অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমোদ গগৈ

প্ৰমোদ গগৈ (Pramod Gogoi) (২৯ ছেপ্তেম্বৰ, ১৯৩০ - ৬ এপ্ৰিল ২০১২) আছিল অসমৰ এজন জ্যেষ্ঠ চি পি আই নেতা, প্ৰাক্তন মন্ত্ৰী তথা কমিউনিষ্ট আন্দোলনৰ অন্যতম কাণ্ডাৰী৷ চিৰজীৱন অবিবাহিত হৈ থাকি ৰাজ্যৰ সেৱাত নিজকে উচৰ্গা কৰা প্ৰমোদ গগৈৰ জন্ম হয় ২৯ ছেপ্তেম্বৰ, ১৯৩০ চনত শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱত৷…

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ৪৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

প্ৰমোদ গগৈ (Pramod Gogoi) (২৯ ছেপ্তেম্বৰ, ১৯৩০ - ৬ এপ্ৰিল ২০১২) আছিল অসমৰ এজন জ্যেষ্ঠ চি পি আই নেতা, প্ৰাক্তন মন্ত্ৰী তথা কমিউনিষ্ট আন্দোলনৰ অন্যতম কাণ্ডাৰী৷ চিৰজীৱন অবিবাহিত হৈ থাকি ৰাজ্যৰ সেৱাত নিজকে উচৰ্গা কৰা প্ৰমোদ গগৈৰ জন্ম হয় ২৯ ছেপ্তেম্বৰ, ১৯৩০ চনত শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱত৷ তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ফটিক চন্দ্ৰ গগৈ আৰু কুসুমী গগৈ৷১

দিছপুৰৰ জি এন আৰ চি হাস্পতালত ৬ এপ্ৰিল ২০১২ তাৰিখে পুৱা ৯.৩৫ বজাত শেষ শ্বাস গ্ৰহণ কৰে৷২

শিক্ষা আৰু কৰ্মজীৱন

তেওঁৰ শিক্ষাজীৱন আৰম্ভ হয় হাঁহচৰা প্ৰাথমিক বিদ্যালয়ত৷ পৰৱৰ্তী সময়ত শিৱসাগৰৰ টেকনিকেল হাইস্কুলত নাম ভৰ্ত্তি কৰাৰ পিছত বনাৰচৰ পৰা এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ কলেজত স্নাতক বৰ্ষত নামভৰ্ত্তি কৰে৷ ১৯৪৮ চনত শিক্ষা গ্ৰহণৰ মাজতেই ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল৷ ১৯৪৮ চনৰ পৰা ১৯৫১ চনলৈ নিষিদ্ধ হৈ থকা ভাৰতৰ কমিউনিষ্ট দলত যোগদানৰ মাজতেই কংগ্ৰেছৰ দুৰ্নীতিৰ প্ৰতিবাদত জঁপিয়াই পৰি কাৰাবাস খাটিছিল৷ প্ৰমোদ গগৈয়ে ১৯৫৭ চনত প্ৰথম অসম শোধনাগাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰি ১৯৬৮-৬৯ চনতো দ্বিতীয়টো তেল শোধানাগাৰ আন্দোলনৰ গুৰি ধৰিছিল৷১

ৰাজনৈতিক জীৱন

গগৈয়ে ১৯৫৭ চনত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ১৯৬২ চনত দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োবাৰেই পৰাজয় বৰণ কৰিছিল৷ অৱশ্যে ১৯৬৭ চনৰ নিৰ্বাচনত প্ৰাক্তন গড়কাপ্টানী মন্ত্ৰী গিৰীন গগৈ পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হয়৷ একাধাৰে তেওঁ ১৯৬৭ চনৰ পৰা ১৯৮৩ চনলৈকে তিনিটা কাৰ্যকাল তেওঁ বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৮৩ চনত আৰু ১৯৮৫ চনত পৰাজিত হয় যদিও পুনৰ ১৯৯১ আৰু ১৯৯৬ চনত প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈক পৰাস্ত কৰিছিল৷ ১৯৯৬ চনত মিত্ৰদল অসম গণ পৰিষদৰ লগত চামিল হৈ অসমৰ বান নিয়ন্ত্ৰণৰ কেবিনেট মন্ত্ৰীৰূপে দায়িত্ব বহন কৰিছিল৷ ইয়াৰ পিছত ২০০১, ২০০৫ আৰু ২০১১ চনত তেওঁ নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল৷১

ৰাজনৈতিক দক্ষতা

প্ৰমোদ গগৈ অসম তেল শোধানাগাৰ আন্দোলনৰ অগ্ৰণী নেতা আছিল। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমক জনজাতীয় ৰাজ্য ঘোষণাৰ দাবীত তেওঁ জনগণক সংগঠিত কৰি আন্দোলন কৰিছিল। ভাৰতীয় সংবিধানৰ ৩৭০ আৰু ৩৭১(ক) অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী প্ৰথমে প্ৰমোদ গগৈয়েই ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মঞ্চৰ পৰা কৰিছিল। প্ৰমোদ গগৈৰ ৰাজনৈতিক কাৰ্যকালত শিৱসাগৰৰ পুথিভঁৰাল, দিখৌ নদী নৈৰ ওপৰত আৰ চি চি দলং, দিখৌৰ খহনীয়া ৰোধ কৰা, ঐতিহাসিক সম্পদৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণত গুৰুত্ব দিয়াৰ দৰে কামত আগভাগ লৈছিল৷ তেওঁৰ কাৰ্যকালত ৰংপুৰ তিনিশ বছৰীয়া উদযাপন কৰি অসমবাসীক "তিনিশ বছৰীয়া ৰংপুৰ" নামৰ এখন পূৰ্ণাঙ্গ তথ্যসমৃদ্ধ বুৰঞ্জী তুলি দিছিল৷ প্ৰমোদ গগৈয়ে শেহতীয়া তিনিটা নিৰ্বাচনত পৰাজয় বৰণ কৰিলেও মনোবল অটুট আছিল৷ বিশেষকৈ শ্ৰমিক-কৃষকৰ বন্ধু হিচাপে পৰিচিত গগৈয়ে ৰাজনৈতিক জীৱনকালত ঐতিহাসিক ধোদৰআলি নিৰ্মানৰ দাবীত ২০০৬ চনৰ ২৯ জানুৱাৰীত তীব্ৰ আন্দোলনৰ গুৰি ধৰাৰ উপৰি তেল-গেছ নিগমক ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি নিগমক ৰক্ষা কৰিছিল৷ ২০০৫ চনৰ ২০ জুলাইত আমগুৰি তৈল ক্ষেত্ৰক ক'নৰ কোম্পানীক বিক্ৰীৰ প্ৰতিবাদ কৰাৰ লগতে নিগমৰ মুখ্য কাৰ্যলয়ত বিক্ষোভ কৰিছিল৷ লগতে একে বছৰতে ৩১ অক্টোবৰত আমগুৰিত গণ সত্যাগ্ৰহ অনুষ্ঠানত ভাগ লৈ গ্ৰেপ্তাৰ হোৱাৰ লগতে ২২ জুনত মূল্যবৃদ্ধিৰ বিৰুদ্ধেও বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ ২০০৬ চনত ৰাজ্যিক কৃষক সভাৰ আহ্বানত 'ৰাজভৱন যাত্ৰা'ত শিৱসাগৰৰ প্ৰায় ২,০০০ সমৰ্থকক লৈ ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাৱস্ত কৰিছিল৷ ইয়াৰোপৰি ২০০৭ চনত পঞ্চায়তসমূহত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতিবাদত আৰু পঞ্চায়তলৈ অধিক ক্ষমতা হস্তান্তৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷১

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম আৰু আজিৰ দৈনিক বাতৰি সংবাদ-পত্ৰ, গুৱাহাটী, ৭ এপ্ৰিল ২০১২
  2. ↑ www.primenewstv.com/topnews/news.php?aID=2188&am link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} Pramod Gogoi passes away, By Prime News

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমোদ গগৈ” প্ৰবন্ধৰ সংশোধন ৩৯০২১০ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।