অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৱেশ শইকীয়া

ভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷

জন্ম আৰু পৰয়াল

১৯৩০ চনৰ ষোল্ল জানুৱাৰীত বোকাখাত চহৰৰ বিষ্ণুপুৰত ভৱেশ শইকীয়াৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম আছিল, খগেন্দ্ৰনাথ শইকীয়া আৰু মাকৰ নাম আছিল গুণৱতী শইকীয়া৷ ১৯৬৪ চনৰ ১২ মাৰ্চত তেওঁ বিয়া কৰায়, বোকাখাতৰ সমাজকৰ্মী চন্দ্ৰপ্ৰভাক৷ তেওঁলোকৰ চাৰিজন পুত্ৰ জন্ম হয়৷১

শিক্ষা

বোকাখাতৰ নামদৈফাং প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি ভৱেশ শইকীয়াই টেঙাখাত হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে আৰু যোৰহাট জে.বি. কলেজৰ পৰা আই.এ. পাছ কৰি শ্বিলঙলৈ পঢ়িবলৈ যায়৷ শ্বিলঙৰ ছেইণ্ট এণ্টনী কলেজৰ পৰা তেওঁ বি.এ. পাছ কৰে৷১

কৰ্মজীৱন

এণ্টনী কলেজত শিক্ষা গ্ৰহণ কৰি থকা সময়তে তেওঁ শ্বিলঙৰ “হেণ্ডলুম উইভিং অফিচ’ত কাৰ্যালয় সহকাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ ঘৰলৈ উভতি আহে আৰু ৰজাবাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে৷ পিছত, তাৰপৰা তেওঁ বোকাখাত উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু ১৯৯২ চনত সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷১

সাহিত্যকৰ্ম

স্কুলীয়া অৱস্থাৰ পৰাই সাহিত্য কৰ্মৰ সৈতে জড়িত থকা শইকীয়াই “ভ্ৰমৰ’’ নামৰ আলোচনীত প্ৰথম “কৃষক’’ নামেৰে এটি কবিতা লিখে৷ তাৰপিছত হাতেলিখা আলোচনী “উদয়’’, আৱাহন, ৰামধেনু, সাপ্তাহিক জনমভূমি, অসম বাণী আদি কাকত আলোচনীত কবিতাৰ উপৰি নানা বিষয়ৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল৷ “বহু মিশ্ৰিত সুৰ’’ তেওঁৰ প্ৰথম প্ৰকাশিত পুথি৷ তদুপৰি তেওঁ প্ৰায় ত্ৰিশখনৰো অধিক গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা কৰি প্ৰকাশ কৰে৷

সামাজিক কৰ্ম

ভৱেশ শইকীয়া বোকাখাত শাখা মইনা পাৰিজাতৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল৷২ তেওঁ মইনা পাৰিজাতৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰি “আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন’’ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু স্থানীয় বহু সংগঠনৰ বিভিন্ন পদবীৰ দায়িত্ব লৈ সামাজিক কৰ্মত নিয়োজিত হৈ আছিল৷১

বঁটা সন্মান

তেওঁ সদৌ অসম মইনা পাৰিজাতৰ পৰা ২০২০ চনত “শিশুবন্ধু’’ উপাধি লাভ৩ কৰাৰ উপৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনো লাভ৪ কৰিছিল৷ মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা, গোলাঘাট জিলা সাহিত্য সভাৰ শিক্ষা সাহিত্য বঁটা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা “জনতাৰ প্ৰহৰী’’ উপাধি আদি নানা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা নানা সন্মান-সম্বৰ্ধনা লাভ কৰিছিল৷১

তথ্যসূত্ৰ

  1. ↑ (২০২৩). সংবাদ জগতৰ পিতামহ ভৱেশ শইকীয়াৰ মহাপ্ৰয়াণ. ৰাইজৰ খবৰ. পৃ. ১
  2. ↑ গগৈ, সুৰেন্দ্ৰ নাথ. (২০২৩). চিন্তাবিদ, শিশুপ্ৰেমী “শিশুবন্ধু’’ বিয়োগত এক অপূৰণীয় ক্ষতি. ৰাইজৰ খবৰ
  3. ↑ মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি....
  4. ↑ বোকাখাতৰ ধনশিৰি ইক’ কেম্পত...

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱেশ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৯৫ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।