বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।১ তেওঁ ‘শৰাইঘাট অভিধান’ৰো সহযোগী সম্পাদক আছিল৷
শিক্ষা জীৱন
তেওঁ ভোমাৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰপৰা ১৯৬৮ চনত বৃত্তি লৈ বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ভৰ্তি হয় আৰু তাৰপৰাই ১৯৭৫ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয় শিক্ষা সমাপ্ত কৰি তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভৰ্তি হয় আৰু তাৰপৰা ১৯৮৩ চনত বৈদ্যুতিক অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
তেওঁ ১৯৮৩ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগ দিয়ে যদিও ১৯৮৪ চনত তেতিয়াৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত সহকাৰী অভিযন্তা হিচাপে যোগ দিয়ে আৰু ২০২০ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী কোম্পানী অসম বিদ্যুৎ বিতৰণ কোম্পানীৰপৰা মুখ্য মহা-প্ৰবন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰে।২১
সামাজিক জীৱন
তেওঁ চাকৰি জীৱনৰ মাজতে কালজয়ী সাহিত্যৰ অনুবাদ, গ্ৰন্থ আৰু বিজ্ঞান সম্পৰ্কীয় আলোচনীৰ সম্পাদনা, বিশিষ্ট সাহিত্যিকৰ সাহিত্যকৰ্মৰ সংকলন-সম্পাদনা, ভাষা আৰু বিষয়ভিত্তিক অভিধানৰ প্ৰণয়ন তথা সম্পাদনা, ছাত্ৰ-ছাত্ৰীৰ পঠন অভ্যাসৰ আলোচনা আৰু অন্যান্য সাহিত্যকৰ্মৰ লগতে বিশ্বপ্ৰসিদ্ধ বিজ্ঞানী, গণিতজ্ঞ, চিত্ৰশিল্পী, চলচ্চিত্ৰ-নিৰ্মাতাৰ জীৱনী ৰচনাৰ কাম কৰিছে। শ্ৰীমন্ত শংকৰদেৱ, সৌৰভ কুমাৰ চলিহা, দীনেশ চন্দ্ৰ গোস্বামী, ৰেৱতী মোহন দত্তচৌধুৰী, হীৰেন গোহাঁই আৰু ৰেণুকা দেৱী বৰকটকীৰ জীৱনীও ৰচনা কৰিছে।
স্বীকৃতি আৰু অন্যান্য
শৈক্ষিক ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সফলতাৰ বাবে তেওঁ বহুকেইটা বঁটা আৰু সন্মান লাভ কৰিছে। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা বাবে তেওঁ ১৯৭৬ চনত অসম মাধ্যমিক শিক্ষা পৰিষদৰপৰা সোণৰ পদকসহ মানপত্ৰ লাভ কৰিছে। আইনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতক পৰীক্ষাতো প্ৰথম স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল। আইনৰ স্নাতক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা বাবে শইকীয়াই ‘জৱাহৰলাল নেহৰু মেমৰিয়েল ফাণ্ড’ (নতুন দিল্লী, তিন মূৰ্তি ভৱন) বঁটা (১৯৯৪) লাভ কৰিবলৈ সমৰ্থ হৈছে। ১৯৯৭ চনত বৈদ্যুতিক অভিযন্তাৰ এটা পাঠ্যক্ৰমৰ বাবে ছুইডেন চৰকাৰৰপৰা ভাৰতৰ বাবে থকা একমাত্ৰ বৃত্তিটো লাভ কৰি সেইবছৰ শইকীয়াই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
সাহিত্য-কৰ্ম
মৌলিক গ্ৰন্থ
- পঢ়াৰ কথা (২০০৫), বান্ধৱ প্ৰকাশন
- ব্ৰহ্মাণ্ড – সৃষ্টি আৰু স্থিতি (২০০৮), অসম প্ৰকাশন পৰিষদ
- কেইগৰাকীমান মহান গণিতজ্ঞ(২০০৮), অসম জাতীয় বিদ্যালয়
- ন’বেলৰ দেশ ছুইডেনত এভূমুকি (২০০৯) বান্ধৱ, পানবজাৰ
- আপোনাৰ সন্তানে কেনেকৈ পঢ়িব? (২০০৯) ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- সৌৰভ কুমাৰ চলিহা (২০১০), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ৩
- শ্ৰীমন্ত শংকৰদেৱ (২০১০), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- Srimanta Sankardeva (২০১০) Bhabani Print & Publications
- ৰং তুলিকা জীৱন (২০১০) ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- How Your Child will Study? (২০১০), Bhabani Print & Publications
- প্ৰখ্যাত অস্কাৰশ্ৰেষ্ঠ চলচ্চিত্ৰ (২০১১), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- ভিন্ন ভাষাৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ (২০১৩), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ৪
- নিকোলা টেছলা (২০১৪), ডিব্ৰুগড় বিশ্ববিদ্যালয়
- কল্পবিজ্ঞান সাহিত্য(২০১৬), চন্দ্ৰ প্ৰকাশ
- যন্ত্ৰৰ চমু ইতিহাস (২০১৮), অসম জাতীয় বিদ্যালয়
- ড° দীনেশ চন্দ্ৰ গোস্বামী – বিজ্ঞান, সাহিত্য আৰু জীৱন (২০১৯), বান্ধৱ প্ৰকাশন
- ভাৰতীয় চলচ্চিত্ৰ – পুৰোধা নিৰ্মাতা আৰু সমান্তৰাল ধাৰা (২০২০), চন্দ্ৰ প্ৰকাশ
- Sweden – Its people and Electricity - A memoir (2020), বান্ধৱ প্ৰকাশন
- ড° হীৰেন গোহাঁই (জীৱনী) (২০২১),বান্ধৱ প্ৰকাশন
- ৰেণুকা দেৱী বৰকটকী – জীৱন আৰু কৃতি (২০২২) পূৰ্বায়ন প্ৰকাশন
- দেশ-বিদেশৰ প্ৰখ্যাত শিশু-চলচ্চিত্ৰ (২০২৩), পুথিতীৰ্থ প্ৰকাশন
- বিশ্বপ্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা (২০২৩), অসম প্ৰকাশন পৰিষদ
অনুবাদ গ্ৰন্থ
- কিম-ৰাডয়াৰ্ড কিপলিং (২০০৫) শৰাইঘাট প্ৰকাশন
- নাৱেৰে তিনিজন মানুহ (থ্ৰি মেন ইন এ ব’ট)- মূল লেখকঃ জেৰম কে জেৰম (২০০৬) শৰাইঘাট প্ৰকাশন
- প্ৰৱাল দ্বীপ (কৰেল আইলেণ্ড) – মূল লেখকঃ ৰবাৰ্ট মাইকেল বেলেণ্টাইন (২০০৬) শৰাইঘাট প্ৰকাশন
- জেৰমৰ মনোৰম গল্প - জেৰম কে জেৰম (২০০৭) শৰাইঘাট প্ৰকাশন
- ফজল আলী আহি আছে (ফজল আলী আসছে)– মূল লেখকঃ শীৰ্ষেন্দু মুখোপাধ্যায় (২০০৭)বনলতা, পানবজাৰ
- আনে কি ভাবে তোমাক কিয় লাগে- মূল লেখকঃ ৰিচাৰ্ড পি ফাইনমেন (২০০৮) বান্ধৱ প্ৰকাশন
- ৰজা আৰ্থাৰৰ কাহিনী – (টেলছ অব কিং আৰ্থাৰ)-মূল লেখকঃ ফেলিচিটি ব্ৰুকছ (২০০৮) শৰাইঘাট প্ৰকাশন
- সাহসী কেপ্তেইনসকল (কেপ্তেইনছ কাৰেজিয়াছ)- মূল লেখকঃ ৰাডয়াৰ্ড কিপলিং (২০০৮) শৰাইঘাট প্ৰকাশন৫
- ৰজা আৰ্থাৰৰ ৰাজসভাত এজন আমেৰিকান (এ কানেক্টিকাট ইয়াংকি ইন কিং আৰ্থাৰ্ছ কোৰ্ট)
- মাৰ্ক টোৱেইন (২০০৯) শৰাইঘাট প্ৰকাশন
- চয়তানৰ ৰাজকুমাৰ (লৰ্ড অব দা ফ্লাইজ)– মূল লেখকঃ উইলিয়াম গ’ল্ডিং (২০০৯) শৰাইঘাট প্ৰকাশন
- এজন অখ্যাত লোকৰ মৃত্যু (ডেঠ অব এ ন’ব’ডি) – মূল লেখকঃ জৰ্জ চিমেন (২০১২) বান্ধৱ প্ৰকাশন
- আইনষ্টাইনৰ সপোন (আইনষ্টাইনছ ড্ৰিমছ)– মূল লেখকঃ এলেন লাইটমেন (২০১৫)
- বিজ্ঞান, বিজ্ঞানী, বিজ্ঞানৰ অন্বেষণ আৰু প্ৰণোদন – অনুবাদ সংকলন,বান্ধৱ প্ৰকাশন
- জেণ্ডাৰ কাৰাবন্দী (দ্যা প্ৰিজনাৰ অব জেণ্ডা) – মূল লেখকঃ এণ্ঠনি হ’প (২০২০) শৰাইঘাট প্ৰকাশন
- টোপনি গধূৰ উপত্যকা আৰু অন্যান্য কাহিনী – মূল লেখকঃ ৱাছিংটন আৰভিং (২০২০) শৰাইঘাট প্ৰকাশন
- শক্তিশালী ব্যক্তিত্ব গঠন (বিল্ড ইয়ৰ পাৰ্ছনেলিটি’)- মূল লেখকঃ স্বামী পুৰুষোত্তমানন্দ (২০২১) ৰামকৃষ্ণ মিছন
সম্পাদনা/সংকলন
- বান্ধৱ (গ্ৰন্থ সম্পৰ্কীয় আলোচনী), বান্ধৱ প্ৰকাশন
- ফচল (ভবেন কুমাৰ বৰা ৰচনাসমগ্ৰ), ভবেন কুমাৰ বৰা স্মৃতিৰক্ষা সমিতি
- শৰাইঘাট (পূৰ্ণাংগ অসমীয়া অভিধান) সহযোগী সম্পাদক (মুখ্য সম্পাদক- ড° দীনেশ চন্দ্ৰ গোস্বামী), শৰাইঘাট প্ৰকাশন
- লিখা আৰু পঢ়াৰ কথা (সংকলক আৰু সম্পাদক), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- শীলভদ্ৰ - অন্যান্য ৰচনা, শীলভদ্ৰ অনুৰাগী সমাজ
- বিজ্ঞান সুৰভি (বিজ্ঞান আলোচনী)
- ড° দীনেশ চন্দ্ৰ গোস্বামী ৰচনা সমগ্ৰ (গল্প সমগ্ৰ), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- ড° দীনেশ চন্দ্ৰ গোস্বামী ৰচনা সমগ্ৰ (উপন্যাস সমগ্ৰ), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছ
- বিজ্ঞান অভিধান – ব্যাখ্যা লেখকৰ, অশোক বুক ষ্টল
- বিজ্ঞানৰ প্ৰগতি – সহকাৰী সম্পাদক, অসম প্ৰকাশন পৰিষদ
তথ্যসূত্ৰ
- ↑ অসমীয়া প্ৰতিদিন। বিশিষ্ট লেখক, অনুবাদক বিনয় মোহন শইকীয়াই জাতীয় বিদ্যালয়ৰ পুথিভঁড়াললৈ আগবঢ়ালে পাঁচ শতাধিক মূল্যৱান গ্ৰন্থ…
- ↑ ASSAM ELECTRICITY REGULATORY COMMISSION
- ↑ lসৌৰভ কুমাৰ চলিহা / Saurav Kumar Chaliha / Binoy Mohan Saikia.
- ↑ Bhinna bhashar biswasrestha chalachitra / Binoy Mohan Saikia.
- ↑ Sahosi keptainsakol / Rudyard Kipling; translated into Assamese by Binoy Mohan Saikia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনয় মোহন শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪২১৪৭৬ (২১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।