অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাগীৰথী (অভিনেত্ৰী)

ভাগীৰথী ( Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত। কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাগীৰথী ( Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত।১ কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে। বৰ্তমানলৈ তেওঁ ৬৫ খনতকৈয়ো অধিক নাটকত অভিনয় কৰিছে।

কৃতিত্ব

ভাগীৰথীয়ে ১৯৯০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লীৰ পৰা অভিনয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাত অধ্যয়ন কৰি থাকোঁতেই অভিনেতা গিৰীশ কাৰ্ণাডৰ সংস্পশলৈ আহিবলৈ সুযোগ পায়৷ তাতেই তেওঁ অভিনেতা বাহাৰুল ইছলামকো লগ পায় আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ তাৰপিছত বিয়া হয়৷২ তাৰ আগতে ১৯৮৬-৯১ চনৰ ভিতৰ কৰ্ণাটকৰ নিনাছাম ৰেপাৰ্টৰী কোম্পানীৰ সৈতে অভিনয় আৰম্ভ কৰিছিল।২ ১৯৯২-৯৩ চনত “হীৰ-ৰঞ্জা’’ নাটকৰ প্ৰযোজনাৰ বাবে লণ্ডনৰ তাৰা আৰ্টত যোগদান কৰে।২ তাৰপৰা তেওঁ ’গ্লোবেল থিয়েটাৰ’ নামৰ আন এটা দলৰ সৈতে চুক্তিবদ্ধ হয় আৰু লণ্ডনৰপৰা জাপানৰ টকিঅ’লৈ অভিনয় কৰিবলৈ যায়৷২ তেওঁ বৰ্তমানলৈকে কন্নড় ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হিন্দী ভাষা আৰু ইংৰাজী ভাষা আদি বিভিন্ন ভাষাৰ ৬৫ খনতকৈও অধিক নাটকত অভিনয় কৰিছে।১

ভাগীৰথীয়ে ১৯৯১-৯২ চনত মহিলা চৰিত্ৰ শকুন্তলা,গান্ধী আৰু মল্লিকাৰ একক আখ্যান অভিনয়ৰ প্ৰকল্পৰ বাবে এন এছ ডিৰ পৰা ফেল’শ্বিপ লাভ কৰে। বৰ্তমান তেওঁ গুৱাহাটীৰ ছিগাল থিয়েটাৰ একাডেমীৰ অধ্যক্ষ হিচাপে কৰ্মৰত। অসমত ১৯৯৫ৰ পৰা বৰ্তমানলৈ বহু নাটকৰ ডিজাইন আৰু পৰিচালনা কৰে। ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগ পৰা বিশেষভাৱে সক্ষম শিশুৰ সৈতে কাম কৰাৰ বাবে জুনিয়ৰ ফেল’শ্বিপ আৰু চিনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে। তেওঁ কানাড়াৰ পৰা অসমীয়ালৈ কিছু নাটক আৰু প্ৰবন্ধ অনুবাদ কৰে। তেওঁ কানাড়া, অসমীয়া আৰু হিন্দী ভাষাৰ বহু ছবিতো অভিনয় কৰিছে। ৪৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৯৭ত অসমীয়া ছবি অদাহ্য (চলচ্চিত্ৰ)ত কৰা অভিনয়ৰ বাবে বিশেষ জুৰী মেনচন হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। কৰ্ণাটকৰ ৰাজ্য চৰকাৰ ২০১৬ৰ পৰা AGASI PARLOR ছবিখনৰ বাবে সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু ৰ'দৰ চিঠি ছবিৰ বাবে লোনাৱলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৬ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে.১

তথ্যসূত্ৰ

  1. ↑ ভাগীৰথী বাই কদম
  2. ↑ ভাগীৰথীৰ সৈতে সাক্ষাৎকাৰ

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগীৰথী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৭৫২৩৬ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।