বিপুল কুমাৰ দত্ত ( Bipul Kumar Dutta) অসমৰ নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ এগৰাকী প্ৰগতিবাদী কবি আৰু অনুবাদক। তেওঁ অসমীয়া আৰু বাংলা ভাষাত সাহিত্য চৰ্চা কৰিছিল আৰু বাংলাদেশতো তেওঁৰ জনপ্ৰিয়তা আছিল। প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীৰ ১৩ জুন ২০২৫ত মৃত্যু হয়। তেওঁ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া আছিল।১
জন্ম আৰু শিক্ষা
বিপুল কুমাৰ দত্তৰ ১৯৬৯ চনৰ ১১ মে’ত নলবাৰীৰ নিজ পকোৱা গাঁৱত জন্ম হৈছিল।২ পিতৃৰ নাম মধুসুদন দত্ত আৰু মাতৃ মোক্ষদা দত্ত। দত্তই নলবাৰীৰ পকোৱা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অসম টেক্সটাইল ইনষ্টিটিউটৰ পৰা ডিপ্ল’মা লৈ চাকৰিত মকৰল হৈছিল।৩
সাহিত্যকৃতি
দত্তই অসমীয়া ভাষাৰ লগতে বাংলা ভাষাতো কবিতা লিখিছিল। প্ৰথম বাংলা ভাষাৰ কবিতা শাৰদীয় সংখ্যা “বৈজয়ন্তী’’ত প্ৰকাশ পায়। তেওঁ আনোৱাৰ হুছেইন মজুমদাৰ আৰু সুধন্য সিনহাৰ লগত “জাগৰণী’’ নামৰ ত্ৰিভাষিক আলোচনী প্ৰকাশ কৰে। তদুপৰি “শব্দশিল্প’’ নামেৰে অসমীয়া-বাংলা কবিতাৰ আলোচনী এখনো নিজ প্ৰচেষ্টাত উলিয়ায়।৪ বাওঁফালৰ ফুটপাথ(২০০০), মানুহ মাটি আৰু তৃতীয় বিশ্ব(১৯৯৮), আহত সময়ৰ গান(১৯৯৬), কবিৰ বেহেলা, আল্লা মেঘ দে আল্লা পানী দে, বিশ্বায়ন:দীঘ-বাণি আৰু দৰ-স্তৰ(২০০১-২০০২), ৰ’দ দি দি বৰষুণ(২০০৭)১৪ আদি কবিৰ উল্লেখযোগ্য কবিতা পুথি। বনকৰা ছোৱালী নামৰ কবিতাটি অতি জনপ্ৰিয় কবিতা।৫ শ্বহীদ ভগৎ সিং পত্ৰমালা (অনূদিত কবিতা পুথি, ১৯৯৯), বিংশ শতিকাৰ নিগ্ৰো কবিতা(১৯৯৯), ক্লাৰা জেটকিনেৰ দীৰ্ঘ সাক্ষাৎকাৰ (অনুবাদ, ২০০২), অনুচ্চাৰিত বৰ্ণমালা, “ছয়কুৰি অসমীয়া কবিতা’’ৰ বাংলা অনুবাদ প্ৰকাশ কৰিছিল।৪
সন্মান
কেইবাবাৰো বাংলাদেশৰ কবি সন্মিলনলৈ আমন্ত্ৰিত দত্তই ২০১৭ চনত বাংলাদেশত “কবিতা সংসদ সাহিত্য’’ পদক লাভ কৰে।৩ বাংলাদেশৰ টাঙ্গাইল সাহিত্য সংসদ, পাবনা সাহিত্য সংসদ, ঢাকাৰ জাতীয় প্ৰেছ ক্লাৱ আদিৰ পৰা তেওঁ বিশিষ্ট কবি-বক্তা হিচাপে আমন্ত্ৰণ পাই সন্মানিত হৈছিল। ত্ৰিপুৰাৰ ধৰ্মনগৰত, মুৰ্শিদাবাদৰ সালাৰত সন্মানিত হোৱাৰ উপৰি কোচবিহাৰৰ দিনহাটাত “বংগকণ্ঠ’’ সন্মান লাভ কৰিছিল। ২০১৪ চনত “গজালি সাহিত্য বঁটা’’ আৰু ২০১২ চনত সেউজী-সেউজীৰ দ্বাৰা “পাগলাদিয়াৰ শ্ৰেষ্ঠ কবি’’ৰ সন্মান লাভ কৰিছিল।
মন্তব্য
- কবি, অনুবাদক দত্ত অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ এগৰাকী সবল প্ৰতিনিধি আছিল।-(লুৰীণ জ্যোতি গগৈ, জগদীশ ভূঞা)৩
- কিছুমান মানুহ নমৰে, স্মৃতিত জীয়াই থাকে। তেনে এজন মানুহ আছিল বিপুল কুমাৰ দত্ত। (কমল কুমাৰ জৈন)৬
মৃত্যু
বিপুল কুমাৰ দত্তৰ ১৩ জুন ২০২৫ তাৰিখে শেষ ৰাতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।৪ মৃত্যুৰ সময়ত তেওঁৰ ৫৫ বছৰ বয়স আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু কন্যাক এৰি যায়।৭
তথ্যসূত্ৰ
- ↑ (২০২৫). বিশিষ্ট কবি অনুবাদক বিপুল কুমাৰ দত্তৰ বিয়োগ. দৈনিক জনমভূমি
- ↑ বাওফালৰ ফুটপাথৰ কবি বিপুল কুমাৰ দত্ত আৰু নাই
- ↑ (২০২৫). কবি অনুবাদক বিপুল কুমাৰ দত্তৰ মৃত্যু. আমাৰ অসম
- ↑ বসুৰায়, অন্বেষা. (২০২৫). প্ৰয়াত কবি অনুবাদক বিপুল কুমাৰ দত্ত. দৈনিক স্টেটসম্যান
- ↑ বিশিষ্ট কবি অনুবাদক বিপুল কুমাৰ দত্ত..
- ↑ (২০২৫). বিপুল কুমাৰ দত্তই কবিতাক জনমুখী কৰিব পাৰিছিল. দৈনিক অগ্ৰদূত
- ↑ (২০২৫). জানে মানে কবি বিপুল কুমাৰ দত্ত কা নিধন. দৈনিক পূৰ্বোদয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপুল কুমাৰ দত্ত” প্ৰবন্ধৰ সংশোধন ৫৩৪৫১২ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।