অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
দীপাংকৰ বৰা
দীপাংকৰ বৰা (Dipankar Borah; জন্ম: ১১ অক্টোবৰ ১৯৯৪) অসমৰ এগৰাকী উদ্ভিদবিজ্ঞানী, অধ্যাপক আৰু গৱেষক।
-
দীপালি দত্ত
ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
দীপিকা ডেকা
দীপিকা ডেকা (Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ। তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক।
-
দীপিকা বৰগোহাঁই
দীপিকা বৰগোহাঁই ( Dipika Borgohain; জন্ম: ১৯৩২ মৃত্যু: ২০২৪) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে।
-
দেৱজিৎ গায়ন
দেৱজিৎ গায়ন (Debajit Gayan) এগৰাকী অসমীয়া শব্দযন্ত্ৰী। খাছী চলচ্চিত্ৰ Iewduhত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২১ চনত সৰ্ব্বশ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ২০১৯ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২০১৫ চনত অৰং ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বটাঁ লাভ ৷ হান্দুক চলচ্চিত্ৰত শব্দ ৰূপাঙ্কনৰ বাবে ২০১৮ ত ২য় শৈলধৰ বৰুৱা…
-
দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া (Debabrata Saikia; জন্ম: ১৪ ডিচেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলপতি। ২০১৬ চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।
-
দেৱানন্দ হাজৰিকা
দেবানন্দ হাজৰিকা অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
দ্বীপান্বিতা কলিতা
দ্বীপান্বিতা কলিতা (Dwipannita Kalita, জন্ম: প্ৰায় ১৯৮৯) হৈছে ভাৰতীয় সেনাৰ এগৰাকী চিকিৎসা বিষয়া তথা অসম ৰাজ্যৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেওঁ আগ্ৰাত থকা ভাৰতীয় সেনাৰ ক্ষেত্ৰস্থলীত উৰণ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত ৩৪ বছৰ বয়সত পেৰাট্ৰুপাৰ বেজ আৰু মেৰুণ বেৰেট লাভ কৰে।
-
ধীৰা চলিহা হাজৰিকা
ধীৰা চলিহা হাজৰিকা (Dhira Chaliha Hazarika; ৭ জানুৱাৰী ১৯৪০) অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। তেওঁ ১৯৬১ চনৰ এপ্ৰিল মাহত ২১ বছৰ বয়সত নিজৰ বিমান উৰণৰ অনুমতি (Pilot Licence) লাভ কৰিছিল। তেতিয়াৰেপৰা তেওঁ অসমৰ বিমান ইতিহাসত এগৰাকী প্ৰেৰণাদায়ক মহিলা ৰূপে পৰিচিত হৈ আছে।
-
ধীৰেন্দ্ৰ নাথ পাল
ধীৰেন্দ্ৰ নাথ পাল (Dhirendra Nath Paul) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰীকন্দি গাঁৱৰ এগৰাকী টেৰাকোটা (মৃৎশিল্প) শিল্পী। তেখেতৰ কৰ্মৰাজিৰ বাবে ২০২৫ চনত অসম চৰকাৰে "অসম গৌৰৱ বঁটা" প্ৰদান কৰে।
-
নয়নজ্যোতি শইকীয়া
নয়নজ্যোতি শইকীয়া (Nayanjyoti Saikia, জন্ম ১১ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় চেফ তথা মাষ্টাৰচেফ ইণ্ডিয়াৰ সপ্তম সংস্কৰণৰ বিজয়ী প্ৰতিযোগী।
-
নলিনীপ্ৰভা ডেকা
নলিনীপ্ৰভা ডেকা (; জন্ম:১১ মাৰ্চ ১৯৪৪ – মৃত্যু:১৫ জুন ২০১৪) আছিল ব্ৰহ্মপুত্ৰ উপত্যকাক সামৰি লোৱা ভাৰত অসমৰ এগৰাকী লেখিকা, কবি, গল্পকাৰ, অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১২ চনত লিডুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ (অসম সাহিত্য সমাজ) এক সমাৱেশত তেওঁক সন্মানিত কৰা হৈছিল।
-
নিংনি ভাৱৰীয়া
নিংনি ভাৱৰীয়া বা নিংনি ভাউৰা (জন্ম:১৮৩৫ - মৃত্যু:১৯১৫) বৰপেটা অঞ্চলৰ এজন স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া। নিংনিৰ কাৰ্য্য-কলাপ আৰু মুখে মুখে ৰচা ধেমেলীয়া পদ্যই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। নিংনি ভাৱৰীয়াৰ একো-একোটা এনে কাৰ্য্যক 'ৰহস্য' বুলি জনা যায়।
-
নিত্যানন্দদেৱ
নিত্যানন্দদেৱ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ আদিগুৰুসকলৰ ভিতৰত অন্যতম৷মায়ামৰা সম্প্ৰদায়ৰ তৃতীয় অধিকাৰ শ্ৰী হৰিৰামদেৱৰ মৃত্যুৰ পিছৰ তেওঁৰ ভায়েক নিত্যানন্দদেৱে খুটিয়াপোটা সত্ৰৰ অধিকাৰী হয়৷
-
নিহাৰ ৰঞ্জন দাস
নিহাৰ ৰঞ্জন দাস এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰপৰা অসম বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে ধলাই বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰে।
-
নিৰোদ কুমাৰ বৰুৱা
ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল।
-
নীলিম আকাশ কাশ্যপ
নীলিম আকাশ কাশ্যপ (Neelim Akash Kashyap) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেতে বহুকেইখন উপন্যাস লিখাৰ লগতে জুবিন গাৰ্গৰ গীতক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছে। তেখেত পেচাত এজন শিক্ষা বিভাগৰ কৰ্মচাৰী।
-
নীলোৎপল বৰা
নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
-
নীলোৎপল বৰুৱা
নীলোৎপল বৰুৱা (Nilutpal Baruah) এজন গল্পকাৰ, উপন্যাসিক, নাট সমালোচক, গীতিকাৰ, কবি আৰু তথ্য চিত্ৰ নিৰ্মাতা। 'গান্ধী ফাগ্লা', 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' হৈছে তেওঁ লিখা দুখন গ্ৰন্থ।
-
নৃপেন ফুকন
নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ, তথ্যচিত্ৰ পৰিচালক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, সমাজ কৰ্মী।
-
নৱমী গগৈ
নৱমী গগৈ (Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব।
-
পদুমী গাজলু
পদুমী গাজলু (Padumi Gajlu) হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ…
-
পবিত্ৰ ৰাভা (ৰাজনীতিক)
পবিত্ৰ ৰাভা (PABITRA RABHA) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
-
পানীন্দ্ৰনাথ গগৈ
পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা।
-
পিলিক চৌধুৰী
পিলিক চৌধুৰী (Pilik Choudhury) অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলা ব্যক্তিসকলৰ ভিতৰত নিঃসন্দেহে উল্লেখযোগ্য ব্যক্তি আছিল। ফুটবল, ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত নৈপুণ্যতাৰ পৰিচয় দিয়া পিলিক চৌধুৰী অসমৰ সেইসময়ৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি কোৱা হয়।
-
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া (Purandra Prasad Saikia) অসমৰ এজন উল্লেখযোগ্য শিশু সাহিত্যিক, ঔপন্যাসিক, কবিৰ লগতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৷ এতিয়ালৈকে দুশখনৰো সৰু বৰ পুথি প্ৰকাশ কৰিছে৷ ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে অসম চৰকাৰৰ এককালীন ক্ৰীড়া পেন্সন আৰু সাহিত্যক পেন্সন লাভ…
-
পূৰ্নানন্দ দত্ত
পূৰ্ণানন্দ দত্ত (Purnananda Dutta) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁৰ জন্ম হয় ১৯১২ চনৰ ৫ মাৰ্চত লক্ষীমপুৰ জিলাৰ ঢলপুৰত। তেখেতে ১৯৩২ চনত কংগ্ৰেছত যোগদান কৰিয়েই মহাত্মা গান্ধীৰ কঠোৰ আদৰ্শ মানি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে।
-
প্ৰদীপ আচাৰ্য্য
প্ৰদীপ আচাৰ্য্য একবিংশ শতাব্দীৰ অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, সমালোচক।
-
প্ৰদীপ দহোতীয়া
প্ৰদীপ দহোতীয়া (Pradip Dohutia) হ'ল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী,সংগীত পৰিচালক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক। লগতে এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰ বাদক। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষত নিয়মীয়া শিল্পী পেন্সন লাভ কৰে।
-
প্ৰবীণ শইকীয়া
ড° প্ৰবীণ শইকীয়া একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশ কৰ্মী৷