অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমল মজুমদাৰ

বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷ তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷১ তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ ২

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হয় ১৯৬৪ চনৰ ১ জানুৱাৰী তাৰিখে৷ পিতৃৰ নাম খগেন মজুমদাৰ আৰু মাতৃৰ নাম সাবিত্ৰী মজুমদাৰ৷

শিক্ষা

  • প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে ভালুকঘাটা প্ৰাথিমক বিদ্যালয়ত
  • মজলীয়া শিক্ষা গ্ৰহণ কৰে ভালুকঘাটা মজলীয়া বিদ্যালয়ত
  • হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰে বকো হাইস্কুলৰপৰা৷ ১৯৮৩ চনত প্ৰেৱিশকা পৰীক্ষাত উত্তীৰ্ণ৷
  • প্ৰাক্ বিশ্বিবদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰ্য মহাবিদ্যালয়ৰপৰা,১৯৮৫
  • স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰ্য মহাবিদ্যালয়ৰপৰা,১৯৮৮
  • স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা, ১৯৯১
  • পিএইচডি ডিগ্ৰী গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা, ১৯৯৭৩

চাকৰি জীৱন

  • ১৯৯১ চনৰপৰা ১৯৯৩ চনলৈকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জাত সহকাৰী অধ্যাপক হিচাপে চাকৰি জীৱনৰ আৰম্ভ৷
  • ১৯৯৩ চনৰপৰা ২০০৮ চনলৈকে নলবাৰী কলেজত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ৷
  • ২০০৮ চনৰপৰা বৰ্তমানলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে কৰ্মৰত৷৪

প্ৰকাশিত গ্ৰন্থ

প্ৰবন্ধমূলক গ্ৰন্থ

  • অসমীয়া কবিতাৰ বিচাৰ, ১৯৯৮
  • ভক্তি সাহিত্য, ১৯৯৯
  • পুৰাণৰ পৰিচয়, ২০০২
  • জনজাতি আৰু গাৰো জনজাতি, ২০০৮
  • সাহিত্যৰ তত্ত্ব আৰু প্ৰয়োগ, ২০১১
  • Descriptive Bibliography of Sankardeva Studies,২০১৪

8সাহিত্য তত্ত্ব আৰু সমীক্ষা, ২০১৬

  • শঙ্কৰদেৱ চৰ্চা, ২০১৬
  • অসমীয়া সাহত্যত নদী, ২০১৬

উপন্যাস

  • কৃষ্ণচূড়াৰ লিহিৰী পাত, ২০২১

সম্পাদনা

  • জাতীয় সংহতিলৈ শঙ্কৰদেৱৰ অৱদান, ২০১৬
  • পৰিশীলন, ২০১৯
  • Language Literature and Culture of North East India (Jointly), ২০১৭
  • শ্ৰীশ্ৰী চণ্ডী, ২০১৯
  • অসমীয়া লোক সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), ২০২১

তথ্যসূত্ৰ

  1. ↑ 'প্ৰতিদিন কাকত' দৈনিক কাকতৰ গ্ৰন্থ সমালোচনা -নীহাৰিকা গোস্বামীৰ দ্বাৰা, ২৪ জানুৱাৰী,২০২২
  2. ↑ আৰ্কাইভ কপি
  3. ↑ আৰ্কাইভ কপি
  4. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমল মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৮৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।