অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভুৱন মোহন দাস

ড৹ ভুৱন মোহন দাস (জন্ম: ১৯৩১-২০০৮) এজন আন্তজাৰ্তিক নৃতত্ত্ববিদ, নৃতত্ত্ব বিষয়ক পাঠ্যপুথিৰ লেখক, বিজ্ঞান সাহিত্যৰ লেখক, প্ৰবন্ধকাৰ, সংকলক আৰু অধ্যাপক। তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ড৹ ভুৱন মোহন দাস (জন্ম: ১৯৩১-২০০৮) এজন আন্তজাৰ্তিক নৃতত্ত্ববিদ, নৃতত্ত্ব বিষয়ক পাঠ্যপুথিৰ লেখক, বিজ্ঞান সাহিত্যৰ লেখক, প্ৰবন্ধকাৰ, সংকলক আৰু অধ্যাপক।১ তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ।২ তেখেতে ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু পৰৱৰ্তী ১৯৭৩ চনৰপৰা ১৯৭৬ চনলৈকে বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰে৷ ২০০৮ চনৰ ২২ জানুৱাৰী তাৰিখে তেখেতৰ মৃত্যু ঘটে।

জন্ম

১৯৩৩ চনৰ ৪ অক্টোবৰ তাৰিখে গুৱাহাটীত দাসৰ জন্ম হয়৷ পিতৃৰ নাম হৰমোহন দাস আৰু মাতৃৰ নাম জগদ্ধাত্ৰী দাস৷৩

বংশ পৰিচয়

দেশ-বিদেশৰ নৃতত্ত্ববিদসকলৰ মাজত স্থান পাবলৈ সক্ষম হোৱা ড৹ ভুবন মোহন দাসৰ পিতৃ হৰমোহন দাস এগৰাকী ভাল শিক্ষক আছিল। তেখেতে হাইস্কুলীয়া কিতাপ সংগ্ৰহ আৰু প্ৰণয়ন কৰিছিল।৪ ভুৱন মোহন দাসৰ তিনিজন ককাই-ভাই আৰু দুগৰাকী ভগ্নী আছিল৷ তেখেতসকল ক্ৰমে- ৰাজমোহন, ৰায়মোহন আৰু বিৰাজমোহন৷ ভগ্নীৰ দুগৰাকীৰ নাম- বাসন্তী আৰু নমিতা৷৩ তেখেতৰ পত্নীৰ নাম মঞ্জুমালা ৰাজখোৱা৷ তেখেত নিজৰা-কবি শৈলধৰ ৰাজখোৱাৰ জীয়েক আছিল৷

শিক্ষা আৰু চাকৰি জীৱন

ড৹ ভুবন মোহন দাসে ১৯৪৭ চনত কটন কলেজত অধ্যনৰত অৱস্থাত কলেজৰ নৃতত্ব বিভাগে আকৰ্ষণ কৰে। পৰবৰ্তী সময়ত ১৯৫১ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নৃতত্ত্ব অধ্যনৰ এখন বহল ক্ষেত্ৰত ভৰি থ'লে। ১৯৫৩ চনত এম.এছ.চিত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ কটন কলেজৰ নৃতত্ত্ববিদৰ প্ৰবক্তা হিচাপে যোগদান কৰিলে। ১৯৫৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড এছ. এছ .সৰকাৰৰ নিৰ্দেশত আৱয়বিক নৃতত্ত্ববিদ্যাৰ গৱেষণা কৰি "Somantic variability among some populations of South Goalpara,Assam" শীৰ্ষক গৱেষণা গ্ৰন্থ লিখি পি .এইচ. ডি. ডিগ্ৰী লাভ কৰে। ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ববিদ্যা বিভাগত প্ৰবক্তাৰূপত যোগদান কৰি পৰৱৰ্তী সময়ত অধ্যাপক পদলৈ উন্নীত হয়। ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি ১৯৭৩-৭৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

সাহিত্যৰাজি

  1. গৱেষণা গ্ৰন্থ:
    1. Somantic variability among some populations of South Goalpara,Assam(1959)
  2. শিশু-চেমনীয়া বিষয়ক গ্ৰন্থ:
    1. আদিম যুগৰ আদি কথা, অসম শিশু সাহিত্য ন্যাস, ১৯৬০
    2. মানৱৰ আদি কথা, পাব্লিকেচন বোৰ্ড, অসম, ১৯৬০
    3. আমাৰ দৰে সিহঁতো মানৱ, অসম শিশু সাহিত্য ন্যাস, ১৯৬৩
    4. মানুহৰ পৰিচয়, অসম সাহিত্য সভা, ১৯৯৬
  3. ৰাভা জনগোষ্ঠী বিষয়ক গ্ৰন্থ:
    1. Ethnic Affinities of the Rabhas
  4. বিজ্ঞান সাহিত্য বিষয়ক গ্ৰন্থ:
    1. বিৱৰ্তনৰ পথত মানৱ, অসম প্ৰকাশন পৰিষদ, ১৯৬৭
    2. মানুহ, অসম বিজ্ঞান সমিতি, ১৯৬৮
    3. অসমৰ মানুহঃ প্ৰজাতি আৰু সংস্কৃতি-এটি দৃষ্টিপাত(১৯৮৬)
    4. বিবিধ মানৱ, অসম একাডেমী ফৰ কালচাৰেল ৰিলেচলচ্, ১৯৬৮
    5. নৃত্ত্বৰ চমু আভাষ,অসম সাহিত্য সভা, ১৯৭৭
    6. অসমীয়া সংস্কৃতিঃ নৃতাত্ত্বিক বিচাৰ(২০০০)৫
    7. অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, অসম বিজ্ঞান সমিতি, ২০০৩
  5. জীৱনী সাহিত্য
    1. দেউতাৰ কথা,মহাপুৰুষ কোম্পানী, ১৯৬৭
    2. নিজৰা কবি শৈলধৰ ৰাজখোৱা, অসম সাহিত্য সভা, ১৯৯০
  6. গল্প পুথি:
    1. আঠজনী মিছেছ, লয়াৰ্ছ বুক ষ্টল, ১৯৭৩
    2. স্তব্ধ সময়, সাহিত্যৰত্ন প্ৰকাশন, ১৯৯৮
    3. আহিনৰ মেঘ, সাহিত্যৰত্ন প্ৰকাশন, ২০০১
  7. আত্মজীৱনীমূলক গ্ৰন্থ
    1. মোৰ পৃথিৱীৰ চিনাকি মানুহ, সাহিত্যৰত্ন প্ৰকাশন, ১৯৯৮
  8. সংস্কৃতি বিষয়ক
    1. অসমী আইৰ উক্তি, লয়াৰ্ছ বুক ষ্টল, ১৯৯৩
    2. অসমীয়া সংস্কৃতিঃ সংৰক্ষণ আৰু অন্যান্য, বাণী প্ৰকাশ, ২০০০
    3. সময়ৰ সোঁতত অসমীয়া সংস্কৃতি, লয়াৰ্ছ বুক ষ্টল, ২০০৫
  9. নৃতত্ত্ববিষয়ক পাঠ্যপুথি:
    1. The outline of physical Anthropology
  10. খাচীসকলৰ আৱয়বিক চৰিত্ৰৰ সমলেৰে জাৰ্মানিত প্ৰচলিত আধুনিক পদ্ধতিৰে বিশ্লেষণ কৰি ডি.এছ.চি.ডিগ্ৰীৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত জমা দিয়ে আৰু সেই থেছিছ গুৱাহাটীৰ 'দত্তবৰুৱা এণ্ড কোম্পানী'য়ে "Variation in physical characteristics in the khasi Populations of North-East India" শীৰ্ষক গ্ৰন্থত প্ৰকাশ কৰে।
  11. ৰাঁচী বিশ্ববিদ্যালয়ত নৃতত্ত্ববিদ বিভাগত অনুবিৱৰ্তন সম্পৰ্কে এলানি বক্তৃতা একত্ৰিত কৰি দিল্লীৰ কনছেণ্ট পাবিছাৰে"Micro evolution" নামেৰে গ্ৰন্থ প্ৰকাশ।

বঁটা আৰু সন্মান

  • ১৯৮২ঃ অসম সাহিত্য সভাৰ ডিফু অধিৱেশনৰ বুৰঞ্জী অধিৱেশন শাখাৰ সভাপতি৷
  • ১৯৮৫ঃ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি আৰু অসম বিজ্ঞান সমিতিৰ সভাপতি
  • ১৯৯৬ঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ‘এমেৰিটাছ ফেল’ লাভ, অসম পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ অসম পিছপৰা শ্ৰেণী আয়োগৰ সদস্য৷
  • ২০০০-২০০৩ঃ NWPARSৰ সভাপতি, INCAAৰ প্ৰতিষ্ঠাপক অধ্যক্ষ
  • ২০০৪ঃ কলিকতাৰ এছিয়াটিক ছচাইটিৰ আন্নাদেল মেমোৰিয়েল স্বৰ্ণপদক বঁটা

মৃত্যু

২০০৮ চনৰ ২২ জানুৱাৰী তাৰিখে গুৱাহাটীত তেখেতৰ মৃত্যু হয়৷৩

তথ্যসূত্ৰ

  1. ↑ গৰীয়সী, পঞ্চদশ বছৰ, নৱম সংখ্যা, জুন, ২০০৮, ভূৱন মোহন দাস শ্ৰদ্ধাৰ্ঘ্য সংখ্যা, পৃষ্ঠা-১৮
  2. ↑ ড৹ অনিমা গুহ. (সাতসৰী, চতু্ৰ্থ বছৰ, প্ৰথম সংখ্যা, আগষ্ট, ২০১৮ চন). আৱয়বিক নতৃত্ত্ব গৱেষণাৰ পথিকৃত ড৹ ভুবন মোহন দাস
  3. ↑ মঞ্জুমালা দাস. (২০১৫). ভুবনমোহন দাস ৰচনা সমগ্ৰ-১. কথা প্ৰকাশন. পৃ. ৭২০
  4. ↑ গৰীয়সী, পঞ্চদশ বছৰ, নৱম সংখ্যা, জুন, ২০০৮, ভূৱন মোহন দাস শ্ৰদ্ধাৰ্ঘ্য সংখ্যা, পৃষ্ঠা-১৮
  5. ↑ দাস, ভুবন মোহন ড ̊. (২০০০). অসমীয়া সংস্কৃতি: নৃতাত্বিক বিচাৰ. অসমীয়া বিভাগ (ডিব্ৰুগড় বিশ্ববিদ্যালয়)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভুৱন মোহন দাস” প্ৰবন্ধৰ সংশোধন ৫৪১৮২৬ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।