মেথোন ওজা জন্ম নাম মেথোন কোঁৱৰ, গোলাঘাটৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱৰ বালিজানৰ এগৰাকী লোকশিল্পী আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল।
জন্ম-পৰিয়াল
গোলাঘাট জিলাৰ সৰুপথাৰৰ বালিজান চাৰিআলিৰ চাউদাং গাঁৱত মেথোন কোঁৱৰৰ জন্ম হয় ১৯১৩ চনত, এটা কৃষিজীৱী পৰিয়ালত। তেওঁৰ পিতৃ ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাতৃ ভুৰকী আইদেউ। তেওঁ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ তেওঁৰ খুৰাক আছিল।১২ মেথোন ওজাৰ মুঠ ১৯ গৰাকী পত্নী আছিল আৰু তাৰে চাৰিগৰাকী তেওঁৰ মৃত্যু সময়লৈকে আছিল; তেওঁলোক ৰহিতা, আইতা, অকণি আৰু কান্দুৰী। পুত্ৰ আছিল বাসুদেৱ, মণি, ইন্দ্ৰ, জীতেন।২
আনুষ্ঠানিক শিক্ষা, গুৰু আৰু পৰিচিতি
মেথোন কোঁৱৰে বালিজান চিনিয়ৰ বেচিক স্কুলত পঞ্চম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। আৰ্থিক দৈন্যতাৰ বাবে তেওঁৰ পঢ়া সিমানতেই শেষ হয়।২
ঢোলৰ গুৰু আছিল সৰুপথাৰৰ গেনা ওজা। বালিজানৰ এখন বিয়াঘৰত ওৰেৰাতি ঢোল বাদ্য পৰিৱেশন কৰা চাই পঞ্চম শ্ৰেণীৰ ছাত্ৰ মেথোন কোঁৱৰ মুগ্ধ হৈছিল আৰু ওজালৈ বৰ আগ্ৰহেৰে চাই থকাত গেনা ওজাই তেওঁক ঢোল শিকাই দিবলৈ গাত লৈছিল। কিছুদিন ঘৰতে কলপটুৱাৰ ঢোল সাজি বোলৰ আখৰা কৰি থকা মেথোন কোঁৱৰে এদিন গুৰুগৃহত উপস্থিত হৈছিল। উপযুক্ত শিষ্য পাই গেনা ওজাই নিজৰ ঢোলটিকে মেথোনৰ কান্ধত ওলোমাই দিছিল।২ সেই সময়ত অসমত মঘাই ওজা, ৰং ওজা আৰু মেথোন ওজা বৰ জনপ্ৰিয় আছিল আৰু তিনিও সমসাময়িক আছিল। প্ৰায়ে তিনিও একেলগে ঢোল বজাইছিল। মেথোন কোঁৱৰৰ সংগী আছিল নকছাৰীৰ কোঁৱৰপৰীয়া মৰাণ গাঁৱৰ চেপেটা গগৈ। চেপেটা গগৈয়ে মেথোনৰ ঢোলৰ লগত তাল সংগত কৰিছিল।২
স্বাধীনতা আন্দোলনত
ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈ তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। কাৰাবাসৰ সময়ত তেওঁ ঢোলবাদনেৰে সকলোকে মুগ্ধ কৰিছিল আৰু বৃটিছ বিষয়া হামফ্ৰে চাহাবে তেওঁক মুকলি কৰি দিছিল। তেওঁৰ লগতে মধুমিশ্ৰ সত্ৰৰ সত্ৰাধিকাৰ দ্বাৰিকানাথ গোস্বামীকো গ্ৰেপ্তাৰ কৰা হৈছিল।২ অসম চৰকাৰে মৰণোত্তৰভাবে তেওঁ “শিল্পী পেন্সন’’ প্ৰদান কৰে।১
অন্যান্য
মেথোন ওজাই ঢোলৰ ওজা হোৱাৰ উপৰি টোকাৰী, বীণ, বাঁহী, মুৰুলী, মৃদং, সুতুলী, নাগাৰা, খোল, তাল, ৰামতাল, হাৰমনিয়াম আৰু তবলা আদি বজাব পাৰিছিল।২
ওজা
ওজাৰ প্ৰিয় বস্তু আছিল ঢোল আৰু তেওঁৰ দীঘল চুলিকোছা। মাতৃ বিয়োগৰ পিছত পৰম্পৰা অনুসৰিও তেওঁ চুলিকোছা কটা নাছিল। তেওঁ কেৱল ঢোলৰেই ওজা নাছিল, তন্ত্ৰ-মন্ত্ৰতো তেওঁ পাকৈত আছিল। তেওঁৰ জীৱনত মন্ত্ৰশক্তিৰে কৰা কেইবাটাও অলৌকিক কাম মানুহৰ মুখে মুখে এতিয়াও প্ৰচলিত। তেওঁ প্ৰায় ৭০০ জন যুৱকক ঢোলবাদ্যৰ প্ৰশিক্ষণ দিছিল। শেষৰ জন শিষ্য আছিল তনু ওজা।২
জনপ্ৰবাদত ওজা
অসমত ঢোল বাদন বৰ জনপ্ৰিয় লোকশিল্প আছিল, ঢুলীয়া ওজাসকলো আছিল জনপ্ৰিয়। তেওঁলোকৰ নাম মানুহৰ মুখে মুখে প্ৰচলিত আছিল। লোক-প্ৰবাদত এতিয়াও প্ৰচলিত, “মঘাইৰ হাত, ন’ৰামৰ ঘাত, মেথোনৰ মাত’’, “ৰঙৰ ৰগৰ, ৰত্নৰ টকৰ, মঘাইৰ চাপৰ, মেথোনৰ লহৰ’’, “মেথোনৰ টোকাৰী, ন’ৰামৰ তেলটুপী’’ আদি।২
কবিৰ কবিতাত মেথোন ওজা
কবি নৱকান্ত বৰুৱাৰ কবিতাত মেথোন ওজাৰ উল্লেখ মনকৰিবলগীয়া। কবিৰ “ধনশিৰি’’ নামৰ কবিতাত মেথোন ওজাৰ জীৱন গাঁথা অংকন কৰিছে।২
ওজাৰ মালিতা
মেথোন ওজাৰ ঢোলৰ মালিতাসমূহ আছিল চমৎকাৰ। তাৰে কেইটামান:৩
- ধগৌ তিতি খিতি; ধগৌ তি দাও
তাখিত্ খিত্ দোলটি বাওঁ ঢোল বাওঁ চা ধোবা ৰজা মাদলী বজাও চা ৰজাই পেলালে হাঁহি দক্ষিণা দিলেহি আনি নাটক ন টকা, ৰাইজক কুৰি টকা ঢুলীয়াক ছ টকা দিলে বামুণৰ পিঠাগুড়ি, শূদিৰৰ বেই তাকে ভাবি-চিন্তি প্ৰভূসকল, সেই কৰা সেই।
- খেতি কৰ খেতি কৰ, গাৰ বল দি
খেতি খোলা নকৰিলে খাবিগৈনো কি?
- নাঙল আছে মাটি নাই, বানপানীত গ’ল
বেমাৰ বাটোঁতে বাকীকেইডৰা মহাজনত বন্ধকী হ’ল।
- ৰাইজৰ মুখৰ ভাত কোনে কাঢ়ি নিলে
জাত-পাতৰ লগালে যুঁজ ৰাইজখন এক হৈ থাকিবলৈ নিদিয়ে এতিয়া কি বুজ’ বুজ।
মৃত্যু
অসম সাহিত্য সভাৰ টিহু অধিৱেশনত মেথোন ওজাক সন্মান জনোৱাৰ আয়োজন কৰা হৈছিল। তেতিয়াৰ মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এশ টকা যাতায়াতৰ বাবে তেওঁক দিছিল। কিন্তু যাত্ৰাপথতেই অসহ্য পেটৰ বিষ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসা কৰা হয়। চিকিৎসাৰ ৰোগ নিৰ্মূল নহ’ল। ১৯৮২ চনৰ ২২ জানুৱাৰী বৃহস্পতিবাৰে গন্ধকৰৈ গাঁৱত তেওঁৰ মৃত্যু হয়।২
তথ্যসূত্ৰ
- ↑ বৃটিছ কাৰাগাৰত ঢোল বজোৱা প্ৰতিভা দেখি বৃটিছ বিষয়াই মুক্তি দিছিল এগৰাকী ওজাক
- ↑ গোস্বামী, ৰাধিকা বল্লভ. (২০০৪). লোকশিল্পী মেথোন ওজা. অন্যপথ গোষ্ঠী. পৃ. ৭
- ↑ মেধি, নয়নমণি. (২০০৪). লোকশিল্পী মেথোন ওজা. অন্যপথ গোষ্ঠী. পৃ. ৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেথোন ওজা” প্ৰবন্ধৰ সংশোধন ৬৩৩৫৭০ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।