰাজনৈতিক বিশ্লেষক আৰু লেখক হিচাপে গোস্বামী সুপৰিচিত আছিল৷ অসম সাহিত্য সভাই তেওঁক শতবৰ্ষীয় সন্মানেৰে বিভূষিত কৰিছিল৷৪
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত ২০১৮ চনৰ ৯ নৱেম্বৰৰ পুৱতি নিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মনোৰঞ্জন গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।৫
তথ্যসূত্ৰ
- ↑ www.asomiyapratidin.in/colonel-manoranjan-goswam link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ আৰ্কাইভ কপি
- ↑ assam.nenow.in/cm-condoles-demise-of-retd-army-o
- ↑ আৰ্কাইভ কপি
- ↑ www.guwahatiplus.com/assamese/daily-news/manoran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোৰঞ্জন গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৪৮১৫২ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।