অসমৰ চৰাই
১৩৬ প্ৰবন্ধ
-
সখিয়তী
সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
-
সোণ বাঢ়ৈটোকা
সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু…
-
ৰাজ ভাটৌ
ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি।
-
ৰাজধনেশ
ৰাজধনেশ বা বৰ ধনেশ (Buceros bicornis) ধনেশ পক্ষী পৰিয়ালৰ এটা ডাঙৰ চৰাই। ইয়াক ইংৰাজীত 'গ্ৰেট হৰ্ণবিল' (Great hornbill) বুলি জনা যায়। এই চৰাইবিধ ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। ই মূলতঃ ফল-মূল খায়। ইয়াৰ উপৰি ই সৰু স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু সৰু চৰাই চিকাৰ কৰে।
-
ৰামপৰা
ৰামপৰা (Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
-
উকাহ
উকাহ (Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি। অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
কমলা-বুকুৰ হাইঠা
কমলা-বুকুৰ হাইঠা, (Orange-breasted Green Pigeon, বৈজ্ঞানিক নাম-Treron bicinctus) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷
-
কাকৈশিৰা
কাকৈশিৰা বা গোবৰ খোচৰা(Hoopoe;; বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা (sunbathe) দেখা যায়।
-
কাঠনি বোৱাৰী
কাঠনি বোৱাৰী ( Red-headed Trogon), কাঠনি বোৱাৰী বা ৰঙামূৰীয়া ট্ৰোগন ট্ৰোগনিডি গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত হাৰ্পাক্টিস গণৰ সুন্দৰ, জুইৰঙী এটি চৰাই। কাঠনি ৱোৱাৰীৰ বৈজ্ঞানিক নামৰ অৰ্থ ৰঙামূৰীয়া ফলচোৰ (গ্ৰিক: harpactes = ফলচোৰ; eruthro = ৰঙা; kephalos = মূৰ)।
-
কুৰুৱা
কুৰুৱা (Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে ।
-
গঙাচিলনী
গঙাচিলনী (Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। পাকিস্তানৰ পৰা পূবে ভাৰতীয় উপমহাদেশৰ মাজেৰে ম্যানমাৰ, থাইলেণ্ড আৰু কম্বোডিয়ালৈকে অন্তৰ্দেশীয় নদীৰ কাষৰ ই বাসিন্দা আৰু প্ৰজননকাৰী, য'ত ই সহজলভ্য নহয়৷ বেছিভাগ ষ্টেৰ্না টাৰ্ণৰ দৰে ইয়াক প্ৰায়…
-
জিঞাখাটী
জিঞাখাটী (Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
-
দীঘলনেজী
দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…
-
দেওৰাজ হাঁহ
দেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
-
দৈকলা
দৈকলা(Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
ধৃতিৰাজ
ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
-
বনচিৰিকা
বনচিৰিকা ( Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা…
-
বামুণ বগলী
বামুণ বগলী (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷
-
বাৰীসুন্দৰী
বাৰীসুন্দৰী(Asian Paradise Flycatcher, বৈজ্ঞানিক নাম-Terpsiphone paradisi) এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়।
-
বৰহাইঠা
বৰহাইঠা (Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।
-
বৰীশেন
{{Taxobox | name = বৰীশেন (Shikra) | status = LC | status_system = IUCN3.1 | status_ref = | image = Shikra1.jpg|Shikra (Male) | image_caption = Adult male (dussumieri) | regnum = Animalia | phylum = Chordata | classis = Aves | ordo = Falconiformes | familia = Accipitridae | genus = Accipiter |…
-
মণিয়ৰি
মণিয়ৰি (Darter, বৈজ্ঞানিক নাম: Anhinga melanogaster) এবিধ ডাঙৰ আকৃতিৰ জলত চৰি ফুৰা চৰাই।
-
সাতভনী
সাতভনী বা বাৰীলোটা (Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম…
-
সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
-
ৰঙামূৰীয়া বাঢ়ৈটোকা
ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
-
ইটাগুৰীয়া
ইটাগুৰীয়া (Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
-
ক'লা আকুহী বগ
ক'লা আকুহী বগ (Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷
-
কাউচা
কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
-
কুৰুলী ফেঁচা
কুৰুলী ফেঁচা (Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়।
-
কেঁচুখাটী
কেঁচুখাটী(Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।