মণি কুমাৰ চুব্বা (জন্ম:১৬ মাৰ্চ ১৯৫৮- মৃত্যু:২৭ মে',২০১৯) ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ ক্ৰমে দ্বাদশ, ত্ৰয়োদশ আৰু চতুৰ্দশ লোকসভাত তিনিবাৰৰ বাবে লোকসভাৰ সাংসদ আছিল। তেওঁ অসমৰ তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ আগেয়ে তেওঁ লখিমপুৰ জিলা জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক আছিল। চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
নাগৰিকত্ব বিতৰ্ক
২০০৭ চনত কেন্দ্ৰীয় অনুসন্ধান সংস্থা (ইংৰাজী ভাষা: Central Bureau of Investigation), চমুকৈ চি বি আইয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ক জনায় যে, চুব্বাৰ নাগৰিকত্ব সন্দেহজনক। ইয়াৰ লগতে সম্প্ৰতি তেওঁ দাখিল কৰা নাগৰিকত্ব সম্পৰ্কীয় নথি-পত্ৰ সমূহ ভুৱা। কিন্তু, ন্যায়ালয়ে চুব্বাৰ সাংসদ পদি খাৰিজ কৰিবৰ বাবে দাখিল হোৱা আবেদন নাকচ কৰে। ন্যায়ালয়ে এইবুলি কয় যে, ন্যায়ালয়ে "cannot unseat legislators".১
কৰ্মজীৱন
- ১৯৯১-১৯৯৮ অসম বিধান সভাৰ সদস্য (দুটা কাৰ্যকাল)
- ১৯৯৮: দ্বাদশ লোকসভালৈ নিৰ্বাচিত
- ১৯৯৮-৯৯: সদস্য, গৃহ পৰিক্ৰমা সমিতি আৰু স্বতন্ত্ৰতা সৈনিক সন্মান পেঞ্চন আঁচনিৰ ওপৰত ইয়াৰ উপ-সমিতি; সদস্য, পৰামৰ্শদাতা সমিতি, বিত্ত মন্ত্ৰালয়
- ১৯৯৯: ত্ৰয়োদশ লোকসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)
- ১৯৯৯-২০০৪ সদস্য, বাণিজ্য সমিতিি;
সদস্য, পৰামৰ্শদাতা সমিতি, জল সম্পদ মন্ত্ৰালয়
- ২০০৪: চতুৰ্দশ লোকসভালৈ পুনৰ নিৰ্বাচিত (তৃতীয় কাৰ্যকাল);
সদস্য, শক্তি সমিতি; সদস্য, পৰামৰ্শদাতা সমিতি, গৃহ মন্ত্ৰালয়২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (30 September 2009). Three-time MP MK Subba not an Indian: CBI. IBN7
- ↑ Member's biography
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণি কুমাৰ চুব্বা” প্ৰবন্ধৰ সংশোধন ৪২৭১৪৬ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।