অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
ৰশিদা হক চৌধুৰী
ৰশিদা হক চৌধুৰী(Rashida Haque Choudhury, জন্ম ২৪ এপ্ৰিল ১৯২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে চৰণ সিং মন্ত্ৰালয়ৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী আছিল।
-
ৰাকেশ বণিক
ৰাকেশ বণিক (Rakesh Banik) এগৰাকী অসমীয়া পেৰা-চাইক্লিষ্ট। সৰ্বভাৰতীয় পৰ্যায়ত পেৰা- চাইক্লিষ্ট ৰূপে তেওঁ নেতৃস্থানীয়। ২০১২ চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ-ভৰিটো হেৰুৱায় যদিও নিজৰ যত্ন, একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী চাইক্লিষ্ট ৰূপে জনমানসত ধৰা দিয়ে।
-
ৰাজু বৰুৱা
ৰাজু বৰুৱা (Raju Baruah )ৰ প্ৰকৃত নাম হিতেশ কলিতা, ওৰফে অনিছ আহমেদ, আৰু নিষিদ্ধ সংগঠন আলফাৰ অসম ভিত্তিক অৰ্ধ স্বায়ত্তশাসিত 'এনিগমা বাহিনী'ৰ মুৰব্বী।
-
ৰাধা বিনোদ বৰ্মন
ড০ ৰাধা বিনোদ বৰ্মন (Dr Radha Binod Barman) হৈছে অসম, ভাৰতৰ এগৰাকী পৰিসংখ্যাবিদ৷ তেখেতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত উপ-অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপেও কৰ্ম-নিৰ্বাহ কৰিছিল৷ চৰকাৰী পৰিসংখ্যা শিতানলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ বৰ্মনলৈ ২০২১ চনৰ অধ্যাপক পি চি…
-
ৰামচৰণ ভৰালী
ৰামচৰণ ভৰালী (Ramcharn Bhorali) অসমৰ এগৰাকী লোকশিল্পী। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা ভৰালী লোককলাৰ বিশিষ্ট উপাদান নাগাৰা নামৰ সৈতে ওতপ্ৰোতভাবে জড়িত আছিল। “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি পৰিচিত ভৰালীয়ে নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে সুদীৰ্ঘকাল এই কলাৰ সৈতে জড়িত থাকি ইয়াৰ ওপৰত…
-
ৰামৰাম
ৰামৰাম আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।
-
ৰীতা দেৱী
ৰীতা দেৱী বৰ্মা (Reeta Devi Varma, জন্ম: ১১ অক্টোবৰ ১৯৪২) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন 'ইলা ন্যাস'ৰ প্ৰতিষ্ঠাপক। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
ৰূপশ্ৰী গোস্বামী
ৰূপশ্ৰী গোস্বামী (জন্ম ১ ফেব্ৰুৱাৰি ১৯৫০) এগৰাকী অধ্যাপক, গৱেষক, গল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতৰ আঠখন গল্প সংকলন, দুখন উপন্যাস আৰু দুখন প্ৰবন্ধ সংকলন প্ৰকাশিত হৈছে৷ নেছনেল বুক ট্ৰাষ্টৰ বাবে তেখেতে পাঁচখন আৰু গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনৰ ‘কালজয়ী সাহিত্য’ ছিৰিজৰ বাবে চাৰিখন গ্ৰন্থ অনুবাদ কৰিছে৷ তদুপৰি,…
-
ৰেৱতী চেত্ৰী
ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।
-
ৰোষেশ্বৰ বৰুৱা
ৰোষেশ্বৰ বৰুৱা(Rosheswar Barua) আছিল অসম, ভাৰতৰ এগৰাকী চাহ-খেতিয়ক৷ ঊনৈশ শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহখেতি কৰিছিল৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী আৰু দুই-এক তথ্যসূত্ৰ মতে, ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ-খেতিয়ক৷