অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
মোহন দাস
মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
মোহন সোণোৱাল
মোহন সোণোৱাল (জন্ম-১৯৫১) টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু সাহিত্যিক।
-
য়ামিন হাজৰিকা
য়ামিন হাজৰিকা (Yamin Hazarika, ১৯৫৬ - ২৫ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা আইপিএছ বিষয়া। তেওঁক ১৯৭৯ চনত তেওঁ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল।
-
যোগেশ দেউৰী
ড° যোগেশ দেউৰী ( Dr. Jogesh Deuri) ভাৰতৰ অসমৰ এজন বিশিষ্ট এৰী তথা ৰেচম বিশেষজ্ঞ, গৱেষক আৰু প্ৰশাসক। তেওঁ অসমৰ এৰী, মুগা, পাট আৰু অন্যান্য থলুৱা ৰেচম পৰম্পৰাৰ বিকাশ আৰু প্ৰসাৰৰ অৱদানৰ বাবে পৰিচিত।
-
ললিত কুমাৰ বৰুৱা
ললিত কুমাৰ বৰুৱা অসমৰ এগৰাকী চিকিৎসক, সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ নিজৰ গ্ৰন্থ প্ৰকাশন আৰু ফাৰ্মাচী আছিল। বৰুৱাৰ প্ৰকাশনটোৰ নাম- ‘বিজয় প্ৰকাশ ভৱন’ আৰু ফাৰ্মাচীখনৰ নাম আছিল- ‘মাধৱদেৱ মেডিকেল হ’ল’। তেখেতেই নেতৃত্ব বহন কৰি নগাঁৱত হলধৰ ভূঞা সমন্বিতে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ জন্ম দিয়ে।
-
লীতুল গগৈ
মেজৰ লীতুল গগৈ ভাৰতীয় সেনাৰ এগৰাকী বিষয়া, যিয়ে জম্মু আৰু কাশ্মীৰত সংঘটিত দুটা বিতৰ্কিত ঘটনাৰ পিছত ব্যাপকভাৱে চৰ্চিত হৈছে। তেওঁ ২০১৭ চনৰ মানৱ ঢালৰ ঘটনা আৰু ২০১৮ চনৰ এটি হোটেল-ঘটনাত জড়িত আছিল, য'ত এজন অপ্ৰাপ্তবয়স্ক কাশ্মীৰী ছোৱালী যোগদান কৰিছিল বুলি অভিযোগ উঠিছিল।
-
শংকৰ জ্যোতি বৰুৱা
শংকৰ জ্যোতি বৰুৱা(Sankar Jyoti Baruah) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল। ২০২৪ ছেপ্তেম্বৰত এটি বিতৰ্কৰ পিছত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাত চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।
-
শুভংকৰ বৰুৱা
শুভংকৰ বৰুৱা (Shubhankar Baruah) অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান “বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷
-
শ্ৰুতিমালা দুৱৰা
শ্ৰুতিমালা দুৱৰা (Srutimala Duara) এগৰাকী অসমৰ লেখিকা আৰু গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা। লগতে শ্ৰুতিমালা দুৱৰা হৈছে এগৰাকী আবৃত্তিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত এগৰাকী।
-
সংগীতা বৰুৱা পিছাৰ'তি
সংগীতা বৰুৱা পিছাৰ'তি (Sangeeta Barooah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক।
-
সংযুক্তা পৰাশৰ
সংযুক্তা পৰাশৰ (Sanjukta Parashar) অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল।
-
সবিতা গোস্বামী
সবিতা গোস্বামী (Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।
-
সমীৰণ বৰদলৈ
সমীৰণ বৰদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্য, অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি, অসম সাঁতোৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদককে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
-
সাৰদা বেজবৰুৱা
সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ।
-
সীমান্ত ফুকন
সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক। বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে। ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট।
-
সুখ বৰুৱা
ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…
-
সুজিত দাস
সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।
-
সুজিতা দাস
সুজিতা দাস (Sujita Das) অসমৰ এগৰাকী অনাতাঁৰ ঘোষক (ৰেডিঅ’ জকি)। তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷ তেওঁ ৯২.৭ বিগ এফ এমৰ “দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি আছিল।
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।
-
সোণাৰাম বৰুৱা
সোণাৰাম বৰুৱা (ইংৰাজী: Sonaram Baruah, জন্ম ১৯৪৩) এগৰাকী সমাজহিতৈষী, অনুবাদক, সাহিত্যিক তথা শিক্ষাবিদ। বিভিন্ন প্ৰবন্ধ, নিবন্ধ, অনুবাদৰ সম্পৰীক্ষা তথা সাহিত্যৰ অৱদানৰ বাবে তেখেতক ২০২৪ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান “শিৱসাগৰ ৰত্ন” উপাধি প্ৰদান কৰা হয়।
-
স্বাতী কিৰণ
স্বাতী কিৰণ (Swati Kiran) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক, অনুবাদক। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক। গৰীয়সী, সাতসৰী, প্ৰকাশ আদিকে ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰায়বোৰ কাকত আলোচনীত স্বাতী কিৰণৰ প্ৰবন্ধ, সমালোচনা আৰু অনুবাদ গল্প আদি প্ৰকাশ পাইছে।
-
হৃদয় হাজৰিকা
হৃদয় হাজৰিকা (Hriday Hazarika, জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক…
-
হেমকান্ত শৰ্মা
হেমকান্ত শৰ্মা ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী আইনজীৱী, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক শিল্পী আছিল৷ তেওঁ নগাঁও জিলাৰ উল্লেখযোগ্য স্ত্ৰী শিক্ষানুষ্ঠান মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত আছিল৷ ২০০৪ চনত তেওঁৰ মৃত্যু হয়৷
-
হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা
হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা (১৮১৫-১৮৮৯) ঊনবিংশ শতিকাৰ এজন লেখক আৰু বুৰঞ্জী প্ৰণেতা। তেখেত প্ৰথম অসমীয়া আত্মজীৱনী ‘সদৰামীনৰ আত্মজীৱনী’ৰ লিখক। তদুপৰি তেওঁ বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ ৰচনা কৰিছে। তেওঁ অসমীয়া ভাষা-সাহিত্যত ‘সদৰামীন’ নামেৰে পৰিচিত।
-
হৰদত্ত চৌধুৰী
হৰদত্ত চৌধুৰী (Haradatta Choudhury) এগৰাকী বিদ্ৰোহী আছিল। তেওঁক বন্দী কৰি হত্যা কৰা আগলৈকে তেওঁ উত্তৰ কামৰূপত অতিশয় অত্যাচাৰ চলোৱা বৰকান্দাজ সেনাৰ সহায়ত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
-
হৰিভক্ত কটুৱাল
হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।
-
ৰত্নোত্তমা দাস বিক্ৰম
ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।
-
ৰথীন্দ্ৰ নাথ গোস্বামী
ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…
-
ৰবীন বৰ
ৰবীন বৰ (Rabin Bar) অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে 'জি টিভি' ৰ 'চাব্বাছ ইণ্ডিয়া' শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে।
-
ৰমেশ চন্দ্ৰ কলিতা
ৰমেশ চন্দ্ৰ কলিতা (Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক আৰু সম্পাদক। তেওঁ ভাৰত আৰু অসমৰ ইতিহাস বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেতে তেজপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।