অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
প্ৰবোধ শৰ্মা
প্ৰবোধ শৰ্মা অসমৰ সামাজিক, শৈক্ষিক আৰু জ্যোতিষবিদ্যাৰ ক্ষেত্ৰত এক পৰিচিত নাম। তেওঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখাৰ সভাপতি আৰু নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ, অসমৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক।
-
প্ৰাৰ্থনা শইকীয়া
প্ৰাৰ্থনা শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷।
-
প্ৰিয়ংকা দাস ৰাজকাকতি
প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati) এগৰাকী ভাৰতীয় মূলৰ ফ্ৰেন্স এৰোনটিকেল অভিযন্তা, মহাকাশ বিজ্ঞানী তথা শিল্পী।২০২১ চনত ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে 'বিজ্ঞান আৰু উদ্ভাৱন' শিতানৰ '৩০ আণ্ডাৰ ৩০' তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছে।
-
প্ৰিয়ংকা মজুমদাৰ
প্ৰিয়ংকা (프리얀카; সম্পূৰ্ণ নাম: প্ৰিয়ংকা মজুমদাৰ) অসমৰ এগৰাকী কণ্ঠশিল্পী। প্ৰিয়ংকা বৰ্তমান কোৰীয় প'প সংগীত (চমুকৈ কে-প'প) বেণ্ড জি-গাৰ্লচ্ (Z-Girls)-ৰ মূল কণ্ঠশিল্পী। প্ৰিয়ংকাক ভাৰতৰ প্ৰথম কে-প'প তাৰকা ৰূপে অভিহিত কৰা হয়।
-
প্ৰিয়দৰ্শনী চেটাৰ্জী
প্ৰিয়দৰ্শনী চেটাৰ্জী(Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ বিজয়ী।
-
প্ৰীতম দাস
প্ৰীতম দাস (Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে।
-
পৰেশ চৌধুৰী
পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
বন্তি শেনচোৱা
বন্তি শেনচোৱা (১৯৬০-) একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ অধ্যাপিকা। তেওঁ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। ২০০৩ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন 'নিষাদ গান্ধাৰ' প্ৰকাশ হয়। তেওঁৰ একমাত্ৰ উপন্যাস হৈছে- 'আকণ বিন্ধীৰ সোণ পৰুৱা'। বৰ্তমানেও তেওঁ সাহিত্য জগতৰ সৈতে জড়িত হৈ আছে।
-
বাসুদেৱ দাস
বাসুদেৱ দাস (Basudev Das) বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালী ভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা…
-
বাহাৰুল ইছলাম (ন্যায়াধীশ)
ন্যায়াধীশ বাহাৰুল ইছলাম (Baharul Islam) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া৷ ১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ নলবাৰী জিলাত তেওঁৰ জন্ম হৈছিল।
-
বিজ্ঞান জগতত অসমীয়া মহিলা
সোতৰ, ওঠৰ আৰু ঊনৈশ শতিকাত বেছিভাগ মহিলাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু গৱেষণাগাৰত প্ৰৱেশাধিকাৰ নাছিল। ১৮৬৮ চনত প্ৰথমবাৰৰ বাবে পেৰিছ বিশ্ববিদ্যালয়ত (ছৰবন) মহিলাক নামভৰ্তি কৰিবলৈ দিয়া হৈছিল।১৮৭২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ত মহিলাক বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰিবলৈ অনুমতি দিয়াত মহিলাক এনে সুবিধা দিয়া…
-
বিনয় মোহন শইকীয়া
বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
-
বিপাশা বৰা
বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।
-
বিপুল কুমাৰ দত্ত
বিপুল কুমাৰ দত্ত ( Bipul Kumar Dutta) অসমৰ নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ এগৰাকী প্ৰগতিবাদী কবি আৰু অনুবাদক। তেওঁ অসমীয়া আৰু বাংলা ভাষাত সাহিত্য চৰ্চা কৰিছিল আৰু বাংলাদেশতো তেওঁৰ জনপ্ৰিয়তা আছিল। প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীৰ ১৩ জুন ২০২৫ত মৃত্যু হয়।
-
বিমল মজুমদাৰ
বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷ তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷
-
বিহুৰাম বড়ো
বিহুৰাম বড়ো (बिहुराम बर') ওৰফে বিছৰাম বড়ো এগৰাকী সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক।
-
বীৰেন শৰ্মা
বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷
-
বীৰেন্দ্ৰ শৰ্মা
বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷
-
ভাগীৰথী (অভিনেত্ৰী)
ভাগীৰথী ( Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত। কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে।
-
ভুৱন মোহন দাস
ড৹ ভুৱন মোহন দাস (জন্ম: ১৯৩১-২০০৮) এজন আন্তজাৰ্তিক নৃতত্ত্ববিদ, নৃতত্ত্ব বিষয়ক পাঠ্যপুথিৰ লেখক, বিজ্ঞান সাহিত্যৰ লেখক, প্ৰবন্ধকাৰ, সংকলক আৰু অধ্যাপক। তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ।
-
ভৱেশ শইকীয়া
ভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷
-
মণিকংকনা দত্ত
মণিকংকণা দত্ত মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মনোজ কুমাৰ দাস
মনোজ কুমাৰ দাস (জন্ম ২১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।
-
মহেশ্বৰ বসুমতাৰী
মহেশ্বৰ বসুমতাৰী অসমৰ এগৰাকী প্ৰকৃতিবিদ। বৰ্তমান তেওঁ ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wildlife Trust of India)ৰ 'International Fund for Animal Welfare'ৰ মানাহৰ সংৰক্ষণ প্ৰকল্প (Greater Manas Conservation Project)ত জন্তুৰ তত্ত্বাবধায়ক (animal keeper) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।
-
মাধুৰ্য বৰা
মাধুৰ্য বৰা ভাৰতৰ এজন অসমীয়া ট্ৰায়েথলন খেলুৱৈ। ২০১৩ চনত তেওঁ দক্ষিণ এছীয় ট্ৰায়েথলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।
-
মামণি গগৈ বৰগোহাঁই
মামণি গগৈ বৰগোহাঁই (Mamoni Gogoi Borgohain) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক আৰু অনুবাদক। এতিয়ালৈকে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তেখেতৰ ৭ খন মৌলিক গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে ৬ খন অনুবাদমূলক গ্ৰন্থও প্ৰকাশ পায়।
-
মামুন ইমদাদুল হক চৌধুৰী
মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত…
-
মৃদুল শৰ্মা
মৃদুল শৰ্মা একাধাৰে ঔপন্যাসিক, সমালোচক, নাট্যকাৰ আৰু অধ্যাপক৷ অসমৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অন্যযুগ’ৰ সম্পাদক৷ বৰ্তমান তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজত সহযোগী অধ্যাপক ৰূপে কৰ্মৰত৷
-
মেথোন ওজা
মেথোন ওজা জন্ম নাম মেথোন কোঁৱৰ, গোলাঘাটৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱৰ বালিজানৰ এগৰাকী লোকশিল্পী আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল।