অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰবোধ শৰ্মা

প্ৰবোধ শৰ্মা অসমৰ সামাজিক, শৈক্ষিক আৰু জ্যোতিষবিদ্যাৰ ক্ষেত্ৰত এক পৰিচিত নাম। তেওঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখাৰ সভাপতি আৰু নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ, অসমৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক।

হালনাগাদ: ১২ মে’ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰবোধ শৰ্মা অসমৰ সামাজিক, শৈক্ষিক আৰু জ্যোতিষবিদ্যাৰ ক্ষেত্ৰত এক পৰিচিত নাম। তেওঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখাৰ সভাপতি১ আৰু নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ, অসমৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

তেওঁ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সম্পাদক হিচাপে শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল। ইয়াৰ উপৰি, তেওঁ অসম জ্যোতিষ সভাৰো প্ৰাক্তন সম্পাদক আছিল।

জ্যোতিষ শাস্ত্ৰলৈ অৱদান

ড° শৰ্মাই বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ গণনাকাৰী আৰু প্ৰকাশক হিচাপে জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰখনলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ "গাৰ্গী জ্যোতিষ আলোচনী"ৰ মুখ্য সম্পাদক হিচাপেও নিজৰ দায়িত্ব পালন কৰি আহিছে।

নাট্যকাৰ হিচাপে

এগৰাকী নাট্যকাৰ হিচাপেও তেওঁৰ পৰিচয় আছে। তেওঁৰ উল্লেখযোগ্য নাটসমূহ হ'ল:

  • সংঘাত আৰু কবৰ
  • কঁপি উঠে কিয় তাজমহল
  • ট্ৰিমুখানিত্যাভিনয়
  • অভিনয়ত ভূত
  • ফাঁচিকাঠৰ চকুলো

বঁটা আৰু সন্মান

তেওঁৰ অসাধাৰণ অৱদানৰ বাবে তেওঁ বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ'ল:

  • জ্যোতিষ সম্ৰাট
  • জ্যোতিষ শিৰোমণি
  • জ্যোতিষ ভাস্কৰ
  • বাস্তু বিশাৰদ
  • ৰত্ন বিশাৰদ
  • তন্ত্ৰ বিশাৰদ
  • ডক্টৰ অফ এষ্ট্ৰুলজী
  • গ্লোদ ক্ৰাউণ্ড
  • জীৱন জোৰা সাধনা বঁটা
  • গ্লড মেডেলিষ্ট অফ এষ্ট্ৰুলজী
  • অসমীয়া পঞ্জিকা জ্যোতি
  • জ্যোতিষ ৰত্ন বঁটা
  • ড° আম্বেদকাৰ বঁটা

তথ্যসূত্ৰ

  1. ↑ (১০ আগষ্ট ২০২৫). দৰং-ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ কাৰ্যনিৰ্বাহক সভা. নিয়মীয়া বাৰ্তা
  2. ↑ Prabodh Sarma. Bisuddha Purnanga Panjika ৷ বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকা

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবোধ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০৫৯১০ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।