অসমৰ ৰাজনীতিক
১১৭ প্ৰবন্ধ
-
কেশৱ চন্দ্ৰ গগৈ
কেশৱ চন্দ্ৰ গগৈ (Kesab Chandra Gogoi, ১৯২৫ – ১৯৯৮) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা সেই বছৰৰে ১৯ মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদত তেওঁ আছিল। তেওঁ ডিব্ৰুগড় সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
-
গৌৰৱ গগৈ
গৌৰৱ গগৈ (Gaurav Gogoi; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ, লোকসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি। ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে…
-
চৈয়দ মহম্মদ ছাদুল্লা
ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla; ২১ মে' ১৮৮৫ - ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল।
-
বিশ্বনাৰায়ণ শাস্ত্ৰী
বিশ্বনাৰায়ণ শাস্ত্ৰী (Biswanarayan Shastri) আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী(১৯৮৬) নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
ভূমিধৰ বৰ্মন
ডাঃ ভূমিধৰ বৰ্মন (Dr. Bhumidhar Barman; ১২ অক্টোবৰ, ১৯৩১ – ১৮ এপ্ৰিল, ২০২১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল।
-
অজন্তা নেওগ
অজন্তা নেওগ (Ajanta Neog) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটত সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ কেবিনেট মন্ত্ৰী। তেওঁৰ অসম চৰকাৰৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী।
-
প্ৰমোদ বড়ো
প্ৰমোদ বড়ো (Pramod Boro, জন্ম: ১ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল নামৰ ৰাজনৈতিক দলৰো সভাপতি।
-
বিজয়া চক্ৰৱৰ্তী
বিজয়া চক্ৰৱৰ্তী (Bijoya Chakravarty, জন্ম: ৭ অক্টোবৰ, ১৯৩৯) হৈছে অসমৰ এগৰাকী ৰাজনীতিক। ১৯৯৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী পদত থকা সময়ত তেওঁ জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যোগেন্দ্ৰ নাথ হাজৰিকা
যোগেন্দ্ৰ নাথ হাজৰিকা (Jogendra Nath Hazarika, জন্ম: ফেব্ৰুৱাৰী, ১৯২৪, মৃত্যু: ৩০ ছেপ্তেম্বৰ, ১৯৯৭) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
উপেন্দ্ৰনাথ ব্ৰহ্ম
উপেন্দ্ৰনাথ ব্ৰহ্ম (उपेन्द्रनाथ ब्रह्मा) (জ. ৩১ মাৰ্চ, ১৯৫৭ - মৃ. ১ মে, ১৯৯০ বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মানেৰে 'বড়োফা' (বড়োসকলৰ পিতৃ) বুলি আখ্যা দিয়া হৈছে।
-
পীযুষ হাজৰিকা
পীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী।
-
বিজয় কৃষ্ণ সন্দিকৈ
বিজয় কৃষ্ণ সন্দিকৈ (১ ডিচেম্বৰ ১৯৩৪ – ২৬ জুলাই ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পঞ্চদশ লোকসভাৰ সদস্য আছিল। তেওঁ লোকসভাত যোৰহাটক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী নেতা বিজয় কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনৰ পৰা ২০১৪ চনলৈ ছয়টা কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
বিজয় চন্দ্ৰ ভাগৱতী
বিজয় চন্দ্ৰ ভাগৱতী (জানুৱাৰী ২০, ১৯০৫ – মে' ৮, ১৯৯৭) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।
-
ভীমবৰ দেউৰী
ভীমবৰ দেউৰী (১৯০৩-১৯৪৭) অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে।
-
ৰকিবুল হুছেইন
ৰকিবুল হুছেইন হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ। বৰ্তমান তেওঁ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক আৰু ধুবুৰী (লোকসভা সমষ্টি)ৰ সাংসদ। ২০১৬ চনলৈকে তেওঁ প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত মন্ত্ৰীও আছিল। ২০০১ চনৰ পৰা ২০২১ চনলৈকে অসম বিধানসভালৈ একেৰাহে পাঁচটা কাৰ্যকালৰ বাবে তেওঁ নিৰ্বাচিত হৈছে।
-
ৰেণুকা দেৱী বৰকটকী
ৰেণুকা দেৱী বৰকটকী (Renuka Devi Barkataki) (২৯ নৱেম্বৰ ১৯৩২ - ১৪ আগষ্ট ২০১৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।
-
ছবিলাল উপাধ্যায়
ছবিলাল উপাধ্যায় (Chabilal Upadhyaya) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম (নিৰ্বাচিত) সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত বুঢ়ীগাঙত (অবিভক্ত দৰং)।
-
দেৱানন্দ কোঁৱৰ
দেৱানন্দ কোঁৱৰ (Devanand Konwar; জন্ম: ১৯৩২, মৃত্যু: ২৫ এপ্ৰিল ২০২০) হৈছে এগৰাকী অসমীয়া ৰাজনীতিবিদ। ১৯৫৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ২০০৯ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয়। ইয়াৰোপৰি ত্ৰিপুৰা আৰু পশ্চিমবঙ্গতো (অতিৰিক্ত দায়িত্ব) তেখেতে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়ায়।
-
দ্ৰুপদ বৰগোহাঁই
দ্ৰুপদ বৰগোহাঁই (Drupad Borgogain; ৭ নৱেম্বৰ ১৯৪১ - ১০ এপ্ৰিল ২০১৯) ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা, অসম বিধানসভাৰ বিধায়ক, ৰাজ্যসভাৰ সাংসদ আৰু এগৰাকী শিক্ষক আছিল।
-
পদ্ম কৈৰী
পদ্ম কৈৰী (Padma Koiri, ১৯৫২ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
পৃথ্বীৰাজ ৰাভা
পৃথ্বীৰাজ ৰাভা (জন্ম ১৯৫৭ চন) অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অভিনেতা। তেওঁৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু মাতৃ কনকলতা ৰাভা। তেওঁ অসমীয়া বোলছবি শ্ৰীমন্ত শঙ্কৰদেৱে (২০১০),অহেতুক, লখিমী আৰু ফিৰিঙতিত অভিনয় কৰিছিল। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
প্ৰণিতা তালুকদাৰ
প্ৰণিতা তালুকদাৰ (Pranita Talukdar, ১৯৩৫ - ২০ এপ্ৰিল ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
-
ললিত কুমাৰ দলে
ললিত কুমাৰ দলে (২৫ মে' ১৯২৭- ১৬ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল। অসমৰ মিছিঙ সম্প্ৰদায়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৭২ আৰু ১৯৮০ চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।
-
হিতেন্দ্ৰ নাথ গোস্বামী
হিতেন্দ্ৰ নাথ গোস্বামী (জন্ম: ১ জানুৱাৰী, ১৯৫৯) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ। ২০১৪ চনৰ ১০ মাৰ্চ তাৰিখে তেওঁ নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াৰ আগতে তেওঁ অসম গণ পৰিষদৰ সদস্য আছিল। ২০১৩ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁ অসম গণ পৰিষদৰ সদস্য পদ এৰিছিল।
-
ৰামেশ্বৰ তেলী
ৰামেশ্বৰ তেলী (Rameswar Teli) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত বাস কৰে। তেওঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ। ২০১৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত তেওঁ সাংসদ নিৰ্বাচিত হয়।
-
অশোক সিংহল
অশোক সিংঘল (Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
কামাখ্যা প্ৰসাদ তাছা
কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa) (জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিক, যোৰহাট (লোকসভা সমষ্টি)ৰ ২০১৪-১৯ চনৰ সাংসদ আৰু ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ২০১৩-১৭ চনলৈকে অসম ৰাজ্যিক উপ-সভাপতি আৰু ২০২৩ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় সম্পাদক।
-
কিৰিপ চলিহা
কিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
-
কেশৱ মহন্ত (ৰাজনীতিবিদ)
কেশৱ মহন্ত (Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি।
-
চৰণ নাৰ্জাৰী
চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি…