অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
অসমৰ কেইগৰাকীমান মহান ব্যক্তি
মূল প্ৰবন্ধ: চুকাফা চাও-লুং চ্যু-কা-ফা (ৰাজত্বকাল: ১২২৮-১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনৰ দেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ ৰাজকোঁৱৰ আছিল, আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।
-
অৰুণিমা শৰ্মা
অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল। ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।
-
আকাশ দীপ্ত ঠাকুৰ
আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক।
-
আনন্দমোহন ভাগৱতী
আনন্দমোহন ভাগৱতী (ইংৰাজী: Anandamohon Bhagawati, ১৯৩১-) একাধাৰে নৃত্যশিল্পী, সঙ্গীতজ্ঞ, অভিনেতা, পৰিচালক, নাট্যকাৰ। নাট্যকাৰ হিচাপে পৰিচিত আনন্দমোহন ভাগৱতীয়ে সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপে জীৱন আৰম্ভ কৰি পাছলৈ মঞ্চ আৰু অনাতাঁৰ নাটকক ধৰি চলচ্চিত্ৰশিল্পৰ লগতো জড়িত হৈ পৰে।
-
আনন্দিতা দত্ত তামূলী
আনন্দিতা দত্ত তামূলী (Anandita Dutta Tamuly) হৈছে অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ এগৰাকী মহিলা। এওঁ শুদা চকুত ভোট জলকীয়া ঘঁহি লগাব পাৰে আৰু খাবও পাৰে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ভোট জলকীয়াক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া বুলি স্বীকৃতি দিছে।
-
আশু দেৱ
আশু দেৱ (Asu Dev), জন্ম আশুতোষ দেৱ ধুবুৰী, অসম, ভাৰত (১৩ ডিচেম্বৰ ১৯১৭ – ৬ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী অগ্ৰণী শিল্পী আছিল। তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কলা শিক্ষাবিদ।
-
আৰুণি কাশ্যপ
আৰুণি কাশ্যপ (Aruni Kashyap; জন্ম: ৯ জুন, ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত The House With a Thousand Stories শীৰ্ষক উপন্যাসখনৰ লেখক তেওঁ।
-
উদ্দীপনা গোস্বামী
উদ্দীপনা গোস্বামী (Uddipana Goswami) (জন্ম: -) হৈছে এগৰাকী অসমৰ কবি আৰু লেখিকা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা উদ্দীপনা গোস্বামীয়ে বিভিন্ন বিষয়ত লেখা-মেলা কৰে। তেওঁ ২০১০ চনত উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড শীৰ্ষক এখন কবিতা-সংকলন প্ৰকাশ কৰে।
-
ঋষিৰাজ হাজৰিকা
ঋষিৰাজ হাজৰিকা (জন্ম ১৯৯০) অসমৰ এগৰাকী ৰাজনীতিবিদ।তেওঁ অসম বিধানসভাৰ লখিমপুৰ জিলাৰ নবগঠিত ৰঙানদী বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টি দল পৰা প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
কমলা বৰগোহাঁই
কমলা বৰগোহাঁই (Kamala Borgohain) হৈছে এগৰাকী গল্পকাৰ, ঔপন্যাসিক।
-
কান্দুৰা ডেকাফুকন
কান্দুৰা ডেকাফুকন (Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁৱৰৰ মুখ্য সহযোগী আছিল। তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁকোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।
-
কুতুব আহমেদ মজুমদাৰ
কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
কুমুদ কলিতা
কুমুদ কলিতা; (জন্ম ১ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী, আৰু বিশেষভাৱে সক্ষম শিশু আৰু অনাথ শিশুৰ আশ্ৰয়স্থল তপোবনৰ প্ৰতিষ্ঠাপক। ১৯৮৮ চনত পাঠশালা মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ বিশেষকৈ শিশু কল্যাণ আৰু শাৰিৰীক অক্ষমতাৰ সহায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ সেৱাৰ…
-
কুমুদ গোস্বামী
কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।
-
কৃপানাথ মল্লাহ
কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য।
-
কৃষ্ণ কান্ত বৰা
কৃষ্ণ কান্ত বৰা বৰ্তমান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশ ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত বৰা দেৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিশেষ ভাবে চাত্ৰ সংগঠনৰ কামত নিয়োজন কৰিছে।
-
খগেন্দ্ৰ নাথ পাঠক
খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে।
-
খৰ্গেশ্বৰ ভূঞা
খৰ্গেশ্বৰ ভূঞা একাধাৰে সাহিত্যিক, গৱেষক, অধ্যাপক। তেখেতে প্ৰাচীন ধৰ্মশাস্ত্ৰৰ কেতবোৰ চৰিত্ৰ আৰু কাহিনীক অৱলম্বন হিচাপে লৈ ৭খন পুৰাকথাকেন্দ্ৰিক উপন্যাস ৰচনা কৰিছে। বিজ্ঞান,অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়ক অনেক পুথি প্ৰকাশ কৰাৰ লগত বহুকেইখন প্ৰাচীন ধৰ্মশাস্ত্ৰ পুথিৰ সম্পাদনা কৰিছে।
-
গগন চন্দ্ৰ সোণোৱাল
গগন চন্দ্ৰ সোণোৱাল আছিল সোণোৱাল কছাৰী জাতিৰ লোক-সংস্কৃতিৰ গৱেষক, সু-সাহিত্যিক, আজীৱন শিক্ষাবিদ, নিষ্ঠাবান সাংস্কৃতিক কৰ্মী, সু-সংগঠক, একাধাৰে খেতিয়ক, সাংবাদিক আৰু এজন সোণোৱাল কছাৰী জাতিৰ অভিভাৱকস্বৰূপ।
-
গায়ত্ৰী হাজৰিকা
গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।
-
গুণীন্দ্ৰ নাথ দত্ত
ড॰ গুণীন্দ্ৰ নাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চৰকাৰৰ বৃত্তি লাভ কৰোঁতা প্ৰথম অসমীয়া পশু চিকিৎসা বিজ্ঞানৰ গৱেষক। তেখেতৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ভগামুখ গাঁৱত।
-
গোপাল মিশ্ৰ
গোপাল মিশ্ৰ (Gopal Mishra) গোপাল মিশ্ৰ দামোদৰৰ শিষ্য আৰু খুদীয়া সত্ৰৰ প্ৰতিষ্ঠাতা। এওঁ খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত জন্ম গ্ৰহণ কৰে আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে সম্ভৱতঃ জীৱিত আছিল। গোপাল মিশ্ৰৰ উপাধিও 'কবিৰত্ন' আছিল। এওঁ ভট্টদেৱৰ পৰম সুহৃদ আছিল আৰু পৰস্পৰে 'সখি' বুলি সম্বোধন কৰিছিল।
-
জয়া সেনাপতি
জয়া সোনাপতি (Joya Senapati) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ উপ-সভানেত্ৰী হিচাপে কৰ্মৰত৷ সেইদৰে তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷ বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে…
-
জিতেন মহন্ত
জিতেন মহন্ত (Jiten Mahanta) বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বৰদোৱা থান সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে ৫০ বছৰৰ বেছি যুক্ত আছিল।
-
ডিম্পু বৰুৱা
ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে।
-
তপন ডেকা
তপন কুমাৰ ডেকা (Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ২৮ সংখ্যক সঞ্চালক প্ৰধান। তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ (৪১আৰ আৰ) ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।
-
তয়াবুন নিছা
তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।
-
তোষেশ্বৰ চেতিয়া
তোষেশ্বৰ চেতিয়া (Toseswar Chetia) ‘নতুন পৃথিৱী’ আৰু 'নতুন সাহিত্য পৰিষদ'ৰ এগৰাকী নেতা সাহিত্যিক। তেওঁ একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ। সমাজতন্ত্ৰ-সাম্যবাদত বিশ্বাসী আৰু সংগ্ৰামী সাহিত্যিক।
-
দিগেন মহন্ত
দিগেন মহন্ত( Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল।
-
দিপ্লু ৰঞ্জন শৰ্মা
দিপ্লু ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়